মহানগৰীৰ জি এছ ৰোডত চলিব কেবল বিদ্যুত-চি এন জি চালিত বাছ
গুৱাহাটীৰ দুটা পথ কৰা হ'ব 'গ্ৰীণ ৰোড' । জানুৱাৰীৰ পৰা এই দুটা পথত নিষিদ্ধ কৰা হৈছে কিছুমান বাহনৰ প্ৰৱেশ ৷

Published : July 6, 2025 at 8:12 PM IST
গুৱাহাটী: শীঘ্ৰেই মহানগৰীৰ দুটা সদাব্য়স্ত পথ হ'ব 'গ্ৰীণ ৰোড'। এই পথ দুটাত কেবল বিদ্যুৎ-চি এন জি চালিত বাছহে চলাচল কৰিব পাৰিব । ইয়াৰ পূৰ্বেই ডিজেল চালিত বাছসমূহ মহানগৰীৰ আন পথলৈ স্থানান্তৰিত কৰাৰ ব্যৱস্থা কৰিব লাগিব বাহনৰগৰাকীয়ে । ইতিমধ্য়ে এই সন্দৰ্ভত গ্ৰহণ কৰা হৈছে গুৰুত্বপূৰ্ণ সিদ্ধান্ত ।
কোন দুটা পথত বন্ধ হৈ পৰিব ডিজেল চালিত বাছ ?
আগন্তুক বৰ্ষৰ জানুৱাৰীৰ পৰা মহানগৰীৰ জি এছ ৰোডৰ ২৩ আৰু ৩৬ নং পথত কেবল বিদ্যুৎ আৰু চি এন জি চালিত বাছহে চলিব । এই সন্দৰ্ভত সকলো ব্যৱস্থা গ্ৰহণৰ বাবে আঞ্চলিক পৰিবহণ প্ৰাধিকাৰী সচিব আৰু সহকাৰী পৰিবহণ আয়ুক্ত তামচিন আফটাবৰ তত্ত্বাৱধানত কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়া কাৰ্যালয়ৰ সভাগৃহত শনিবাৰে এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয় ।
সভাত আঞ্চলিক পৰিবহণ প্ৰাধিকাৰীৰ সচিব তামচিন আফটাবে অহা জানুৱাৰীৰ পৰা জি এছ ৰোডৰ ২৩ আৰু ৩৬ নং পথত কেবল বিদ্যুৎ-চি এন জি চালিত বাছ চলাচলৰ কথা ঘোষণা কৰে । ইয়াৰ লগে লগে পথ দুটা সম্পূৰ্ণ 'গ্ৰীণ ৰোড' হিচাপে পৰিগণিত হ’ব বুলিও তেওঁ কয় ।
আঞ্চলিক পৰিবহণ প্ৰাধিকাৰীৰ যোৱা এপ্ৰিলত অনুষ্ঠিত এখন সভাত জিলা আয়ুক্ত সুমিত সাত্তাৱানৰ অধ্যক্ষতাত গ্ৰহণ কৰা প্ৰস্তাৱ অনুসৰি এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰাৰ কথা তেওঁ সদৰী কৰে । সেই অনুসৰি জি এছ ৰোডৰ ২৩ আৰু ৩৬ নং পথত চলা ডিজেল চালিত বাছসমূহ জানুৱাৰীৰ আগতে মহানগৰীৰ আন পথলৈ স্থানান্তৰিত কৰাৰ ব্যৱস্থা কৰিবলৈ বাহনৰ গৰাকীক তেওঁ আহ্বান জনায় ।
অৱশ্যে একে ৰোডতে যদি সেই বাহনসমূহ চলাব বিচাৰে তেন্তে সেইসমূহ বাহন চি এন জি কীট লগাই চলাব পাৰিব বুলিও তেওঁ কয় । উক্ত সভাত অতিৰিক্ত আয়ুক্ত (পৰিবহণ) অজিত কুমাৰ শৰ্মাই আঞ্চলিক পৰিবহণ প্ৰাধিকাৰীয়ে গ্ৰহণ কৰা গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ কাৰ্যকৰীকৰণৰ ক্ষেত্ৰত বাহনৰ গৰাকী তথা গুৱাহাটী মহানগৰ পৰিবহণ সংস্থাৰ কৰ্মকৰ্তাসকলক পূৰ্ণ সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায় ৷
পৰিবহণৰ বিশেষ কৰ্তব্যৰত বিষয়া গৌতম দাসে কয়, "পথ দুটা আগন্তুক দিনত গ্ৰীণ ৰোড হিচাপে গঢ়ি তুলি যান-জঁট হ্ৰাস কৰাৰ লগতে যান-বাহন প্ৰদূষণমুক্ত পথ হিচাপে সকলো শ্ৰেণীৰ লোকৰ যাতায়াত সুৰক্ষিত আৰু পৰিৱেশ অনুকূল হ'ব । অনাগত দিনত এই গ্ৰীণ ৰোডে মহানগৰখনৰ লগতে ৰাজ্যবাসীৰ সূচল যাতায়াতৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব ৷"
গুৱাহাটী মহানগৰীত যিহেতু প্ৰতিদিনে ১১ লাখতকৈও অধিক যানবাহন চলাচল কৰে, এনেক্ষেত্ৰত মহানগৰীৰ পৰিসৰ গুৱাহাটীৰ পৰা জাগীৰোড, বিজয়নগৰ, বাইহাটা চাৰিআলি, হাজো-শুৱালকুছিৰ কাষৰীয়া অঞ্চললৈ চিটিবাছৰ সেৱা সম্প্ৰসাৰণ কৰিবলৈ তেওঁ আঞ্চলিক পৰিবহণ প্ৰাধিকাৰীক আহ্বান জনায় ।
উক্ত সভাত অসম ৰাজ্যিক পৰিবহণ নিগমৰ মুখ্য প্ৰবন্ধক বিজু ডেকাই বাহনত চি এন জি কীট ব্যৱহাৰত ল’বলগীয়া বিভিন্ন ব্যৱস্থা আৰু পৰিচালন ব্যয় সন্দৰ্ভত বক্তব্য আগবঢ়ায় ৷
সভাৰ শেষত আঞ্চলিক পৰিবহণ প্ৰাধিকাৰীৰ সচিব তামচিন আফটাবে গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ কাৰ্যকৰীকৰণত কিবা অসুবিধাৰ সন্মুখীন হ’লে সেইসমূহ লিখিত আকাৰে আঞ্চলিক পৰিবহণ প্ৰাধিকাৰীৰ সচিবৰ কাৰ্যালয়ত জমা দিবলৈ অনুৰোধ জনায় ।

