তিনিচুকীয়া : ৰঙালীৰ আনন্দত মতলীয়া ৰাজ্যবাসী । আজি ব'হাগ মাহৰ ২ তাৰিখ । বিভিন্ন স্থানত গোঁসাই বিহুৰ আয়োজন কৰা হৈছে । পিছে এই ক্ষেত্ৰত সম্পূৰ্ণ পৃথক অসমৰ মৰাণ জনগোষ্ঠী । মৰাণ জনগোষ্ঠীয়ে আজি অৰ্থাৎ বুধবাৰে আয়োজন কৰিছে গৰু বিহু ।
মৰাণ বিহু আৰম্ভ
উল্লেখ্য যে অসমৰ অন্যতম ভূমিপুত্ৰ মৰাণ জনগোষ্ঠী ৷ অতীতৰে পৰা লুইতৰ সভ্যতা-সংস্কৃতিৰ সৈতে কান্ধত সংস্কৃতিৰ মেটমৰা বোজা বহন কৰি অহা মৰাণসকলে ব'হাগ মাহৰ প্ৰথম মঙলবাৰে উৰুকা, বুধবাৰে গৰু বিহু আৰু বৃহস্পতিবাৰে মানুহ বিহু পালন কৰি আহিছে । যি জনগোষ্ঠীটোৰ লোক-সংস্কৃতিৰ অন্যতম শ্রেষ্ঠ সম্পদ হিচাপে পৰিগণিত হৈছে । মৰাণসকলে পৰম্পৰাগতভাৱে পালন কৰি অহা এই ৰঙালী বিহুৰ দ্বাৰাই জনগোষ্ঠীটোৰ চাৰিত্ৰিকভাৱে নৃ-গোষ্ঠীয় একক পৰিচয় বহন কৰি আহিছে । প্ৰাক-ঐতিহাসিক কালৰে পৰা শাক্ত আৰু পৰৱৰ্তী সময়ত নৱ বৈষ্ণৱবাদত বিশ্বাসী হৈ পৰা মৰাণসকলৰ সমগ্ৰ সমাজ ব্যৱস্থাত নিহিত হৈ থকা জনজাতীয় জীৱন সত্তাৰ উপাদানৰ অন্যতম চানেকিয়ে হৈছে 'মৰাণ বিহু'।

আজি যিহেতু ব'হাগ মাহৰ প্ৰথমটো বুধবাৰ সেইবাবে ৰাজ্যৰ বিভিন্ন প্ৰান্তত থকা মৰাণ জনগোষ্ঠীৰ লোকসকলে পৰম্পৰা ৰক্ষা কৰি পালন কৰিছে গৰু বিহু । মৰাণ বসতিপ্ৰধান স্থান তিনিচুকীয়া জিলাৰ কাকপথাৰৰ তেজীগাঁৱত স্থানীয় মৰাণ জনগোষ্ঠীৰ লোকসকলে একত্ৰিত হৈ পৰম্পৰাগতভাৱে মাহ হালধিৰে গৰুক গা ধুৱায় ৷ আন জনগোষ্ঠীৰ দৰেই লাও, বেঙেনা, থেকেৰা আদি গৰুৰ গালৈ দলিয়াই এনেদৰে গাই-"লাও খা বেঙেনা খা, বছৰে বছৰে বাঢ়ি যা, মাৰে সৰু বাপেৰ সৰু তই হবি বৰ গৰু।" একেদৰে গৰুক দীঘলতি, মাখিয়তীৰে কোবাই গাৰ পৰা মাখি খেদাই সুস্বাস্থ্য কামনা কৰে ।

হাতী ধুওৱা পৰম্পৰা
মৰাণ জনগোষ্ঠীৰ অধিকাংশ লোক যিহেতু কৃষিৰ ওপৰত নিৰ্ভৰশীল সেয়ে তেওঁলোকে গৰুৰ লগতে ম'হৰো গা ধুৱায় । লক্ষণীয়ভাৱে কেৱল গৰু, ম'হ নহয় মৰাণ জনগোষ্ঠীটোৱে হাতীকো গা ধুৱাই আৰু মৰাণ বিহুনাম জুৰি ৰঙালী বিহুটিক আদৰণি জনায় ।

ইফালে স্থানীয় লোকসকলৰ সৈতে কাকপথাৰত গৰু বিহুৰ পৰম্পৰাত ভাগ ল'লে শদিয়াৰ বিধায়ক বলিন চেতিয়াই । মৰাণ জনগোষ্ঠীৰ ডেকা-বুঢ়াৰ সৈতে এপাক নাচিলে বিধায়কগৰাকীয়ে । লগতে পৰম্পৰাগত কণী যুঁজতো অংশ ল'লে বিধায়কগৰাকীয়ে ।

মৰাণ জনগোষ্ঠীৰ কেইবাটাও দল-সংগঠনৰ যৌথ প্ৰচেষ্টাত তেজীগাঁৱৰ ৰাইজে একত্ৰিত হৈ গৰু বিহু পালন কৰা স্থলীৰ পৰাই বিধায়ক বলিন চেতিয়াই সকলোকে বিহুৰ শুভেচ্ছা জনালে ৷ মৰাণ জনগোষ্ঠীৰ এগৰাকী নেতাই কয়, "আজি গৰুক গা ধুওৱাৰ পাছত সন্ধিয়া ৰাইজে গৰুক ঘিলা পিঠা খোৱাব ৷ সন্ধিয়া গৰুক কলপাতত বান্ধি ঘিলা পিঠা খোৱাব আৰু তাৰ পাছতহে কাইলৈ পুৱা মানুহে খাব ৷ এয়া হৈছে মৰাণ জনগোষ্ঠীৰ পৰম্পৰা । লগতে কৃষিকাৰ্যত ব্যৱহাৰ কৰা নাঙল, যুঁৱলি, কোৰ আদি সকলো সজুঁলি ধুই পিঠা খোৱাই ।" ইফালে বুধবাৰৰ পৰা আৰম্ভ হোৱা মৰাণ বিহুৰ পাছত সন্ধিয়া গৃহস্থৰ চোতালে চোতালে হুঁচৰি জুৰিব গাঁৱৰ ডেকা-গাভৰুসকলে ।
লগতে পঢ়ক :বিশ্ব কণ্ঠ দিৱস আৰু ইয়াৰ তাৎপৰ্য - WORLD VOICE DAY 2025