ETV Bharat / state

মেৰাপানীত ভুৱা বিত্তীয় প্ৰতিষ্ঠানৰ লুন্ঠনৰ জাল, গ্ৰাহকৰ ধন আত্মসাতৰ চেষ্টা

ভুৱা বিত্তীয় প্ৰতিষ্ঠানেৰে সাধাৰক ৰাইজক লুন্ঠন কৰি অহা প্ৰৱঞ্চক গ্ৰেপ্তাৰ ৷ চিৰাজ উদ্দিন আলী নামৰ এটা প্ৰৱঞ্চকে গাঁৱৰ সৰ্ব সাধাৰণ লোকক ঋণ দিয়াৰ নামত হাজাৰ হাজাৰ টকা লুণ্ঠন কৰি আহিছিল ৷

Fake financial organization
ভুৱা বিত্তীয় প্ৰতিষ্ঠানৰ অতপালি
author img

By ETV Bharat Assamese Team

Published : February 22, 2024 at 8:54 PM IST

2 Min Read
Choose ETV Bharat
মেৰাপানীত ভুৱা বিত্তীয় প্ৰতিষ্ঠানৰ লুন্ঠন

গোলাঘাট, 22 ফেব্ৰুৱাৰী : মেৰাপানীত এইবাৰ ভুৱা বিত্তীয় প্ৰতিষ্ঠানৰ অতপালি ৷ গ্ৰামাঞ্চলৰ দৰিদ্ৰ জনসাধাৰণৰ পৰা গৃহ নিৰ্মাণ, ঋণ প্ৰদানৰ নামত লাখ লাখ টকা সংগ্ৰহ কৰি আত্মসাৎ কৰাৰ চেষ্টা চলাওঁতেই আৰক্ষীৰ জালত পৰিল প্ৰতিষ্ঠানৰ বিষয়ববীয়া ৷

  • " class="align-text-top noRightClick twitterSection" data="">

জানিব পৰা মতে মেৰাপানীৰ চলংপথাৰত লাকী বন্ধন নামৰ এটা ভুৱা বিত্তীয় প্ৰতিষ্ঠানৰ মুখ্য কাৰ্যালয় খুলি গুৱাহাটীৰ ছয়গাঁৱৰ চিৰাজ উদ্দিন আলী নামৰ এটা প্ৰৱঞ্চকে গাঁৱৰ সৰ্ব সাধাৰণ লোকক ঋণ দিয়াৰ নামত হাজাৰ হাজাৰ টকা লুণ্ঠন কৰি আহিছিল ৷ ইতিমধ্যে এই ঘটনা সন্দৰ্ভত লাকী বন্ধনৰ মুখ্য পৰিচালক চিৰাজ উদ্দিন আলীক গ্ৰেপ্তাৰ কৰিছে মেৰাপানী আৰক্ষীয়ে ৷ ইয়াৰ উপৰিও চাইফুল ইছলাম নামৰ লখিমপুৰৰ আন এটা প্ৰৱঞ্চকক গ্ৰেপ্তাৰ কৰি সোধা-পোছা অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷

উল্লেখযোগ্য যে, এই লাকী বন্ধন বেংকৰ মুখ্য পৰিচালন সঞ্চালক হিচাপে থকা চিৰাজ উদ্দিন আলীৰ বিৰুদ্ধে তামুলপুৰতো এনেধৰণৰ বেংকৰ শাখা খুলি গ্ৰাহকৰ পৰা ধন লুটি পলাই অহাৰ অভিযোগ উত্থাপন হৈছে ৷ এই গোচৰৰ ভিত্তিতেই গোলাঘাট আৰক্ষীয়ে প্ৰৱঞ্চকটোক গ্ৰেপ্তাৰ কৰিছে ৷ ইতিমধ্যে প্ৰঞ্চকটোক গ্ৰেপ্তাৰ কৰাৰ পাছতেই, ভুৱা বিত্তীয় প্ৰতিষ্ঠানটোৱে সাধাৰণ লোকৰ পৰা ফিক্সড ডিপ’জিত, ৰেকাৰিং ডিপজিত, ছেভিংছ আদিৰ নামত হাজাৰ হাজাৰ টকা সংগ্ৰহ কৰা ভুক্তভোগী গ্ৰাহক সকলে নিজৰ জমা ধন বিচাৰি মেৰাপানী আৰক্ষী থানাত ভিৰ কৰিছেহি৷

ঘটনা সন্দৰ্ভত বৰ্তমান মেৰাপানী আৰক্ষী থানাত ধৃত প্ৰৱঞ্চক দুটাক জেৰা অব্যাহত ৰাখিছে গোলাঘাটৰ উপ-আৰক্ষী অধীক্ষকে ৷ উল্লেখ্য যে, সমগ্ৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তত দুষ্ট চক্ৰই এনেদৰে বিত্তীয় প্ৰতিষ্ঠান খুলি সৰ্বসাধাৰণ জনতাক বিভিন্ন ধৰণৰ প্ৰলোভন দি লাখ লাখ টকা আত্মসাৎ কৰি আহিছে ৷ ফলত সহজ-সৰল গাঁৱৰ ৰাইজে ইয়াৰ পাক চক্ৰত পৰি নিজৰ সাঁচি ৰখা সকলো ধন হেৰুৱাবলগীয়া হৈছে ৷

লগতে পঢ়ক : ধৰ্ষণকাৰী প্ৰধান শিক্ষকক ২১ বছৰৰ সশ্ৰম কাৰাদণ্ড, 10 হাজাৰ টকাৰ জৰিমনা