অতীতৰ ভুলৰ পৰা আলফা(স্বাঃ)ই শিক্ষা গ্ৰহণ কৰা নাই : প্ৰাক্তন আলফা ঐক্য মঞ্চ - ULFA I Bomb Plant
Former ULFA Unity Forum : আলফা(স্বাঃ)ৰ বোমা সংস্থাপন সন্দৰ্ভত প্ৰাক্তন আলফা নেতা অনুপ চেতিয়াৰ বাসগৃহত সংবাদমেল ৷ অনুপ চেতিয়াৰ বিৰুদ্ধে একাংশ লোক, সংগঠনে অপপ্ৰচাৰ চলোৱাৰ অভিযোগ প্ৰাক্তন আলফা ঐক্য মঞ্চৰ ৷

Published : August 18, 2024 at 7:30 PM IST
তিনিচুকীয়া, ১৮ আগষ্ট : মঙলবাৰে আলফাৰ প্ৰাক্তন নেতা অনুপ চেতিয়াৰ পানীতোলাস্থিত বাসগৃহত প্ৰাক্তন আলফা ঐক্য মঞ্চই এখন সংবাদমেল সম্বোধন কৰে ৷ অনুপ চেতিয়াৰ বাসগৃহত আলফা স্বাধীনে বোমা সংস্থাপন কৰাৰ অভিযোগৰ সন্দৰ্ভত উক্ত সংবাদমেলখন সম্বোধন কৰা হয় ৷
সংবাদমেলত প্ৰাক্তন আলফা ঐক্য মঞ্চই কয়, ‘‘১৫ আগষ্টত স্বাধীনতা দিৱস বর্জন কাৰ্যসূচীকে ধৰি আলফা স্বাধীনে অসমৰ বিভিন্ন স্থানত বোমা সংস্থাপন কৰাৰ লগতে সংযুক্ত মুক্তি বাহিনী, অসমৰ প্ৰতিষ্ঠাপক সম্পাদক তথা প্ৰাক্তন আলফা ঐক্য মঞ্চৰ মুখ্য উপদেষ্টা অনুপ চেতিয়াৰ পানীতোলাস্থিত বাসগৃহত বোমা সংস্থাপন কৰে । আলফা স্বাধীনৰ এনেধৰণৰ অবিবেচক কার্যৰ দ্বাৰা ভৱিষ্যতে অসমত এক অনাকাংশিত পৰিস্থিতি সৃষ্টি হোৱাৰ আশংকাত আমি প্ৰাক্তন আলফা ঐক্য মঞ্চ অতিশয় উদ্বিগ্ন হৈ পৰিছোঁ । পৰিস্থিতিৰ গভীৰতাৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ মঞ্চৰ তৰফৰ পৰা বক্তব্য আগবঢ়োৱা হ’ল ।’’
মঞ্চই কয়, ‘‘অনুপ চেতিয়াৰ বিৰুদ্ধে কিছু ব্যক্তি আৰু সংগঠনে ৰাজহুৱাকৈ অপপ্ৰচাৰত লিপ্ত হোৱাৰ বিষয়টো আমি কিছুদিনৰ পৰা লক্ষ্য কৰি আহিছো । ব্যৱসায়ৰ যোগেদি অগাধ ধন সম্পত্তি আহৰণ কৰি বিলাসী জীৱন কাটোৱা, আলফা চুক্তিৰ জৰিয়তে বৃহৎ পৰিমাণৰ ধন আত্মসাৎ কৰা ইত্যাদি অপপ্ৰচাৰেৰে তেখেতক অসমৰ জনগণত সম্মুখত খলনায়ক সজোৱাৰ অপচেষ্টা এটা দুষ্টচক্ৰই কৰি আহিছিল ৷ উক্ত অভিসন্ধিৰ ফলশ্ৰুতিতে তেখেতৰ বাসগৃহত বোমা সংস্থাপনৰ দৰে অবিবেচক কর্ম সংঘটিত হ’ল বুলি আলফা স্বাধীনৰ সভাপতিগৰাকীয়ে ইতিমধ্যে অনুপ চেতিয়াক জনাইছে ।’’
তদুপৰি তেওঁলোকে কয়, ‘‘আলফা চুক্তিৰ জৰিয়তে অসমৰ ৰাজনৈতিক সমস্যাসমূহৰ সমাধান হ’ব বুলি অসমৰ জনগণে আশা কৰিছিল । জনগণে আশা কৰা ধৰণে চুক্তি ৰূপায়ণ নোহোৱাৰ দোষ অনুপ চেতিয়াৰ ওপৰত বহুতে জাপি দিব বিচাৰিছে । সাংগঠনিকভাৱে দুৰ্বল হৈ পৰা আলফা স্বাধীনে ভাৰত ৰাষ্ট্ৰৰ পৰা প্ৰাপ্য অধিকাৰ কাঢ়ি অনাৰ শক্তি হেৰুৱাই পেলাইছে । নির্মম হ’লেও ইয়েই বাস্তৱ ৷ ইয়াক অস্বীকাৰ কৰাৰ উপায় নাই ।’’
লগতে পঢ়ক : আতংকিত লখিমপুৰবাসী: আজিও উদ্ধাৰ নহ’ল আলফাই সংস্থাপন কৰা তৃতীয়টো বোমা
ৰাইজৰ ক্ষতি কৰিবলৈ কোনোবা ওলালে আমি একশ্যন ল’ম : অসম আৰক্ষীৰ বিশেষ ডিজিপি হৰমিত সিং

