শ্বহীদসকলক ইতিহাসে স্বীকৃতি দিব: গণেশ অসমৰ বাসগৃহত অনুপ চেতিয়া
আলফা স্বাধীনৰ শিবিৰত আক্ৰমণ কৰাটো অসমৰ ৰাইজে ভালভাৱে লোৱা নাই । পৰেশ বৰুৱা আলোচনাৰ বিৰোধী নহয় । এই মন্তব্য অনুপ চেতিয়াৰ ।

Published : July 24, 2025 at 7:47 AM IST
মৰাণ: আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱাক অস্ত্ৰ এৰি আলোচনাৰ মেজলৈ আহিবলৈ আহ্বান জনাই থকাৰ সময়তে কেইটামান দিনৰ পূৰ্বে আলফা (স্বাধীন)ৰ ম্যানমাৰ শিবিৰত সংঘটিত ভয়ংকৰ আক্রমণত কেইবাজনো শীৰ্ষ বিষয়া আৰু সদস্যৰ মৃত্যু হয় । এই আক্ৰমণত নিহত হয় ব্ৰিগেডিয়াৰ পূৰ্ণ লাহন ওৰফে গণেশ অসম ।
ৰহস্যজনক ড্ৰোণ আক্ৰমণত নিহত আলফা (স্বাধীন)ৰ ব্ৰিগেডিয়াৰ গণেশ অসম ওৰফে পূৰ্ণ লাহনৰ সোণাৰিৰ বাঁহবাৰী গাঁৱত আজিও বিৰাজ কৰি আছে শোকাকুল পৰিৱেশ । ১৯৯৬ চনতে আলফালৈ গমন কৰিছিল আলফাৰ দুধৰ্ষ নেতাগৰাকীয়ে ।
ঘৰৰ পৰা কলেজলৈ বুলি ওলাই যোৱাৰ পাছত ঘৰলৈ আৰু উভতি অহা নাছিল তেওঁ । এজনী ছোৱালীৰ হাতত আলফালৈ যোৱা বুলি পত্ৰ লিখি পঠাই গৈছিল ঘৰলৈ । তেতিয়াৰে পৰা পৰিয়ালৰ লগত কোনো সম্পৰ্ক ৰখা নাছিল আলফাৰ দুধৰ্ষ নেতাগৰাকীয়ে ।
ইফালে গণেশ অসমৰ মৃত্যুৰ খবৰ ৰাজহুৱা হোৱাৰ পাছতে সোণাৰিৰ বাঁহবাৰীৰ বাসগৃহত ধৰ্মীয় সকলো নীতি-নিয়ম সম্পূৰ্ণ কৰিছে পৰিয়ালে । বুধবাৰে সোণাৰিৰ বাঁহবাৰীস্থিত গণেশ অসমৰ বাসগৃহত উপস্থিত হয় আলফা স্বাধীনৰ প্ৰতিষ্ঠাপক সম্পাদক অনুপ চেতিয়া ।
আলফাৰ প্ৰতিষ্ঠাপক সম্পাদকগৰাকীয়ে গণেশ অসমৰ পৰিয়ালক সমবেদনা জ্ঞাপন কৰি গণেশ অসমৰ সৈতে আলফা শিবিৰত অতিবাহিত কৰা সময়ৰ কথা শ্ৰদ্ধাৰে সোঁৱৰে ।
শ্বহীদ হোৱাসকলক এটা সময়ত ইতিহাসে স্বীকৃতি দিব
ড্ৰোণ আক্ৰমণত নিহত আলফা (স্বাধীন)ৰ ব্ৰিগেডিয়াৰ গণেশ অসম ওৰফে পূৰ্ণ লাহনৰ সোণাৰিৰ বাঁহবাৰীস্থিত গাঁৱত উপস্থিত হৈ আলফাৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক অনুপ চেতিয়াই কয়, "নিশাৰ অন্ধকাৰত যিধৰণেৰে আলফা সদস্যকেইজনক শ্বহীদ কৰিলে এইটো উচিত হোৱা নাই । বহিঃৰাষ্ট্ৰত থকা আলফা (স্বাধীন)ৰ শিবিৰত আক্ৰমণ কৰাটো উচিত হোৱা নাই । অসমৰ ৰাইজে এই ঘটনাক ভালভাৱে লোৱা নাই । তেওঁলোকে দেশ আৰু জাতীয় স্বাৰ্থৰ বাবে জীৱন ত্যাগ কৰিলে । তেওঁলোক সদায় মহান হৈ ৰ'ব । শ্বহীদ হোৱাসকলক এটা সময়ত ইতিহাসে স্বীকৃতি দিব ।"
কিমানজন আলফা (স্বাধীন)ৰ সদস্যৰ মৃত্যু হৈছিল
ৰহস্যজনক ড্ৰোণ আক্ৰমণত আলফা (স্বাধীন)ৰ ম্যানমাৰ শিবিৰত প্ৰকৃততে কিমানজনৰ মৃত্যু হ'ল সেই কথা আজিও স্পষ্ট নহয় । এই সম্পৰ্কে চেতিয়াই কয়, "প্ৰথমটো আক্ৰমণত কোনো নিহত হোৱা নাছিল । আক্ৰমণ কৰা তিনিটা শিবিৰৰ এটাহে ধ্বংস হৈছে, বাকী দুটাত বৰ বিশেষ ক্ষতি হোৱা নাই । আলফা (স্বাধীন)ত নতুনকৈ যোগদান কৰা ভাস্কৰজ্যোতি নাথ অসুস্থ হৈ আছিল; সেয়ে তেওঁক আনিবলৈ যাওঁতে গণেশ অসমৰ লগতে আন দুজনৰ মৃত্যু হোৱা বুলি জানিবলৈ দিছে । এই আক্ৰমণত তিনিজন শ্বহীদ হৈছে যদিও বহুকেইজন আঘাতপ্ৰাপ্ত হৈছে ।"
আক্ৰমণৰ পাছত আলফা (স্বাধীন)ৰ সেনাধ্যক্ষ পৰেশ বৰুৱাৰ আলোচনাৰ বাবে কি হ'ব স্থিতি
আনহাতে, আলফা (স্বাধীন)ৰ সেনাধ্যক্ষ পৰেশ বৰুৱা আলোচনাৰ বিৰোধী নহয়, ভাৰত চৰকাৰে উদ্যোগ গ্ৰহণ কৰিলে আলফা (স্বাধীন)ৰ নেতাজন আলোচনাত বহাৰ সম্ভাৱনা আছে বুলিও মন্তব্য কৰে প্ৰাক্তন আলফা নেতা অনুপ চেতিয়াই । অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কথাবোৰ কৈ থাকে, কিন্তু কৈ থাকিলে কেৱল নহ'ব কাৰ্যকৰী ব্যৱস্থা কৰিব লাগিব বুলিও উল্লেখ কৰে অস্ত্ৰ সম্বৰণ কৰি মূলসুঁতিলৈ ঘূৰি অহা প্ৰাক্তন বিদ্ৰোহী অনুপ চেতিয়াই ।

