ETV Bharat / state

উদ্বেগকজন: বৰাক নদী বিলুপ্ত দিশে ডলফিনৰূপে জনাজাত শিহু: বিশেষজ্ঞৰ মতে জলবায়ু পৰিৱৰ্তনৰ ফল

পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰণালয় আৰু ভাৰতৰ বন্যপ্ৰাণী প্ৰতিষ্ঠানৰ ৰিভাৰ ডলফিন অৱ ইণ্ডিয়া ২০২৪ শীৰ্ষক প্ৰতিবেদনত প্ৰকাশ পাইছে এই তথ্য ।

Etv Bharat
Etv Bharat (Etv Bharat)
author img

By ETV Bharat Assamese Team

Published : March 9, 2025 at 2:13 PM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী: অসমৰ বৰাক নদীত শূন্য হৈ পৰিছে ৰিভাৰ ডলফিনৰূপে জনাজাত শিহু । এই তথ্য প্ৰকাশ কৰিছে পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰণালয় (Ministry of environment, forest and climate change) আৰু ভাৰতৰ বন্যপ্ৰাণী প্ৰতিষ্ঠান (The wildlife institute of India) ৰ ৰিভাৰ ডলফিন অৱ ইণ্ডিয়া ২০২৪ ৰ (River Dolphins in India, 2024) শীৰ্ষক প্ৰতিবেদনত । এই উদ্বেগজনক তথ্য দেখুৱাইছে যে অসমৰ নদীসমূহ জলবায়ু পৰিৱৰ্তনৰ কৱলত এক প্ৰকাৰ পৰিছে ।

উল্লেখ্য যে এই প্ৰতিবেদন মতে, দেশৰ ২৮ খন শিহু পোৱা নদীত অধ্যয়ন কৰা হৈছিল । এই অধ্যয়নত দেশৰ ৮ খন ৰাজ্যত ৬৩২৭ টা শিহুৰ সন্ধান পোৱা গৈছিল ।

GANGES RIVER DOLPHIN
River Dolphins in India, 2024 ৰ প্ৰতিবেদন (ETV Bharat Assam)
  • River Dolphins in India, 2024 অনুসৰি বিভিন্ন ৰাজ্যত পোৱা শিহুৰ সংখ্যা
GANGES RIVER DOLPHIN
বিভিন্ন ৰাজ্যত পোৱা শিহুৰ সংখ্যা (ETV Bharat Assam)

এই অধ্যায়ৰ জড়িত থকা বিশিষ্ট পৰিৱেশ বিজ্ঞানী ড৹ আব্দুল ৱাকিদে কয়, "মণিপুৰৰ সীমান্তৰ পৰা বাংলাদেশ সীমান্তলৈ অসমৰ মাজেৰে যোৱা বৰাক নদীত কোনো শিহুৰ সন্ধান পোৱা যোৱা নাই । বৰাক নদীত এসময়ত শিহু আছিল । কিন্তু ১৯৮০ চনৰ পৰা বৰাক নদীত শিহুৰ অৱস্থিতি হ্ৰাস পায় আহিছে । এতিয়া শেহতীয়া অধ্যয়নত বৰাকত অধ্যয়নত শিহু বিলুপ্তপ্ৰায় ।" তেওঁ কয়, "ইয়াৰ কাৰণ বহুত হ'ব পাৰে । নদীৰ গভীৰতা হ্ৰাস পাইছে । জলবায়ু পৰিৱৰ্তনো অন্য এক কাৰণ ।"

ড৹ আব্দুল ৱাকিদে আৰু কয়, "অসমৰ বৰাক নদীৰ বাহিৰে বাকী যিবোৰ নদীত শিহুৰ সংখ্যা প্ৰায় স্থিতিশীল হৈ আছে । বৃদ্ধি হোৱা নাই, বৰ বিশেষ হ্ৰাসো হোৱা নাই ।"

  • River Dolphins in India, 2024 অনুসৰি অসমৰ আন আন নদীত পোৱা শিহুৰ সংখ্যা (বৰ্ষ অনুসৰি)
GANGES RIVER DOLPHIN
অসমৰ আন আন নদীত পোৱা শিহুৰ সংখ্যা (বৰ্ষ অনুসৰি) (ETV Bharat Assam)

একেদৰে, কপিলী নদীত যোৱা ১৫ বছৰত ৫ ৰ পৰা ১০ টা শিহুৰ সন্ধান পোৱা গৈছে । বেকী নদীতো একেধৰণে ৪ ৰ পৰা ১০ টা শিহুৰ সন্ধান পোৱা গৈছে । ড৹ আব্দুল ৱাকিদে কয়, "অসমৰ বৰাক নদীৰ বাহিৰে বাকীবোৰ নদীত শিহুৰ সংখ্যা বছৰি সলনি হৈ আছে যদিও নদীকেইখনত শিহু বিলুপ্তপ্ৰায় হোৱা নাই ।" উল্লেখ্য যে ভাৰত চৰকাৰে ২০০৯ চনৰ ৫ অক্টোবৰত জাতীয় জলচৰ প্ৰাণী হিচাপে স্বীকৃতি দিয়া শিহুৰ প্ৰজাতি সংৰক্ষণৰ‌ প্ৰয়োজন । ১৯৯৬ চনত আন্তৰ্জাতিক পৰিবেশ সংৰক্ষণ পৰিষদে শিহুক বিলুপ্তপ্ৰায় জীৱৰূপে স্বীকৃতি দিছে ।

লগতে পঢ়ক: আদৰ্শগাঁৱত জিলিকিছে নৈপৰীয়া সংস্কৃতি আৰু কুমাৰ শিল্প