গৃহিণীৰ পৰা দক্ষ শিপিনীলৈ; গ্ৰামাঞ্চলৰ মহিলাৰ জীৱনৰ পট পৰিৱৰ্তনৰ এক ইতিবাচক কাহিনী
আজি আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস । এই নাৰী দিৱসত এনে কেইগৰাকীমান গ্ৰাম্য মহিলাৰ বিষয়ে আলোচনা কৰা হৈছে, যিসকল গৃহিণীৰ পৰা পৰিয়ালৰ উপাৰ্জনকাৰী হৈ পৰিছে ।

Published : March 8, 2025 at 10:25 AM IST
|Updated : March 8, 2025 at 12:30 PM IST
ৰঙিয়া : জেউতি বড়ো এগৰাকী গৃহিণী আছিল । বড়ো সমাজৰ আন দহগৰাকী মহিলাৰ দৰে তেওঁৰো সময়বোৰ ঘৰৰ চাৰিবেৰৰ মাজৰ কাম-কাজৰ মাজতে সীমাবদ্ধ আছিল । যেনে ল'ৰা-ছোৱালীৰ যত্ন লোৱা, খেতিৰ বতৰত পথাৰত স্বামীক সহায় কৰা বা সময় পালে মাজে-সময়ে চুবুৰীয়া মহিলাসকলৰ সৈতে চোতালত বহি মুখচুপতি মৰা ।
কিন্তু এতিয়া আৰু সেয়া নহয় । সময় আৰু পৰিৱেশ সলনি হৈছে । আজিকালি জেউতিৰ হাতত প্ৰায় সময় নোহোৱাৰ দৰে হৈছে । চাৰিটা সন্তানক তেওঁ পুৱা স্কুল-কলেজলৈ পঠোৱাৰ পিছত দৈনন্দিন কাম-কাজ শেষ কৰে, দুপৰীয়াৰ আহাৰ প্ৰস্তুত কৰে আৰু তাৰ পিছত ওচৰতে অৱস্থিত প্ৰেৰণা কেন্দ্ৰলৈ যায় । জেউতিয়ে পৰৱৰ্তী তিনি ঘণ্টা কেন্দ্ৰটোত কটাবলৈ সম্পূৰ্ণৰূপে সাজু হৈ যায় । তাত তেওঁ আনসকলৰ সৈতে কাপোৰ বোৱা, বিভিন্ন ৰঙৰ সূতা প্ৰস্তুত কৰাত ব্যস্ত হৈ পৰে ।

হয়, গ্ৰাম্য বিকাশ মঞ্চৰ (জি ভি এম) দ্বাৰা স্থাপিত কামৰূপ জিলাৰ ৰঙিয়াৰ অন্তৰ্গত ভাটকুচিত অৱস্থিত এই প্ৰেৰণা কেন্দ্ৰৰ দ্বাৰা এটা বেচৰকাৰী সংগঠনে কেৱল প্ৰান্তীয় অঞ্চলৰ এই মহিলাসকলক তেওঁলোকৰ জীৱনৰ গতি গৃহিণীৰ পৰা দক্ষ শিল্পীলৈ সলনি কৰাত সহায় কৰায়ে নহয়, লগতে তেওঁলোকক কৰ্মোপাৰ্জনৰ এক বিকল্পও প্ৰদান কৰি আহিছে ।
এছ বি আই ফাউণ্ডেচনৰ সমৰ্থনত জি ভি এমে স্থানীয় শিপিনীসকলক সবলীকৰণ কৰিবলৈ আৰু তেওঁলোকৰ আৰ্থ-সামাজিক উন্নতিৰ বাবে পৰম্পৰাগত শিল্পকলাৰ প্ৰচাৰৰ বাবে এটা প্ৰেৰণা কেন্দ্ৰ আৰু কেইটামান শাখা কেন্দ্ৰ স্থাপন কৰিছে ।

