গৌৰীপুৰত জাল নোটসহ চাৰি সৰবৰাহকাৰী গ্ৰেপ্তাৰ
Fake Currency Seized: গৌৰীপুৰৰ ৰাষ্ট্ৰীয় ঘাইপথত আৰক্ষীৰ অভিযানত জাল নোটসহ গ্ৰেপ্তাৰ চাৰিটা সৰবৰাহকাৰী ৷ সৰবৰাহকাৰী কেইটাৰ পৰা আৰক্ষী জব্দ কৰে 4,500 টকাৰ জাল নোট ৷

Published : February 18, 2024 at 4:46 PM IST
ধুবুৰী, 18 ফেব্ৰুৱাৰী : ধুবুৰীৰ গৌৰীপুৰত জাল নোট সহ চাৰি সৰবৰাহকাৰীক গ্ৰেপ্তাৰ ৷ ধুবুৰীৰ গৌৰীপুৰৰ ৰাষ্ট্ৰীয় ঘাইপথত আৰক্ষীৰ অভিযানত জাল নোট সহ গ্ৰেপ্তাৰ হয় সৰবৰাহকাৰী কেইটা ৷ বৃহৎ পৰিমাণৰ জালনোট সৰবৰাহৰ তথ্যৰ ভিত্তিত আৰক্ষীয়ে চলাইছিল এই অভিযান ৷
জানিব পৰা মতে গৌৰীপুৰৰ গেৰামাৰী অঞ্চলত AS 16 G 9680 নম্বৰৰ বিলাসী বাহনখন ৰখাই তালাচী চলায় আৰক্ষীয়ে ৷ এই তালাচীত চিৰাঙৰ পৰা গৌৰীপুৰ অভিমুখী গাড়ীখনৰ ভিতৰৰ পৰা চাৰিটা সৰবৰাহকাৰী আটক কৰাৰ বিপৰীতে সৰবৰাহকাৰী কেইটাৰ পৰা জব্দ কৰে 4,500 টকাৰ জাল নোট ৷ কেইটামান আমূলৰ পেকেটত জালনোট খিনি পেকেটিং কৰি গোপনে সৰবৰাহ কৰাৰ চেষ্টা কৰিছিল দলটোৱে ৷
ইতিমধ্যে এই ঘটনা সন্দৰ্ভত গৌৰীপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আবুল কালাম আজাদ (চিৰাং), জাবেদ আলী (বগৰিবাৰী), বাহাৰুল ইছলাম (বাসুগাওঁ), হুছেইন আলী (ঢালিগাঁও) নামৰ চাৰিটা সৰবৰাহকাৰী ৷ আমূলৰ পেকেটত পেকেটিং কৰি ঠগ প্ৰবঞ্চনাৰে 50 লাখ টকা সৰবৰাহ কৰাৰ চেষ্টা কৰা বুলি খবৰ লাভ কৰিছিল গৌৰীপুৰ আৰক্ষীয়ে ৷ বৰ্তমান অধিক তথ্যৰ বাবে আৰক্ষীয়ে চাৰি সৰবৰাহকাৰীক জেৰা চলাই আছে ৷
উল্লেখ্য যে, গোৱালপাৰা জিলাৰ বাসিন্দা আবুল কালাম আজাদ চিৰাঙত ভাৰাতীয়া হিচাপে থাকি এই অবৈধ কাৰ্যত লিপ্ত হোৱাৰ অভিযোগ উত্থাপন হৈছে ৷ চিৰাঙৰ আবুল কালাম আজাদ, বগৰিবাৰীৰ জাবেদ আলী, চিৰাং জিলাৰ বাসুগাঁৱৰ বাহাৰুল ইছলাম আৰু ঢালিগাঁওৰ হুছেইন আলীকে ধৰি চাৰিটাকৈ সৰবৰাহকাৰী একেলগে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিছতেই এই জালনোট সৰবৰাহৰ সৈতে বৃহৎ চক্ৰ জড়িত থকাৰ সন্দেহ কৰা হৈছে ৷ এতিয়া আৰক্ষীৰ জেৰাত কি কি তথ্য উদ্ধাৰ হয় সেয়া লক্ষণীয় হ’ব ৷
লগতে পঢ়ক : শিলচৰ NIT ত ছাত্ৰৰ মৰেল পুলিচিং; একাংশ ছাত্ৰৰ প্ৰহাৰত আহত ৰান্ধনী

