ETV Bharat / state

বেজৰ হাতত ধৰ্ষিতা পোন্ধৰ বছৰীয়া কিশোৰী - Hypocrite Kaviraj in Ruphihat

Rape case in Nagaon: নগাঁৱত পুনৰ ভয়ংকৰ ঘটনা । যৌন নিৰ্যাতনৰ বলি আন এগৰাকী কিশোৰী । বেজালিৰ নামত কিশোৰীক যৌন নিৰ্যাতনৰ অভিযোগ নগাঁৱৰ ৰূপহীহাটৰ ইমৰানৰ বিৰুদ্ধে । এতিয়া ৰঙাঘৰৰ আলহী কবিৰাজ ইমৰান ।

Fraud Kaviraj accused of sexual harassing teenage girl at Ruphihat in Nagaon
বেজৰ হাতত ধৰ্ষিতা পোন্ধৰ বছৰীয়া কিশোৰী (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : September 28, 2024 at 8:59 PM IST

2 Min Read
Choose ETV Bharat

নগাঁও,২৮ ছেপ্টেম্বৰ: নগাঁৱৰ ধিঙৰ এগৰাকী কিশোৰী ধৰ্ষণৰ ঘটনাই সমগ্ৰ ৰাজ্য জোকাৰি যোৱাৰ সময়ত পুনৰ আন এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে নগাঁও জিলাতেই । এইবাৰ ঘটনাৰ স্থান নগাঁৱৰ ৰূপহীহাট । নগাঁৱৰ ৰূপহীহাট আৰক্ষী থানাৰ এলেকাধীন কাছখাইটিৰ ইমৰান হুছেইন নামৰ এজন লোকে দীৰ্ঘদিনৰ পৰাই নিজা বাসগৃহত চলাই আহিছিল তন্ত্ৰ-মন্ত্ৰৰ চিকিৎসা । কিন্তু তন্ত্ৰ-মন্ত্ৰৰ চিকিৎসাৰ নামত ইমৰান হুছেইন নামৰ লোকজনে এইবাৰ সংঘটিত কৰিলে এক ভয়ংকৰ কাণ্ড ।

বেজালি চিকিৎসাৰ প্ৰতি বিশ্বাসী বৃহত্তৰ ৰূপহীহাট এলেকাৰ এটা পৰিয়ালৰ এগৰাকী অষ্টম শ্ৰেণীৰ ছাত্ৰীক শুকুৰবাৰে সন্ধিয়া বেজালি পদ্ধতিৰ চিকিৎসাৰ বাবে লৈ গৈছিল ৰূপহীহাটৰ কাছখাইটিৰ ইমৰাণ হুছেইন নামৰ তন্ত্ৰ-মন্ত্ৰ কৰা ভণ্ড বেজৰ ওচৰলৈ । কিন্তু কিশোৰীগৰাকীক সন্ধিয়াৰ আন্ধাৰ হোৱাৰ পাছত চিকিৎসাৰ বাবে মাতি পঠিওৱা বেজ ইমৰানে চিকিৎসাৰ নামত কিশোৰীগৰাকীৰ সৈতে সংঘটিত কৰে ভয়ংকৰ কাণ্ড ।

বেজৰ হাতত ধৰ্ষিতা পোন্ধৰ বছৰীয়া কিশোৰী (ETV Bharat Assam)

অকলশৰীয়াকৈ চিকিৎসা প্ৰদানৰ নামত পোন্ধৰ বছৰীয়া কিশোৰীগৰাকীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে । ভণ্ড বেজ ইমৰান হুছেইনৰ বন্ধ কোঠাৰ পৰা ওলায়েই আতংকিত কিশোৰীগৰাকীয়ে ঘটনাৰ বিষয়ে অৱগত কৰে পৰিয়ালৰ লোকক । লগে লগেই হতভন্ব হৈ পৰে পৰিয়ালৰ লোক । ইয়াৰ পাছতেই ভণ্ড বেজ ইমৰানৰ কু-কাণ্ডৰ বিষয়ে অৱগত হৈ কিশোৰীগৰাকীৰ পৰিয়ালৰ লোক কাষ চাপে আৰক্ষীৰ ।

নিশাই ৰূপহীহাট আৰক্ষী থানাৰ অন্তৰ্গত কাৱৈমাৰী আৰক্ষী চকীত কিশোৰীগৰাকীৰ পৰিয়ালৰ লোকে দাখিল কৰা এজাহাৰৰ ভিত্তিত এক গোচৰ ৰুজু কৰি আৰক্ষীয়ে বেজ ইমৰানক গ্ৰেপ্তাৰ কৰি শনিবাৰে আদালতত হাজিৰ কৰাৰ অন্তত জেল হাজেতলৈ প্ৰেৰণ কৰে ।

উল্লেখযোগ্য যে, বিজ্ঞান-প্ৰযুক্তিৰ দ্ৰুত অগ্ৰগতিৰ সময়তো একাংশ লোকক অন্ধ বিশ্বাসৰ বলি সজাই এইদৰে তন্ত্ৰ-মন্ত্ৰৰ চিকিৎসা চলোৱাই নহয় চিকিৎসাৰ নামত এগৰাকী কিশোৰীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত অভিযুক্ত ইমৰান হুছেইনক আইনৰ জড়িয়তে দৃষ্টান্তমুলক শাস্তি প্ৰদানৰ দাবীও উত্থাপন কৰিছে স্থানীয় লোকে ।

লগতে পঢ়ক: বেজালিৰ ছলেৰে যৌন নিৰ্যাতন চলাই আৰক্ষীৰ জালত পৰিল ভণ্ড তান্ত্ৰিক - Sexual assault case

Hypocrite Kaviraj in Ruphihat: ৰূপহীহাটত ভণ্ড কবিৰাজে জৰা-ফুকা কৰা শিশুৰ মৃত্য়ু

ভুৱা তান্ত্ৰিকৰ বিৰুদ্ধে ছাত্ৰী নিৰ্যাতনৰ অভিযোগ