ধেমাজিৰ কুলাজানৰ পৰা ডিব্ৰুগড়ৰ চ্যুকাফা তিনিআলি সংযোগী পথৰ পুনঃনিৰ্মাণ কামৰ আধাৰশিলা স্থাপন
ছমাহৰ ভিতৰত পুনৰ যাতায়ত সুচল হৈ উঠিব ধেমাজিৰ কুলাজানৰ পৰা ডিব্ৰুগড়ৰ চ্যুকাফা তিনিআলি সংযোগী ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ । পথটোৰ পুনঃনিৰ্মাণ কামৰ আধাৰশিলা স্থাপন ।

Published : October 28, 2024 at 10:28 PM IST
জোনাই: উত্তৰ অসমৰ লগতে অৰুণাচলৰ কেইবাখনো জিলাৰ লোকে নিতৌ অহা-যোৱা কৰা অতি গুৰুত্বপূৰ্ণ ২৯.৩৮০ কিলোমিটাৰ দৈৰ্ঘৰ পথছোৱা পুনৰ নিৰ্মাণ আৰু মেৰামতি কামৰ শিলান্যাস দেওবাৰে কুলাজান তিনিআলিত লখিমপুৰ লোকসভাৰ সাংসদ প্ৰদান বৰুৱা আৰু জোনাইৰ বিধায়ক ভূৱন পেগুৱে সম্পন্ন কৰে । সাতাইশ কোটি টকা ব্যয় কৰি নিৰ্মাণ কৰিবলগীয়া এই পথছোৱাত বিগত সময়ত বহু বাণিজ্যিক বাহনৰ লগতে সৰু-বৰ বাহন সঘনাই দুৰ্ঘটনাত পতিত হৈছিল ৷ সেয়া এতিয়া অৱসান ঘটিব আগন্তুক ছমাহৰ ভিতৰত ।
লগতে পঢ়ক: শদিয়াৰ পৰা ধুবুৰীলৈ ৰাষ্ট্ৰীয় ঘাইপথৰ শোচনীয় অৱস্থা: বৃদ্ধি পাইছে দুৰ্ঘটনা - National highway
সাংসদ প্ৰদান বৰুৱাই শিলান্যাস কৰাৰ পাছত ২০২৭ বৰ্ষৰ ভিতৰত গোটেই ৰাষ্ট্ৰীয় ঘাইপথটো চাৰিলেনযুক্ত কৰা হ’ব বুলি জানিবলৈ দিয়ে ৷ উল্লেখ্য যে, ধেমাজি জিলাৰ কুলাজানৰ পৰা বগীবিল দলং সংযোগী ১৫ নং ঘাইপথছোৱা সম্প্ৰতি যাতায়তৰ বাবে অসহনীয় হৈ পৰিছে । পথছোৱাৰ অধিকাংশতে পুখুৰী সদৃশ বৃহৎ বৃহৎ গাঁতৰ সৃষ্টি হোৱাৰ ফলত যান-বাহন চলাচলত ব্যাঘাত জন্মিছে ।
এই পথছোৱাৰে নিতৌ শ শ ডাম্পাৰে চিমেন, ডিমৌ, গাই আদি নদীসমূহৰ পৰা শিল, বালি ডিব্ৰুগড়, তিনিচুকীয়া আদি দক্ষিণপাৰৰ বিভিন্ন জিলালৈ কঢ়িয়াই নিয়ে । শিল, বালিভৰ্তি ডাম্পাৰৰ চলাচলৰ বাবে কুলাজান-বগীবিল দলং সংযোগী পথছোৱা জৰাজীৰ্ণ হৈ পৰিছে বুলি ভুক্তভোগী ৰাইজে অভিযোগ উত্থাপন কৰিছে ।
লগতে পঢ়ক: অসমত চাৰিলেনযুক্ত পথ নিৰ্মাণত চূড়ান্ত অৱহেলা: বাৰম্বাৰ বৃদ্ধি সময়সীমা
উক্ত পথছোৱা শোচনীয় হৈ পৰাৰ ফলত উজনি অসমৰ ধেমাজি, গোগামুখ, চিলাপথাৰ, জোনাই, লখিমপুৰ, গহপুৰ, বিহপুৰীয়াৰ আদি ঠাইৰ উপৰি অৰুণাচল প্ৰদেশৰ বহু অঞ্চলৰ ৰাইজে উচ্চ শিক্ষা, চিকিৎসা, বজাৰ, ব্যৱসায় আদি বিভিন্ন কামত দৈনন্দিন ডিব্ৰুগড়, তিনিচুকীয়া আদি ঠাইলৈ যাতায়ত কৰাত ভীষণ সমস্যাৰ সন্মুখীন হৈ আহিছে ।

