ETV Bharat / state

অসমৰ চাৰিখন জিলাত জনসংখ্যাতকৈ বেছিকৈ ওলাইছে আধাৰ কাৰ্ড - NEW RULE FOR AADHAAR CARD IN ASSAM

CM Himanta Biswa Sarma: প্ৰাপ্তবয়স্কসকলক আধাৰ দিয়াৰ ক্ষেত্ৰত নিয়ম কঠোৰ কৰিব ৰাজ্য চৰকৰে ৷ ১ অক্টোবৰৰ পৰা আধাৰ কাৰ্ডৰ বাবে আবেদন কৰা লোকসকলে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ আবেদনৰ ৰচিদ নম্বৰ জমা দিব লাগিব । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই শনিবাৰে প্ৰকাশ কৰে এই কথা ৷

CM Himanta Biswa Sarma
অসমৰ চাৰিখন জিলাত জনসংখ্যাতকৈ বেছি ওলাইছে আধাৰ কাৰ্ড (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : September 7, 2024 at 10:53 PM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী, ৭ ছেপ্টেম্বৰ: "অসমৰ চাৰিখন মুছলমান অধ্যুষিত জিলাত জনসংখ্যাতকৈ বেছিকৈ আধাৰ কাৰ্ড ওলাইছে । ধুবুৰী, বৰপেটা, নগাঁও আৰু মৰিগাঁও জিলাত জনসংখ্যাতকৈ বেছি আধাৰ কাৰ্ড ওলাইছে ।" গুৱাহাটীত শনিবাৰে সংবাদমেলত এই মন্তব্য কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । সন্দেহযুক্ত লোকে আধাৰ সংগ্ৰহ কৰিব পাৰে বুলি তেওঁ সদৰী কৰে । তেওঁ কয়, "বৰপেটাত ১০৩.৭৪ শতাংশ, ধুবুৰীত ১০৩.৪৮ শতাংশ, মৰিগাঁৱত ১০১.৭৪ শতাংশ আৰু নগাঁৱত ১০১.৬৮ শতাংশ আধাৰ কাৰ্ড পোৱা‌ গৈছে ।"

মুখ্যমন্ত্ৰী শৰ্মাই সংবাদমেলত কয়, "এইবাবেই ৰাজ্য চৰকাৰে আধাৰ নতুনকৈ দিয়াৰ ক্ষেত্ৰত বিশেষকৈ প্ৰাপ্তবয়স্কসকলক আধাৰ দিয়াৰ ক্ষেত্ৰত নিয়ম কঠোৰ কৰিব । এন‌ আৰ চিত আবেদন নকৰাসকলে আধাৰ নাপায় । নতুন আধাৰ দিয়াৰ ক্ষেত্ৰত পৰীক্ষা কৰা‌ হ’ব । অহা অক্টোবৰৰ পৰা প্ৰাপ্তবয়স্কৰ ক্ষেত্ৰত আধাৰ পোৱা টান‌ হ'ব । এইক্ষেত্ৰত চাহ বাগিচাক বাদ দিয়া‌ হ’ব । আধাৰ লাগিলে এন‌ আৰ চিৰ আবেদনৰ নম্বৰ দিব লাগিব । এই‌‌ক্ষেত্ৰত চৰকাৰে নতুন এছ অ’ পি প্ৰস্তুত কৰিব ।"

অসম চৰকাৰে পুনৰ আৰম্ভ কৰিব বিদেশী চিনাক্তকৰণৰ প্ৰক্ৰিয়া:

শৰ্মাই লগতে কয়, "অসমত এন আৰ চি আৰম্ভ হোৱাৰ পিছত বিদেশী চিনাক্ত বন্ধ আছিল । যোৱা তিনিমাহ ধৰি ২৫ জনতকৈ অধিক বাংলাদেশী‌‌ অসমত প্ৰৱেশত বাধা দিয়া হৈছে ।‌ সেয়ে এইক্ষেত্ৰত অসম চৰকাৰ সষ্টম হৈছে । আজি বিদেশী চিনাক্ত কৰাৰ বাবে নিৰ্দেশ দিয়া হৈছে । গাইডলাইন প্ৰস্তুত কৰা হৈছে ।"

ৰাজ্য চৰকাৰৰ কৰ্মচাৰীলৈ‌ বিশেষ সুবিধা:

এতিয়াৰে পৰা ৰাজ্য চৰকাৰৰ কৰ্মচাৰীয়ে লাভ কৰিব ১০ লাখ টকাৰ জীৱন বীমা, ১ কোটি টকাৰ দুৰ্ঘটনা বীমাৰ সুবিধা । শনিবাৰে সংবাদমেলত এই ঘোষণা কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৷

লগতে পঢ়ক: বিশাল-চুমীৰ অনলাইন ট্ৰেডিং কেলেংকাৰীৰ তদন্তৰ ভাৰ চি আই ডিক - CM Himanta Biswa Sarma