ETV Bharat / state

জনতাৰ বাবে গীত গাই গাই গুচি গ’ল গণশিল্পী

সকলোকে কন্দুৱাই অজান দেশলৈ গুচি গ’ল আজীৱন পীড়িত মানুহৰ বাবে গান গোৱা সূৰ্য দাস ।

Surya Das
গণশিল্পী সূৰ্য দাস আৰু নাই (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : December 21, 2024 at 12:55 PM IST

3 Min Read
Choose ETV Bharat

মৰিগাঁও :

"মানুহ দেখিছো আজি

বহুত মানুহ

কথাৰ সিন্ধু মথি

অমৃত শুহি খোৱা ভণ্ড মানুহ..."

গণশিল্পী সূৰ্য দাস আৰু নাই (ETV Bharat Assam)

শাসকৰ অত্যাচাৰ, উৎপীড়ণ, প্ৰৱঞ্চনাৰ বিৰুদ্ধে যেতিয়াই জনতা ৰাজপথলৈ ওলাই আহে, তেতিয়াই ক্ষুব্ধ জনতাৰ কাষত থিয় দিছিল এই মানুহজনে ৷ সেয়েহে তেওঁ আছিল জনতাৰ শিল্পী ৷ কিন্তু শনিবাৰে যেন সেইগৰাকী জনতাৰ শিল্পীয়ে সৃষ্টি কৰি থৈ যোৱা এটা যুগৰ পৰিসমাপ্তি ঘটিল । সকলোকে কন্দুৱাই অজান দেশলৈ গ’লগৈ বিশিষ্ট সংগীত শিল্পী-গণশিল্পী সূৰ্য দাস ৷ শনিবাৰে পুৱা মৰিগাঁও জিলাৰ ধৰমতুলত তেওঁৰ কন্যাৰ গৃহত গণশিল্পীগৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰে ।

পৰিয়ালৰ লোকে জনোৱা মতে, বিগত বহ দিন ধৰি হৃদৰোগত আক্ৰান্ত হৈ আছিল শিল্পীগৰাকী । আজি পুৱা নিত্যকৰ্মৰ বাবে গা-ধোৱা ঘৰলৈ যাওঁতেই তাতে পিছল খাই পৰি অচেতন হৈ পৰিছিল শিল্পীগৰাকী । তাৰ পিছতে শিল্পীগৰাকীক ততাতৈয়াকৈ মৰিগাঁও অসামৰিক চিকিৎসালয়লৈ লৈ অনা হয় যদিও আদবাটতে তেওঁৰ মৃত্যু ঘটে ৷

Surya Das
ভণ্ড মানুহ চিনি পোৱা মানুহজন গ’লগৈ... (ETV Bharat Assam)

মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 86 বছৰ ৷ মানুহৰ বাবে গান গোৱা গণশিল্পী সূৰ্য দাসে মৃত্যুৰ সময়ত একমাত্ৰ পুত্ৰ, দুই কন্যাসহ বহু আত্মীয়ক এৰি অজান দেশলৈ গুচি যায় । 1940 ৰ 31 জুলাইত নগাঁৱৰ কামপুৰত জন্মগ্ৰহণ কৰা সূৰ্য দাসে গুৱাহাটীৰ বি বৰুৱা মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিছিল ৷

ওৰেতো জীৱন তেওঁ নতুন সূৰ্য, ৰঙা সূৰ্য, পেলেষ্টাইন, তুমি অসমৰ, মানুহ দেখিছো আজি, মোৰ এই মাটিয়েই ঘৰ, কত বসন্ত কৰিলো অন্ত আদি এলবাম আৰু গীতেৰে জনতাক জাগ্ৰত কৰিবলৈ চেষ্টা কৰিছিল । গণশিল্পীগৰাকীৰ মৃত্যুত সমগ্ৰ সাংস্কৃতিক ক্ষেত্ৰত এক শোকৰ ছাঁ পৰে ।

মৰিগাঁও অসামৰিক চিকিৎসালয়তে মৰিগাঁৱৰ জিলা আয়ুক্ত দেৱাশীষ শৰ্মা, বিধায়ক ৰমাকান্ত দেউৰী, আছুৰ কৰ্মকৰ্তা, বিভিন্ন দল-সংগঠন, সংবাদকৰ্মী আৰু মৰিগাঁওবাসী ৰাইজ উপস্থিত হৈ তেখেতৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।

আনহাতে, জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই জানিবলৈ দিয়া মতে, শিল্পীগৰাকীৰ নশ্বৰ দেহ মৰিগাঁৱৰ পৰা গুৱাহাটীলৈ লৈ যোৱা হ’ব । গুৱাহাটীতে সংগীত সমাজ, তেওঁৰ আত্মীয়-কুটুম আৰু অনুৰাগীৰ উপস্থিতিত শেষকৃত্য সম্পন্ন কৰা হ’ব ৷

ইফালে গণশিল্পী সূৰ্য দাসৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে X যোগে এটা পোষ্ট কৰিছে ৷ পোষ্টটোত তেওঁ লিখে -

‘‘মানুহ দেখিছো আজি বহুত মানুহ..."

উদাত্ত কণ্ঠেৰে জনমুখী গীত পৰিৱেশনেৰে জাতীয় চেতনাক জাগ্ৰত কৰাত প্ৰখ্যাত সংগীতশিল্পী সূৰ্য দাসদেৱে এক সবল ভূমিকা পালন কৰিছিল । তেখেতৰ কণ্ঠৰ মাধুৰ্য আৰু গীতৰ প্ৰাসংগিকতা সজীৱ হৈ থাকিব । সূৰ্য দাসদেৱৰ বিয়োগ অসমৰ সংগীত জগতৰ লগতে সমাজ জীৱনৰ বাবেও এক অপূৰণীয় ক্ষতি । তেখেতৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰি বিদেহ আত্মাৰ সদ্গতি কামনা কৰিলোঁ আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গ তথা গুণমুগ্ধসকললৈ মোৰ তৰফৰপৰা গভীৰ সমবেদনা জনালোঁ । ওঁম শান্তি !

লগতে পঢ়ক : ইহ সংসাৰৰ পৰা বিদায় মাগিলে বিশিষ্ট সন্তুৰবাদক পংকজ শৰ্মাই

লগতে পঢ়ক : এক অজান দেশলৈ গুচি গ’ল বিস্ময় যুগৰ স্ৰষ্টা শশী ফুকন