চি আই ডিত সাক্ষ্য দিবলৈ উপস্থিত ৩ ছিংগাপুৰীয়া অসমীয়া
ছিংগাপুৰৰ আন কেইগৰাকী প্ৰবাসী অসমীয়াক শীঘ্ৰে অসমলৈ আহিবলৈ আহ্বান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৷

Published : October 13, 2025 at 9:00 AM IST
|Updated : October 13, 2025 at 11:44 AM IST
হায়দৰাবাদ : অসমৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত আজি চি আই ডিত সাক্ষ্য দিব ছিংগাপুৰীয়া অসমীয়াই ৷ ইতিমধ্যে চি আই ডিত সাক্ষ্য দিবলৈ উপস্থিত হৈছে পৰীক্ষিত শৰ্মা, সিদ্ধাৰ্থ বৰা আৰু জালাংছাট নাৰ্জাৰী ৷ জুবিন গাৰ্গৰ মৃত্যুৰ সময়ত য়টখন উপস্থিত আছিল এওঁলোক ৷
জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত কৰা বিশেষ তদন্তকাৰী দলে ছিংগাপুৰৰ মুঠ ১১ জন প্ৰৱাসী অসমীয়ালৈ চমন জাৰি কৰিছিল । এই চমনৰ পাছতেই ৰূপকমল কলিতা নামৰ প্ৰবাসী অসমীয়াগৰাকীয়ে ৭ অক্টোবৰত চি আই ডি কাৰ্যালয় উপস্থিত হৈ সাক্ষ্য প্ৰদান কৰে ৷
ৰূপকমল কলিতাৰ পাছতেই আজি পৰীক্ষিত শৰ্মা, সিদ্ধাৰ্থ বৰা আৰু জালাংছাট নাৰ্জাৰীয়ে বিশেষ তদন্তকাৰী দলৰ সন্মুখত সাক্ষ্য প্ৰদান কৰিব ৷ ইফালে এছ আই টিৰ চমনৰ প্ৰতি বৰ্তমান পৰ্যন্ত সঁহাৰি নজনোৱা ছিংগাপুৰৰ আন কেইগৰাকী প্ৰবাসী অসমীয়াক শীঘ্ৰে অসমলৈ আহিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আহ্বান জনাইছে ৷
দেওবাৰে নিশা ফেচবুক লাইভযোগে মুখ্যমন্ত্রীয়ে কয়, মুখ্যমন্ত্ৰীয়ে কয়, ‘‘জুবিন গাৰ্গৰ তদন্ত সঠিক দিশৰে আগবাঢ়িছে । সোমবাৰে ছিংগাপুৰৰ চাৰিজন প্ৰবাসী অসমীয়া গুৱাহাটীত উপস্থিত হ’ব ।''
তেওঁ লগতে কয়, "ক্ষিপ্ৰগতিত চলি আছে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত । জুবিন গাৰ্গৰ তদন্ত সঠিক দিশৰে আগবাঢ়িছে । ছিংগাপুৰৰ আন ছয়গৰাকীকো শীঘ্ৰে অসমলৈ আহিবলৈ আহ্বান জনাইছো । তেওঁলোক অসমলৈ নাহিলে অন্য পন্থা গ্ৰহণ কৰিবলৈ সাজু আছো । আপোনালোক অসমলৈ আহিবই লাগিব । অসমলৈ নিজে নাহিলে কেনেকৈ আনিব লাগে তাৰ বাবে আইনৰ ব্যৱস্থা ল’বলৈ আমি কুণ্ঠাবোধ নকৰো ।"
লগতে পঢ়ক : জুবিনক আমি ন্যায় দিম, ক্ষিপ্ৰগতিত চলি আছে তদন্ত : মুখ্যমন্ত্রী

