গ্ৰন্থৰ পৰা চিমেণ্ট কোম্পানীলৈ... অসম কেবিনেটৰ কি কি গুৰুত্বপূৰ্ণ সিদ্ধান্ত ?
বৃহস্পতিবাৰে অসম কেবিনেটে গ্ৰহণ কৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত । ২০২৫ক গ্ৰন্থৰ বৰ্ষ হিচাপে উদযাপন কৰাৰ বাবে লৈছে কেইবাটাও পদক্ষেপ ।

Published : August 8, 2025 at 11:51 AM IST
গুৱাহাটী: অসম চৰকাৰৰ প্ৰতিজন কৰ্মচাৰীলৈ গ্ৰন্থ ক্ৰয়ৰ বাবে ১,০০০ টকা দিয়াৰ পৰা চিমেণ্ট কোম্পানী-নিৰ্মাণ কোম্পানীৰ বিনিয়োগলৈ এলানি গুৰুত্বপূৰ্ণ সিদ্ধান্তত অনুমোদন অসম চৰকাৰৰ মন্ত্ৰীসভাৰ । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত ৭ আগষ্টৰ নিশা দিছপুৰত অনুষ্ঠিত অসম চৰকাৰৰ এখন মন্ত্ৰীসভাৰ বৈঠকত এই গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ গ্ৰহণ কৰা হয় । নিশা কেবিনেটৰ বৈঠকৰ পিছত সংবাদমেলযোগে মুখ্যমন্ত্ৰী শৰ্মাই সদৰী কৰে নিৰ্বাচিত সিদ্ধান্তসমূহ ।
কেবিনেটে গ্ৰহণ কৰা সিদ্ধান্তসমূহ:
২০২৫ক গ্ৰন্থৰ বৰ্ষ হিচাপে উদযাপন:

ৰাজ্যত বৌদ্ধিক বিকাশৰ বাবে ৰাজ্য চৰকাৰে লৈছে এক বিশেষ সিদ্ধান্ত ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তত দুই তৰপীয়া গ্ৰন্থমেলা পাতিবলৈ অসম চৰকাৰে কৰিব আৰ্থিক পৃষ্ঠপোষকতা ৷ ইয়াৰ উপৰিও, যুৱ লেখক-সাহিত্যিকলৈ বিত্তীয় অনুদানৰ লগতে চৰকাৰী কৰ্মচাৰীলৈ গ্ৰন্থ ক্ৰয় বাবে আগবঢ়াব এককালীন ধনৰ টোপোলা । চৰকাৰৰ গ্ৰন্থ বিষয়ক কেবিনেটৰ সিদ্ধান্তকেইটা হ’ল:
- সৃজনশীল, বৈজ্ঞানিক আৰু শৈক্ষিক লেখনীত অৱদান আগবঢ়োৱা ১,০০০ যুৱ লেখকক প্ৰতিজনক ২৫,০০০ টকাৰ আৰ্থিক সাহায্য প্ৰদান ।
- অসম প্ৰকাশন পৰিষদৰ দ্বাৰা অনুমোদিত গ্ৰন্থ মেলাৰ আয়োজনৰ বাবে আৰ্থিক সাহায্য, প্ৰতিখন জিলালৈ ৫ লাখ টকা আৰু প্ৰতিখন সম-জিলা, সদৰৰ বাবে ২.৫ লাখ টকা ।
- চৰকাৰী অনুষ্ঠানত উপহাৰ হিচাপে কেৱল গ্ৰন্থ প্ৰদান কৰি জ্ঞান আৰু বৌদ্ধিক সমৃদ্ধিৰ সংস্কৃতি গঢ়ি তোলাৰ উদ্দেশ্য আগত ৰাখি অহা ১৬ আগষ্টৰ পৰা ৰাজ্য চৰকাৰে প্ৰতিখন চৰকাৰী অনুষ্ঠানত অতিথিসকলক গামোচাৰ লগতে এখন কিতাপ উপহাৰ দিয়াৰ সিদ্ধান্ত গ্রহণ কৰে কেবিনেটে ।
- ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলক নৱেম্বৰ মাহৰ দৰমহাত কিতাপ ক্রয়ৰ বাবে ১ হাজাৰ টকাকৈ অতিৰিক্ত ধন প্রদান কৰা হ'ব ৷ গ্ৰন্থ ক্ৰয় কৰি ফটো জমা দিব লাগিব নিজৰ মূৰব্বীক ৷ কেবিনেট বৈঠকৰ পিছত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনায় যে গ্ৰন্থ ক্ৰয় নকৰিলে চৰকাৰক ঘূৰাই দিব লাগিব এই ধন ৷
- কিতাপৰ বর্ষ উপলক্ষে ড৹ ভূপেন হাজৰিকাৰ নামত ৰাজ্য চৰকাৰে প্ৰকাশ কৰা পুথি এখন ১ জানুৱাৰীত পোৱাকৈ অসমৰ ১২ লাখ পৰিয়ালক বিতৰণৰ বাবে সিদ্ধান্ত গ্রহণ কৰা হয় ।
অংগনৱাড়ী পদোন্নতিৰ বয়সৰ সীমা বৃদ্ধি:

