ETV Bharat / state

চোৰৰ চকু ড৹ হীৰেন গোহাঁইৰ পৰা আৰম্ভ কৰি ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ ঘৰলৈকে

ড৹ গোহাঁইৰ ঘৰত চুৰি কৰা চাৰি চোৰ ধৰা পৰিল ।

chandmari police
ড৹ হীৰেন গোহাঁই ফাইল ফটো (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : June 9, 2025 at 8:40 PM IST

3 Min Read
Choose ETV Bharat

গুৱাহাটী: গুৱাহাটী মহানগৰীত চোৰৰ হাত চাফাই অভিযান কেৱল সাধাৰণ নাগৰিকৰ বাসগৃহতে সীমাবদ্ধ থকা নাই । স্মাৰ্ট মহানগৰীত স্মাৰ্ট চোৰৰ চুৰিকাণ্ড আটাইতকৈ নিৰাপদ বুলি অনুভৱ হোৱা বিধায়ক-মন্ত্ৰী আৱাসৰ পৰা আৰম্ভ কৰি বিশিষ্ট ব্যক্তিৰ ঘৰলৈকে সংঘটিত হৈছে । আনহাতে, চোৰে মহানগৰ আৰক্ষীৰ নাকৰ তলতে চুৰিকাণ্ড সংঘটিত কৰি মহানগৰ আৰক্ষীকো প্ৰত্যাহ্বান জনাই আহিছে ।

তেনে এক চুৰিকাণ্ড সংঘটিত হৈছিল চানমাৰি থানাৰ পৰা মাত্ৰ দুশ মিটাৰ দূৰত্বত । চানমাৰি থানাৰ সমীপতে থকা ৰাজ্যৰ বিশিষ্ট নাগৰিক, বুদ্ধিজীৱী ড৹ হীৰেন গোহাঁইৰ ঘৰত কিছুদিন পূৰ্বে সংঘটিত চুৰিকাণ্ডই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল । বিশিষ্ট চিন্তাবিদ ড৹ গোহাঁইৰ গৃহৰ পৰা মোবাইল ফোন, নগদ ধন চুৰি কৰিছিল চোৰৰ এটা দলে ।

চাৰি চোৰ আৰক্ষীৰ জালত (ETV Bharat Assam)

এই চুৰিকাণ্ডৰ প্ৰতিক্ৰিয়াৰ মাজতে তেওঁৰ ঘৰত চুৰিকাৰ্য সংঘটিত কৰা চোৰৰ এটা দলক দেওবাৰে নিশা চানমাৰি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে । এই সন্দৰ্ভত গুৱাহাটীৰ এ ডি চি পি (ADCP) সম্ভাবী মিশ্ৰাই কয়, "... ড৹ হীৰেন গোহাঁই ইমান ৰেছপেক্টেবল ব্যক্তি আমাৰ সমাজত, তেওঁৰ ঘৰত এটা মোবাইল ফোন চুৰি হৈছে । তাৰ তদন্ত কৰি আমাৰ চানমাৰি থানাই চাৰিজন মানুহক এৰেষ্ট কৰিছে এতিয়ালৈকে । আৰু নগদ টকা ৰিক'ভাৰ কৰিছোঁ । অভিযুক্তৰ নাম হৈছে ৰাজীৱ দাস, বিট্টু আলী, ৰাজা দাস আৰু আব্দুল আলী শ্বেখ । এওঁলোকৰ বেকগ্ৰাউণ্ড চোৰৰ ।"

চানমাৰি আৰক্ষীৰ তথ্য অনুযায়ী, গ্ৰেপ্তাৰ কৰা চোৰকেইটাৰ ভিতৰত ৰাজীৱ দাসৰ ঘৰ লংকাত, বিট্টু আলীৰ ঘৰ ডিমাপুৰত, ৰাজা দাসৰ ঘৰ চানমাৰিত আৰু আব্দুল আজিজ শ্বেখৰ ঘৰ বিলাসীপাৰাত ।

উল্লেখ্য যে অলপতে নিজৰাপাৰস্থিত ড৹ হীৰেন গোহাঁইৰ বাসগৃহৰ প্ৰথম মহলাৰ পৰা ঘৰুৱা সহায়কাৰীৰ মোবাইল আৰু নগদ ধন চুৰি হৈছিল । ঘটনা সন্দর্ভত ভুক্তভোগীয়ে চানমাৰি থানাত দাখিল কৰা এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰে ।

তদন্তৰ সময়তে আৰক্ষীয়ে গান্ধীবস্তি অঞ্চলত আত্মগোপন কৰি থকা চোৰৰ দলটোক গ্ৰেপ্তাৰ কৰি আইনী ব্যৱস্থা গ্রহণ কৰিছে ।

আনহাতে, সম্ভাবী মিশ্ৰাই কয়, "বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ বাসগৃহতো চুৰিৰ চেষ্টা চলিছিল । চুৰি হোৱা নাই কিন্তু এটেম্পট হৈছে । যিয়ে এটেম্পট কৰিছিল তাৰ নাম হৈছে সাগৰ থাপা । ইতিমধ্যে তাৰ বিপৰীতে চাৰিটা কেছ আছে ।"

উল্লেখ্য যে ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ ঘৰৰ খিৰিকী আৰু দুৱাৰৰ তলা ভাঙি চোৰে প্ৰৱেশ কৰিছিল । কিন্তু বিধায়কজনৰ বাসগৃহৰ পৰা চোৰে কোনো সামগ্ৰী চুৰি কৰিব নোৱাৰিলে । চোৰ ঘৰত প্ৰৱেশ কৰাৰ সমগ্ৰ দৃশ্য বন্দী হৈছিল চিচি টিভি কেমেৰাত । তাৰ ভিত্তিতে চানমাৰি আৰক্ষীয়ে চোৰক গ্ৰেপ্তাৰ কৰে । নুনমাটিৰ পৰা চানমাৰি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে সাগৰ থাপাক ।

লগতে পঢ়ক :গাড়ী ভাৰালৈ দিওতে সাৱধান ! নতুন জাল পেলাইছে চুৰি চক্ৰই - CAR THEFT IN GUWAHATI
লগতে পঢ়ক :কঠীয়াতলীৰ নেট চুৰি হোৱাক লৈ ৰঙিয়াত লংকাকাণ্ড - RANGIA VIOLENCE