ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন ফুটবলাৰ তচেন বড়াৰ - Footballer Tosen Bora passes away
Last tribute to Footballer Tosen Bora: এসময়ত অসম ফুটবল দলৰ অধিনায়ক আছিল তেওঁ । গোৱাত অনুষ্ঠিত সন্তোষ ট্ৰফীত অসমক প্রতিনিধিত্ব কৰিছিল এইগৰাকী ফুটবলাৰে । ষাঠী-সত্তৰ দশকত অসম কঁপোৱা এইগৰাকী বিখ্য়াত ফুটবলাৰে সকলোকে কন্দুৱাই গুচি গ'ল অজান দেশলৈ ।

Published : September 14, 2024 at 8:14 PM IST
|Updated : September 14, 2024 at 9:11 PM IST
তিনিচুকীয়া, ১৪ ছেপ্টেম্বৰ: এগৰাকী ৰাষ্ট্ৰীয় খ্য়াতিসস্পন্ন ফুটবলাৰক হেৰুৱালে ৰাজ্যবাসীয়ে । অসম ফুটবল দলৰ প্ৰাক্তন অধিনায়ক তচেন বড়াই আজি জীৱন নাটৰ সামৰণি মাৰিলে । ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত শনিবাৰে পুৱতি নিশা ৩.৩৬ বজাত শেষ নিশ্বাস ত্যাগ কৰে এইগৰাকী ফুটবলাৰে । যোৱা ৭ ছেপ্টেম্বৰত উচ্চ ৰক্তচাপত আক্ৰান্ত হৈ অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছিল তচেন বড়া ।
ৰাষ্ট্ৰীয় ফুটবলাৰগৰাকীৰ মৃত্যু ক্ৰীড়া ক্ষেত্ৰখনৰ বাবে অপূৰণীয় ক্ষতি হিচাপে বিবেচিত হৈছে । ডিব্ৰুগড় জিলাৰ নাহৰকটীয়াৰ নিবাসী বিশিষ্ট ক্ৰীড়া সংগঠক, ফুটবলাৰ তচেন বড়াৰ দেহাৱসানে শোকস্তব্ধ কৰিছে ৰাজ্যবাসীক । মৃত্যুৰ পাছতে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ৰ পৰা তেওঁৰ নশ্বৰদেহ ডিব্ৰুগড়ৰ জালান নগৰ আউটড'ৰ ষ্টেডিয়ামলৈ অনা হয় । তাত ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাই ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ পিচত এখন পুষ্পসজ্জিত বাহনত নশ্বৰদেহ নাহৰকটীয়া ক্ৰীড়া সন্থাৰ খেলপথাৰলৈ লৈ নিয়া হয় ।
- ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন:
নাহৰকটীয়া ক্ৰীড়া সন্থাৰ খেলপথাৰত নাহৰকটীয়া ক্ৰীড়া সন্থাকে ধৰি ৩৬ টাকৈ দল-সংগঠনৰ লগতে শতাধিক অনুষ্ঠান-প্ৰতিষ্ঠানে শেষশ্ৰদ্ধা জ্ঞাপন কৰে খেলুৱৈগৰাকীক । ইয়াৰ পাছতে ডিব্ৰুগড়ৰ জিলা আয়ুক্ত বিক্ৰম কৈৰী, আৰক্ষী অধীক্ষক ভি ভি ৰাকেশ ৰেড্ডী, বিধায়ক তৰংগ গগৈ,নাহৰকটীয়াৰ চক্ৰ বিষয়া শৰৎ গগৈৰ উপস্থিতিত নাহৰকটীয়াৰ ৰাঙলী পথাৰ ৰাজহুৱা খেলপথাৰত ৰাজ্যিক মৰ্যাদাৰে তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হয় ।
অসম ফুটবল দলৰ প্ৰাক্তন অধিনায়ক তথা ৰাষ্ট্ৰীয় ফুটবল খেলুৱৈ তচেন বড়াৰ ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন কৰা অনুষ্ঠানত অংশগ্ৰহণ কৰিলে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা কেইবা হাজাৰ লোকে ।
- ক্ৰীড়া ক্ষেত্ৰলৈ অৱদান:
সৰুৰে পৰাই ফুটবল খেল ভাল পোৱা তচেন বড়াই বিদ্যালয় পৰ্যায়ৰ পৰাই ফুটবল খেলিছিল । ১৯৬৪-৬৭লৈ অসম স্কুল দল আৰু ১৯৬৫-৬৮লৈ অসম জুনিয়ৰ দলৰ অধিনায়কৰ দায়িত্ব লাভৰ সুযোগ লাভ কৰিছিল । ১৯৬৮ চনত ডিব্ৰুগড বিশ্ববিদ্যালয় ফুটবল দল, ১৯৬৯-৭৩ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ফুটবল দলত দুবাৰকৈ অধিনায়ক হোৱাৰ লগতে ১৯৭১ চনত পূব মণ্ডলৰ চেম্পিয়ন আৰু সৰ্বভাৰতীয় আন্তঃবিশ্ববিদ্যালয়ৰ ফুটবল প্রতিযোগিতাত ৰানাৰ্ছ আপৰ খিতাপ অর্জন কৰিছিল তচেন বড়াৰ দলটোৱে ।
১৯৭২ চনত গোৱাত অনুষ্ঠিত সন্তোষ ট্ৰফীত অসমক প্রতিনিধিত্ব কৰা তচেন বড়াই প্রি-অলিম্পিক ফুটবলত অংশগ্রহণ কৰা প্ৰথমগৰাকী অসমীয়া খেলুৱৈ হিচাপে ভাৰতীয় দললৈ নিৰ্বাচিত হৈছিল । নাহৰকটীয়া সমষ্টিৰ ৰাঙলী পথাৰৰ নিবাসী তচেন বড়াই গুৱাহাটী বিশ্ববিদ্যালয়ৰ ফুটবল দলৰো অধিনায়ক আছিল । জনপ্ৰিয় ফুটবল ক্লাব মহাৰণা ক্লাবৰ হৈ তচেন বড়াই প্ৰথম প্ৰি-অলিম্পিয়ান খেলত অংশগ্ৰহণ কৰিছিল ।