অংগনৱাড়ী সহায়িকাৰ পৰা অংগনৱাড়ী কৰ্মীলৈ পদোন্নতিৰ বাবে সৰ্বোচ্চ বয়সৰ সীমা ৪৫ বছৰৰ পৰা ৫০ বছৰলৈ বৃদ্ধি কৰাৰ বাবে নিৰ্দেশনাৰ সংশোধনীৰ অনুমোদন জনাইছে বৃহস্পতিবাৰৰ কেবিনেটে । এই পদক্ষেপৰ জৰিয়তে অংগনৱাড়ী সহায়িকাসকলৰ সেৱাৰ ম্যাদ আৰু অৱস্থাৰ উন্নতিৰ সুযোগ বৃদ্ধি কৰা হৈছে বুলি সংবাদমেলত মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে ।
বনকৰ্মীৰ ৰেচন ভাট্টা বৃদ্ধিত অনুমোদন:

অসম বন সুৰক্ষা বাহিনী আৰু বন্যপ্ৰাণী শাখাৰ ফ্ৰণ্টলাইন কৰ্মীৰ মাহিলী ৰেচন ভাট্টা ২,০০০ টকাৰ পৰা ২,৫০০ টকালৈ বৃদ্ধি কৰাৰ অনুমোদন কেবিনেটৰ ৷
বিজ্ঞান কেন্দ্ৰ আৰু প্লেনেটেৰিয়ামৰ বাবে অনুমোদন:

বিগত অসম বাজেট ২০২৫-২৬ত উল্লেখ কৰা অনুসৰি ৰাজ্যত ৬ টা নতুন জিলা বিজ্ঞান কেন্দ্ৰ তথা প্লেনেটেৰিয়াম নিৰ্মাণৰ বাবে ৰাজ্য চৰকাৰৰ বিত্তীয় অনুমোদন । কেবিনেটে মাজুলী, ডিফু (কাৰ্বি আংলং), কলিয়াবৰ (নগাঁও), শিলচৰ (কাছাৰ), আমিনগাঁও (কামৰূপ) আৰু বঙাইগাঁৱত ছয়টা জিলা বিজ্ঞান কেন্দ্ৰ তথা প্লেনেটেৰিয়াম নিৰ্মাণৰ বাবে ১৭৮.১২৯ কোটি টকাৰ সংশোধিত প্ৰাক্ কলনৰ বাবে প্ৰশাসনিক অনুমোদন জনায় ৷
বি টি আৰৰ পুনৰ গঠন:

