ETV Bharat / state

পালছাৰৰ পৰা আৰম্ভ কৰি স্কুটীলৈকে: উদ্ধাৰ ১১ খন দুচকীয়া বাহন - BIKE THIEF ARRESTED IN GUWAHATI

বাইকচোৰৰ বিৰুদ্ধে মহানগৰ আৰক্ষীৰ অভিযান । আৰক্ষীৰ জালত ৪ টাকৈ বাইক চোৰ ।

Garhchuk police arrest 4 bike thieves, seized 11 two-wheelers
আৰক্ষীৰ জালত পৰিল ৪ বাইক চোৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : March 18, 2025 at 9:31 PM IST

2 Min Read

গুৱাহাটী: বাইকচোৰৰ বিৰুদ্ধে মহানগৰ আৰক্ষীয়ে অব্যাহত ৰাখিছে ধাৰাবাহিক অভিযান । সোমবাৰে দিছপুৰ আৰক্ষীয়ে ১৩ খন চুৰি বাইকৰ লগতে বিলাসী বাহন উদ্ধাৰ কৰাৰ পিছতে পুনৰ মঙলবাৰে গুৱাহাটীত চুৰি বাইক উদ্ধাৰ কৰিছে আৰক্ষীয়ে । এইবাৰ গড়চুক আৰক্ষীয়ে ১১খনকৈ দুচকীয়া চুৰি বাহন উদ্ধাৰ কৰিবলৈ সক্ষম হয় । লগতে গড়চুক আৰক্ষীৰ জালত পৰে বাইক চোৰৰ গেংটো ।

আৰক্ষীৰ জালত পৰা ৪ টা বাইক চোৰকেইটা ক্ৰমে ইমান আলী, জুবিন বৰা, গকুল শালৈ আৰু সত্যজিত কলিতা । লগতে আৰক্ষীয়ে উদ্ধাৰ কৰা বাইকৰ ভিতৰত আছে ৩ খন গ্লেমাৰ বাইক, দুখন পালছাৰ বাইক, ৩খন ছুপাৰ স্প্লেণ্ডাৰ, দুখন স্প্লেণ্ডাৰ আৰু এখন স্কুটী ।

আৰক্ষীৰ জালত পৰিল ৪ বাইক চোৰ (ETV Bharat Assam)

এই সম্পৰ্কত মঙলবাৰে সংবাদ মাধ্যমত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি গড়চুক থানৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিক্ৰম বসুমতাৰীযে কয়, "এই অভিযানটো মহানগৰ আৰক্ষী আয়ুক্তৰ নেতৃত্বত যোৱা নিশা চলিছিল । ছয়গাঁৱৰ বাটাৰকুছি, বিজয় নগৰ আৰু ঝাৰুবাৰীত চলিছিল এই অভিযানটো । য'ত আমি ১১ খনকৈ বাইক উদ্ধাৰ কৰো । ইয়াৰে এখন গড়চুক থানাৰ অধীনৰ পৰা চুৰি হৈছে, বাকী ১০ খনৰ খবৰ কৰি থকা হৈছে । গোটেই ঘটনাৰ লগত জড়িত ৪ জনক গ্ৰেপ্তাৰ কৰিছো ।"

ইফালে উদ্ধাৰ কৰা বাহন কেইখনৰ নম্বৰ হ'ল AS25 U3689, AS01 BH8524, AS01 EF6091, AS01 AJ1539, AS01 BD6960, AS01 BD6960, AS01 M8308, AS01 AV1134, AS25 D4794, AS01 DW8584, AS01 BG4819, AS25 E3809 । উল্লেখ্য যে সোমবাৰেও দিছপুৰ আৰক্ষীয়ে উদ্ধাৰ কৰিছিল ১৩খন বাইক । লগতে গ্ৰেপ্তাৰ কৰিছিল ১১টাকৈ মণিপুৰৰ কুখ্যাত বাইক চোৰক ।

লগতে পঢ়ক: বিশ্বাস কৰিবনে ? বিমানেৰে মণিপুৰৰ পৰা চোৰ আহে গুৱাহাটীত চুৰি কৰিবলৈ - BIKE THIEF ARRESTED IN GUWAHATI

ৰাইডাৰ ননী গ্ৰুপৰ সদস্যৰ বাইক চুৰি; মূল অভিযুক্তক গ্ৰেপ্তাৰ - RIDER NONI BIKE THEFT CASE

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.