তদন্ত প্ৰক্ৰিয়াত জুবিন গাৰ্গক ৰাজনীতিৰ মাজলৈ টানি নানিবলৈ অসম সাহিত্য় সভাৰ আহ্বান
'মায়াবিনী'ৰে আৰম্ভ অসম সাহিত্য সভাৰ ২০২৫-২৭ বৰ্ষৰ তৃতীয় পূৰ্ণাংগ কার্যনির্বাহক অধিৱেশন ।

Published : October 11, 2025 at 5:37 PM IST
শিলচৰ : সমন্বয়ৰ বাৰ্তা লৈ বৰাকত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক অধিৱেশন । সংগীতৰ মহানায়কলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি 'মায়াবিনী'ৰে আৰম্ভ হয় সাহিত্য সভাৰ ২০২৫-২৭ বৰ্ষৰ তৃতীয় পূৰ্ণাংগ কার্যনির্বাহক অধিৱেশনখনি ।
বৰাক-ব্ৰহ্মপুত্ৰ উপত্যকাৰ ভিন্ন জাতি-জনগোষ্ঠীৰ সমন্বয়ত সাহিত্য-সংস্কৃতিৰ ডোলেৰে বান্ধিবৰ বাবে বংগভৱনত আয়োজন কৰা হয় এই অধিৱেশনখনিৰ । শনিবাৰে পুৱা অসম সাহিত্য সভাৰ শিলচৰ শাখাৰ কাৰ্যালয় চৌহদত পতাকা উত্তোলনৰে এই অধিৱেশনখনিৰ শুভাৰম্ভ হয় । অসম সাহিত্য সভাৰ সভাপতি ড৹ বসন্ত কুমাৰ গোস্বামী, উপ-সভাপতি পদুম ৰাজখোৱা, সাধাৰণ সম্পাদক দেৱজিত বৰাৰ উপস্থিতিত পতাকা উত্তোলন কৰে কাছাৰ জিলা সাহিত্য সভাৰ সভাপতি ড৹ যোগেশ্বৰ বৰ্মনে ।
ইয়াৰ পিছতেই শিলচৰ বংগভৱনত অধিবেশনৰ মূল কাৰ্যসূচী অনুষ্ঠিত হয় । সুধাকণ্ঠ ভূপেন হাজৰিকা, জুবিন গাৰ্গ আৰু কালিকা প্ৰসাদ ভট্টাচাৰ্যক শ্ৰদ্ধাঞ্জলি জনাই আৰম্ভ হয় সভাৰ কাৰ্যসূচীৰ । উক্ত অনুষ্ঠানটোত উপস্থিত থাকে অসম সাহিত্য সভাৰ কেন্দ্ৰীয় আৰু বিভিন্ন জিলা কমিটীৰ বিষয়ববীয়াসহ মন্ত্ৰী কৌশিক ৰায়, বিধায়ক দ্বীপায়ন চক্ৰৱৰ্তী, কাছাৰৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক নোমাল মাহাত্তা আদি । এই অনুষ্ঠানতেই কাছাৰৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক নোমাল মাহাত্তাৰ গ্ৰন্থ এখন উন্মোচন কৰা হয় ।
তৃতীয় কাৰ্যনিৰ্বাহকৰ পূৰ্ণাংগ অধিৱেশনৰ সিদ্ধান্ত:
এই তৃতীয় কাৰ্যনিৰ্বাহকৰ পূৰ্ণাংগ অধিৱেশনত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় । এই সন্দৰ্ভত অসম সাহিত্য সভাৰ সভাপতি ড৹ বসন্ত কুমাৰ গোস্বামীয়ে কয়, "জুবিন গাৰ্গৰ দৰে মহান শিল্পীৰ মৃত্য়ুৰ তদন্ত প্ৰক্ৰিয়াত যাতে কোনোৱে ৰাজনীতিৰ মাজলৈ শিল্পীগৰাকীক টানি নানে আৰু বিচাৰ প্ৰক্ৰিয়াত যি অভিযোগনামা দিয়া হ'ব তাত যাতে প্ৰতিটো বাক্য়, প্ৰতিটো শব্দ পানী নসৰকা হয় তাৰ বাবে চৰকাকৰ অনুৰোধ জনাই এটা প্ৰস্তাৱ গ্ৰহণ কৰা হয় । দ্বিতীয় প্ৰস্তাৱ অনুসৰি ভোলানাথ বৰুৱাৰ নামত ট্ৰেড চেণ্টাৰত এটা প্ৰতিমূৰ্তি স্থাপন কৰিবলৈ আহ্বান জনায় চৰকাৰক । স্কীল বিশ্ববিদ্য়ালয়খন ভোলানাথ বৰুৱাৰ নামত উদ্য়ম বিকাশ বিশ্ববিদ্য়ালয় নামেৰে নামকৰণৰ বাবে আহ্বান জনাইছো । ভোলানাথ বৰুৱাৰ জন্মদিন ২৩ মে' তাৰিখটো বাণিজ্য় দিৱস হিচাপে পালন কৰিবলৈ আহ্বান জনাই প্ৰস্তাৱ গ্ৰহণ কৰা হয় । আন এক প্ৰস্তাৱ অনুসৰি ২৫ ব'হাগৰ দিনটো অসম সাহিত্য় সভাই কেন্দ্ৰীয় কাৰ্যসূচীত ৰবীন্দ্ৰ জয়ন্তী অন্তৰ্ভুক্ত কৰিব ।
বৰাকৰ তিনিওখন জিলা কাছাৰ, শ্ৰীভূমি আৰু হাইলাকান্দিত চন্দ্ৰকান্ত সন্দিকৈ ভৱন স্থাপন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হয় । মন্ত্ৰী কৌশিক ৰায়ৰ প্ৰস্তাৱৰ প্ৰতি সঁহাৰি জনাই অসম সাহিত্য সভাৰ সভাপতি ড৹ বসন্ত কুমাৰ গোস্বামীয়ে এই বিষয়ে ঘোষণা কৰিছে । এই সন্দৰ্ভত মন্ত্ৰী কৌশিক ৰায়ে কয়," আজি শিলচৰ চহৰত দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক অধিৱেশন । যোৱা ১৯৮৬ চনত হাইলাকান্দিত পূৰ্ণাংগ অধিৱেশন হৈছিল । আজি প্ৰথমবাৰৰ বাবে কাৰ্যনিৰ্বাহক অধিৱেশন আৰম্ভ হৈছে । এই অধিৱেশনে বৰাক-ব্ৰহ্মপুত্ৰ উপত্যকাৰ সম্পৰ্ক আৰু অধিক সুদৃঢ় কৰিব ।"
ইয়াৰ পিচতেই মন্ত্ৰী কৌশিক ৰায়ে সাহিত্য সভাৰ উদ্যোগত বৰাকত ভূপেন হাজৰিকাৰ শতবৰ্ষৰ কেন্দ্ৰীয় অনুষ্ঠানৰ আয়োজন কৰিবলৈ প্ৰস্তাৱ আগবঢ়ায় । তদুপৰি কৌশিক ৰায়ৰ উদ্যোগত শিলচৰত ভূপেন হাজৰিকাৰ এটা প্ৰতিমূৰ্তি স্থাপন কৰা হ'ব বুলি মন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে ।