বি টি আৰত উন্নয়ন খণ্ডৰ পুনৰ গঠন প্ৰক্ৰিয়া আৰু তাৰ খৰছ নিৰ্বহন কৰাৰ ৰাজ্যিক কেবিনেটে বৃহস্পতিবাৰে অনুমোদনৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে । এই অনুসৰি-
- বি টি আৰৰ কোকৰাঝাৰ, চিৰাং, বাক্সা, তামুলপুৰ আৰু ওদালগুৰি জিলাত উন্নয়ন খণ্ডসমূহ পুনৰ গঠন আৰু নামকৰণৰ বাবে কেবিনেটে অনুমোদন জনায় ।
- বাক্সা জিলাত এটা নতুন উন্নয়ন খণ্ড, গোবর্ধনা উন্নয়ন খণ্ড গঠন কৰা হ'ব । যাৰ ফলত বি টি আৰত মুঠ উন্নয়ন খণ্ডৰ সংখ্যা ২৩ লৈ বৃদ্ধি হ'ব ৷
- নতুন গোবৰ্ধন উন্নয়ন ব্লক সৃষ্টি কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে । এই ব্লকৰ বাবে কেৱল গেজেটেড পদ সৃষ্টি কৰা হ’ব, আৰু অ-গেজেটেড পদ বিটিচিয়ে প্ৰদান কৰিব ।
- এককালীন আন্তঃগাঁথনি ব্যয় অসম চৰকাৰে বহন কৰিব ।
বিনিয়োগৰ উৎসাহ:

ৰাজ্যখনত বিনিয়োগৰ বাবে উৎসাহ প্রদানৰ উদ্দেশ্যে ৰাজ্যিক কেবিনেটে লৈছে বিশেষ সিদ্ধান্ত ৷ কেবিনেটে উদ্যোগীকৰণৰ ক্ষেত্ৰত ৮৫০ কোটি টকাৰ বিনিয়োগৰ প্রস্তাৱত অনুমোদন জনাই । এডভান্টেজ আছাম ২.০৩ স্বাক্ষৰিত হোৱা চাৰিখন বুজাবুজিব চুক্তিত বৃহস্পতিবাৰৰ কেবিনেটে অনুমোদন জনায় আৰু ইয়াৰ ফলত এই চুক্তিসমূহে পূর্ণাংগ ৰূপ লাভ কৰে ।
লগত, কেবিনেটে ১৮৪৩ কোটি টকাৰ আন এক বিনিয়োগৰ প্ৰস্তাৱত অনুমোদন জনায় । ভেলী স্ট্রং চিমেন্টছ লিমিটেডে ৪৮০ কোটি টকা, ষ্টাৰ চিমেণ্ট নর্থ ইষ্ট লিমিটেডে ৬৫০ কোটি, মেক্সিম' ইনফ্রাস্ট্রাকচাৰ এণ্ড বিয়েল এষ্টেট প্রাইভেট লিমিটেডে ১৩০ কোটি টকা আৰু বৰন বেভাবেজ লিমিটেডে ৫৮৩ কোটি টকা বিনিয়োগ কৰিব ।
মিছন বসুন্ধৰা ৩.০ৰ অনুমোদন:

মিছন বসুন্ধৰা ৩.০ৰ অধীনত বৃহস্পতিবাৰৰ কেবিনেটে জনায় কেইবাটাও গুৰুত্বপূৰ্ণ অনুমোদন-
- ৮ খন জিলাৰ ১৮৯ আবেদনক বার্ষিক পট্টাৰ পৰা ম্যাদী পট্টালৈ ৰূপান্তৰ ৷
- ৫ খন জিলাত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ ৭ প্ৰকল্পৰ বাবে ভূমি আবণ্টন ৷
- ৩ খন জিলাৰ ২৬২ চাহ বাগিচা ভূমিক ম্যাদী পট্টালৈ ৰূপান্তৰ ৷
- ১১ জিলাৰ ১৫৫ ভূমি অব্যক্তিগত ন্যায়িক অনুষ্ঠানক আবণ্টন ৷
- কামৰূপ জিলাৰ চহৰাঞ্চলৰ ভূমিত (পূৰ্বতে গ্ৰাম্যভূমি হিচাপে থকা) ৫ গৰাকী ৰায়তী দখলদাৰীক মালিকীস্বত্ব প্রদান ৷