প্ৰেৰণা কেন্দ্ৰ হৈছে শিপিনীসকলৰ বাবে প্ৰকল্প ক্ষেত্ৰৰ পৰায়ে হস্ততাঁত সামগ্ৰীৰ দক্ষতা প্ৰশিক্ষণ, উৎপাদন আৰু বিপণনৰ সুবিধা প্ৰদান কৰা এক সামগ্ৰিক কেন্দ্ৰ । উৎপাদন, মজুত আৰু প্ৰদৰ্শনৰ বাবে অত্যাৱশ্যকীয় তাঁতশাল, আনুষঙ্গিক সামগ্ৰী আৰু আধুনিক সুবিধা প্ৰদান কৰি কামৰূপৰ স্থানীয় শিপিনীসকলক বয়ন জ্ঞান আৰু দক্ষতা প্ৰদানৰ বাবে, আৰু লগতে তেওঁলোকৰ সামগ্ৰী বিপণন কৰাত সহায় কৰাৰ বাবে এই কেন্দ্ৰটো স্থাপন কৰা হৈছে ।
"মই বিগত এবছৰ ধৰি প্ৰেৰণা কেন্দ্ৰলৈ গৈ আছোঁ । আমাক বয়ন আৰু কাপোৰত প্ৰাকৃতিক ৰং প্ৰয়োগ কৰাৰ প্ৰশিক্ষণ দিয়া হৈছিল । মই বড়ো সম্প্ৰদায়ৰ আৰু আমি সৰুৰে পৰা বয়ন শিকিছোঁ । অৱশ্যে ইয়াত আমাক আধুনিক ডিজাইন আৰু প্ৰাকৃতিক ৰং প্ৰস্তুত কৰাৰ ওপৰত প্ৰশিক্ষণ দিয়া হৈছে আৰু ৰঙীন কাপোৰ তৈয়াৰ কৰিবলৈ সেইবোৰ বছৰ বছৰ ধৰি প্ৰয়োগ কৰা হৈছে ।" কেকোহাটি গাঁৱৰ এগৰাকী গৃহিণী তথা দক্ষ শিপিনী জেউতি বড়োৱে (৫৫) কয় ।

"আমাৰ গাঁৱৰ বেছিভাগ মহিলাৰ দৰে ময়ো মোৰ সমগ্ৰ জীৱন ঘৰুৱা কামতে অতিবাহিত কৰিছোঁ । শিশুসকলৰ যত্ন লৈছোঁ আৰু খেতিৰ বতৰত মোৰ স্বামীক ধানখেতিত সহায় কৰিছোঁ । মোৰ বাবে জীৱনটো আমাৰ ঘৰৰ সন্মুখৰ গে'টৰ পৰা বাৰীতে সীমাবদ্ধ আছিল । কিন্তু প্ৰেৰণা কেন্দ্ৰত গৈ কাম কৰাটো মোৰ বাবে এক বেলেগ অভিজ্ঞতা । মোৰ জীৱনত প্ৰথমবাৰৰ বাবে মই এতিয়া উপাৰ্জন কৰিবলৈ আৰম্ভ কৰিছোঁ ।" নতুন অৰ্থনৈতিক স্বাধীনতা উপভোগ কৰি সুখী হোৱা যেন অনুভৱ হোৱা জেউতীয়ে কয়, যিটো অসমৰ এই অঞ্চলবোৰৰ গ্ৰাম্য মহিলাসকলৰ মাজত বিৰল ।
বিগত এবছৰ ধৰি প্ৰেৰণা কেন্দ্ৰত কাম কৰি থকা স্থানীয় আন এগৰাকী বড়ো মহিলা ৰেখা বড়োৰ ক্ষেত্ৰতো অনুৰূপ ঘটনায়ে পৰিলক্ষিত হয় । "প্ৰাকৃতিক উপাদানবোৰৰ পৰা ৰং বনোৱাটো অতি আকৰ্ষণীয় । প্ৰাকৃতিক ৰং প্ৰস্তুত কৰিবলৈ আমাক আমলখি, শিলিখা, ডালিম, পিয়াঁজ, নাৰ্জী ফুল, হালধি, চাহপাত আৰু এনে বহুতো উপাদান ব্যৱহাৰ কৰি প্ৰাকৃতিক ৰং প্ৰস্তুত কৰিবলৈ প্ৰশিক্ষণ দিয়া হৈছিল ।" বিগত এবছৰ ধৰি প্ৰেৰণা কেন্দ্ৰত কাম কৰি থকা ৰেখাই কয় ।

