ETV Bharat / state

সেউজী পাতৰ মাজে মাজে বৃহৎ বন্যহস্তীৰ জাকৰ মুক্ত বিচৰণ - Wild elephant Menace

Free movement of wild elephant: মৰিয়নীত বন্যহস্তীৰ মুক্ত বিচৰণ । গিবন অভয়াৰণ্য পৰা ওলাই অহা বন্যহস্তীৰ এক বৃহৎজাকে বিচৰণ কৰাৰ নৈসৰ্গিক দৃশ্য উপভোগ কৰিবলৈ ভিৰ কৰিছে স্থানীয় লোকে ।

Free movement of wild elephants coming out of the Fibbon sanctuary in Mariani
গিবনৰ পৰা ওলাই আহিল এজাক হাতী (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : September 18, 2024 at 9:33 PM IST

2 Min Read
Choose ETV Bharat

যোৰহাট,১৮ ছেপ্টেম্বৰ: মৰিয়নীৰ হোলোঙাপাৰ গিবন অভয়াৰণ্য পৰা ওলাই অহা বন্যহস্তীৰ এক বৃহৎজাকে গিবনৰ নিচেই কাষতেই লাগি থকা চাহ বাগিচা অঞ্চলত মুক্ত বিচৰণ কৰা দৃশ্য বন্দী হৈছে কেমেৰাত । সৰুৰ পৰা ডাঙৰলৈকে প্ৰায় অৰ্ধশতাধিক হাতীৰ জাকটোৰ মুক্ত বিচৰণত আতংকিত অঞ্চলবাসী । ইয়াৰ বিপৰীতে গিবন অভয়াৰণ্য পৰা ওলাই অহা হাতী জাকটোৱে কাকো অনিষ্ট নকৰাকৈ অতি শান্ত সমাহিতভাৱে চাহ বাগিচাখনৰ বিভিন্ন প্ৰান্তত খাদ্যৰ সোৱাদ লোৱা দেখা গৈছে ।

গিবনৰ পৰা ওলাই আহিল এজাক হাতী (ETV Bharat Assam)

হাতীৰ বৃহৎ জাকটোৱে চাহ বাগিচাত পৰিভ্ৰমণ কৰি থকা দৃশ্য চাবলৈ পথৰ ওপৰত পথচাৰীয়ে ভিৰ কৰা পৰিলক্ষিত হয় আৰু কোনো কোনোৱে বৃহৎ হাতীজাক মুক্ত বিচৰণৰ নৈসৰ্গিক দৃশ্য নিজৰ ম'বাইলৰ কেমেৰাত আৱদ্ধও কৰে । গিবনৰ পৰা ওলাই অহা বৃহৎ বন্যহস্তীৰ জাকটোৱে বিভিন্ন সময়ত খাদ্যৰ সন্ধানত বিভিন্ন অঞ্চলত অৱস্থান কৰে ৷ কৃষি পথাৰত প্ৰৱেশ কৰি চহা কৃষকৰ সপোনো চাৰখাৰ কৰে ।

ফলত মৰিয়নীত হাতী আৰু মানুহৰ সংঘাত দিনক দিনে বৃদ্ধি পাই আহিছে । আনহাতে হাতী আৰু মানুহৰ সংঘাত দৈনিক বৃদ্ধি পোৱাৰ ফলত কেইবাটাও কৰুণ ঘটনা সংঘটিত হৈছে । কাৰণ বৰ্তমান সময়লৈকে হাতীৰ আক্ৰমণত কেইবাজনো লোকে অকালতে মৃত্যুক সাবটিবলগীয়া হৈছে । আনহাতে একাংশ লোকে বন্যহস্তীৰ সৈতে কৰা বিভিন্ন আচৰণ আৰু কাৰ্যই বনৰীয়া হাতীক অধিক উগ্ৰ কৰি তোলে ।

ফলত এটা সুৰক্ষিত স্থানত থকা হাতী পায়গৈ অন্য স্থান । ইয়াৰ ফলত বন্যহস্তীৰ দলে সেই অঞ্চলৰ কৃষি পথাৰ আৰু বাসগৃহ ভাঙি ধ্বংস কৰি পুনৰ মানুহক আক্ৰমণ কৰে ।

লগতে পঢ়ক: গিবন অভয়াৰণ্যলৈ অশনি সংকেত; তৈলখননৰ অনুমতিক লৈ তীব্ৰ প্ৰতিক্ৰিয়া - Hoollongapar Gibbon Sanctuary

সঁজাল ধৰা ধাননি গচকি সাং কৰিলে বন্যহস্তীৰ জাকে - wild elephant menace