ETV Bharat / state

নগাঁৱতো ট্ৰেডিঙৰ ‘বিশাল জাল’ আন এক বিশালৰ : নেপথ্যত কোন কোন ? - Investment Scam in Assam

Fraudster arrested in Nagaon : ট্ৰেডিঙৰ নামত নগাঁৱতো প্ৰৱঞ্চনাৰ বৃহৎ জাল । সহজ উপায়েৰে উপাৰ্জনৰ প্ৰলোভনেৰে কোটি কোটি টকা সংগ্ৰহ প্ৰৱঞ্চক চক্ৰৰ । নগাঁৱতো আন এক বিশালৰ ‘বিশাল জাল’ । নাম BULLS EYES, নেপথ্যত আৰু কোন ? প্ৰৱঞ্চক চক্ৰৰ বিৰুদ্ধে সক্ৰিয় নগাঁও আৰক্ষী ।

Fraudster arrested in Nagaon
নগাঁৱতো বিনিয়োগৰ নামত প্ৰৱঞ্চনাৰ জাল (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : September 5, 2024 at 7:47 PM IST

2 Min Read
Choose ETV Bharat

নগাঁও, ৫ ছেপ্টেম্বৰ : ডিব্ৰুগড়ৰ বিশাল ফুকনৰ প্ৰৱঞ্চনাৰ বিশাল সাম্ৰাজ্যৰ তথ্যই জোকাৰণিৰ সৃষ্টি কৰাৰ সময়তে নগাঁৱতো আন এক বিশাল প্ৰৱঞ্চনাৰ তথ্যই সৰ্বত্ৰে লাভ কৰিছে ব্যাপক চৰ্চা ৷ বিনা কষ্টই সহজ ধন উপাৰ্জনৰ প্ৰলোভন দি শ শ লোকক লুণ্ঠন কৰি বিলাসী জীৱন আৰম্ভ কৰিয়েই বিপদৰ মুখামুখি নগাঁৱৰ বিশাল তামুলী এণ্ড কোম্পানী । ৰাজ্যজুৰি ট্ৰেডিঙৰ নামত বিভিন্ন প্ৰৱঞ্চক চক্ৰই কোটি কোটি টকা সংগ্ৰহ কৰি থকাৰ সময়ত নগাঁৱতো BULLS EYES নামৰ প্ৰতিষ্ঠানটোৰ নামত ধন সংগ্ৰহ অভিযান আৰম্ভ কৰিছিল বিশাল তামুলী, জনৈক ফুকন আৰু দেউৰী উপাধিৰ তিনি যুৱকৰ নেতৃত্বত ৷

কোনো কষ্ট অবিহনেই কেৱল ধন বিনিয়োগ কৰিয়েই মাহে মাহে মোটা অংকৰ লাভ দিয়াৰ প্ৰলোভন দি ব্যাপক হাৰত ধন সংগ্ৰহ আৰম্ভ কৰিছিল BULLS EYES নামৰ প্ৰতিষ্ঠানটোৱে । ডিব্ৰুগড়ৰ বিশাল ফুকনৰ জালিয়াতিৰ তথ্য পহৰলৈ অহাৰ পিছতে নগাঁৱত চলি থকা প্ৰৱঞ্চনাৰ সাম্ৰাজ্য আহিছে পোহৰলৈ ৷ নগাঁৱত BULLS EYES নামৰ প্ৰতিষ্ঠানটোৰ নামত বিশাল তামুলী এণ্ড কোম্পানীৰ ট্ৰেডিং প্ৰৱঞ্চনাৰ তথ্য লাভ কৰাৰ পিছতেই তৎপৰ হৈ পৰে নগাঁও আৰক্ষী ৷ নগাঁও আৰক্ষীয়ে নগাঁৱৰ BULLS EYES নামৰ প্ৰতিষ্ঠানটোৰ প্ৰৱঞ্চনাৰ তথ্য লাভ কৰাৰ পিছত বৃহস্পতিবাৰেই আটক কৰি জেৰাৰ অন্তত প্ৰতিষ্ঠানটোৰ অন্যতম হৰ্তাকৰ্তা বিশাল তামুলীক নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা বুলি আৰক্ষীৰ সূত্ৰে জানিব পৰা গৈছে ।

ট্ৰেডিঙৰ নামত লুণ্ঠন চলোৱাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা নগাঁৱৰ বিশাল তামুলীক অধিক জেৰাৰ বাবে আদালতত হাজিৰ কৰোৱাৰ অন্তত পুনৰ আৰক্ষীৰ জিম্মাত লোৱা বুলি জানিব পৰা গৈছে ৷