জেউতি আৰু ৰেখাৰ কাহিনী কেৱল উদাহৰণহে । প্ৰেৰণা কেন্দ্ৰ আৰু চাৰিটা শাখা কেন্দ্ৰই কামৰূপ জিলাৰ ৰঙিয়া চক্ৰৰ অন্তৰ্গত দহখন গাঁৱৰ প্ৰায় ৩০০ গৰাকী মহিলাক উৎসাহিত কৰি আহিছে । এছ বি আই ফাউণ্ডেচনৰ সমৰ্থনত জি এম ভিয়ে আৰম্ভ কৰা এই পদক্ষেপটোৱে এই গ্ৰাম্য মহিলাসকলৰ বাবে যথেষ্ট গুৰুত্ব বহন কৰিছে । ইয়াৰ উপৰি এই পদক্ষেপে তেওঁলোকক বিত্তীয় স্বাধীনতা প্ৰদান কৰি এক সুকীয়া পৰিচয় প্ৰদান কৰিছে ।
"মোৰ ভাল লাগিছে যে মই পৰিয়ালটোৰ উপাৰ্জনত হাত আগবঢ়াবলৈ সক্ষম হৈছোঁ । আগতে যেতিয়াই মোক ধনৰ প্ৰয়োজন হৈছিল মই মোৰ স্বামীৰ পৰা সেয়া বিচাৰিব লাগিছিল । কিন্তু এতিয়া মই সৰু-সুৰা খৰচ নিজৰ পৰাই খৰচ কৰিব পাৰোঁ ।" আন এগৰাকী গৃহিণী তথা দক্ষ শিপিনী পূৰ্ণিমা বড়োৱে কয় ।

"আমি প্ৰতিটো শাখা কেন্দ্ৰত ২৪ খন সাধাৰণ হস্ততাঁত আৰু এটা ৱাৰ্পিং ড্ৰাম স্থাপন কৰিছোঁ । প্ৰকল্পটোৰ লক্ষ্য হৈছে বয়নৰ উৎপাদনশীলতা আৰু দক্ষতা উন্নত কৰা, স্থানীয় অৰ্থনীতি বৃদ্ধি কৰাত সহায় কৰা আৰু শিপিনীসকলৰ মাজত বহনক্ষম জীৱিকাক সমৰ্থন কৰা । আমি নিৰ্দিষ্টভাৱে লক্ষ্য নিৰ্ধাৰণ কৰি লোৱা শিপিনীসকলক হস্ততাঁতৰ প্ৰশিক্ষণো প্ৰদান কৰিছোঁ । এতিয়া শিপিনীসকলে নিয়মীয়াকৈ হস্ততাঁত বস্ত্ৰ উৎপাদন কৰি আছে । ইয়াৰ দ্বাৰা মূল্যৱান দক্ষতা আৰু উপাৰ্জন লাভ কৰিছে । এই পদক্ষেপে কেৱল শিপিনীসকলৰ কাৰিকৰী সামৰ্থ্য বৃদ্ধি কৰাই নহয়, লগতে সম্প্ৰদায়টোৰ বাবে উপাৰ্জনৰ এক বহনক্ষম উৎস সৃষ্টি কৰিছে, দীৰ্ঘম্যাদী অৰ্থনৈতিক বিকাশ নিশ্চিত কৰিছে ।" জি ভি এমৰ সচিব দিবাকৰ ডেকাই কয় ।
ডেকাই কয় যে প্ৰাকৃতিক ৰঙৰ কাপোৰৰ চাহিদা ক্ৰমান্বয়ে বৃদ্ধি পাইছে । সংশ্লেষিত ৰঙৰ সৈতে সম্পৰ্কিত পাৰিপাৰ্শ্বিক আৰু স্বাস্থ্যৰ প্ৰতি উদ্বেগৰ বিষয়ে উপভোক্তাৰ সজাগতা বৃদ্ধি আৰু পৰিৱেশ-অনুকূল আৰু বহনক্ষম সামগ্ৰীৰ প্ৰতি অগ্ৰাধিকাৰ দিয়াৰ বাবে এইটো হৈছে ।
"শেহতীয়াকৈ জি ভি এমে আমাৰ কিছুমান প্ৰাকৃতিক ৰঙৰ কাপোৰ দিল্লীৰ প্ৰগতি ময়দানত আয়োজিত এখন হস্ততাঁত মেলালৈ লৈ গৈছিলোঁ আৰু তাত ইয়াৰ সঁহাৰি যথেষ্ট ভাল আছিল । আমাৰ সকলো সামগ্ৰী নিমিষতে বিক্ৰী হৈ গৈছিল ।" ডেকাই কয় । তেওঁ লগতে কয় যে প্ৰকল্পটোৱে শিপিনীসকলৰ জীৱনত ইতিবাচক প্ৰভাৱ পেলাইছে । যাৰ ফলত তেওঁলোক অধিক স্বাৱলম্বী হোৱাত সহায় কৰিছে আৰু পৰম্পৰাগত হস্ততাঁত কৌশলৰ সংৰক্ষণত অৰিহণা যোগাইছে ।

