ETV Bharat / state

মুকলি আকাশৰ তললৈ প্ৰাক্তন আলফা কেডাৰ অমৰ সিং

প্ৰাক্তন মন্ত্ৰী নগেন নেওগৰ হত্যাকাণ্ডৰ গোচৰৰ পৰা ছুপ্ৰিম ক'ৰ্টে দোষমুক্ত কৰিলে প্ৰাক্তন আলফা অমৰ সিঙক । চিবিআইৰ দলে পৰা গ্ৰেপ্তাৰ কৰিছিল প্ৰাক্তন আলফা কেডাৰজনক ।

Supreme Court acquittes former ULFA cadre Amar Singh
মুকলি আকাশৰ তললৈ প্ৰাক্তন আলফা কেডাৰ অমৰ সিং (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : November 6, 2024 at 10:00 PM IST

2 Min Read
Choose ETV Bharat

গোলাঘাট: প্ৰাক্তন মন্ত্ৰী নগেন নেওগৰ হত্যাকাণ্ডৰ অভিযুক্ত প্ৰাক্তন আলফা সদস্য অমৰ সিঙ ওৰফে অৰূপ কোঁৱৰক আজি দিল্লীৰ উচ্চতম ন্যায়ালয়ে দোষমুক্ত কৰিলে । ১৯৮৮ চনত আলফাত যোগদান কৰা অৰূপ কোঁৱৰে পৰৱৰ্তী সময়ত ম্যানমাৰৰ কাচিনত গেৰিলা প্ৰশিক্ষণ লৈছিল । ২০০৩ চনত তেওঁক আৰক্ষীয়ে গোৱালপাৰাত গ্ৰেপ্তাৰ কৰাৰ পিচত ২০১৩ চনৰ জুলাই মাহত জেলৰ পৰা মুক্ত হয় ।

ইয়াৰ পিচতে গোলাঘাট জিলাৰ পুলিবৰৰ যোগিবাৰীস্থিত ঘৰত থাকি কৃষিকাৰ্য আৰু সামাজিক কাম কাজত ব্যস্ত হৈ পৰে । যোৱা ১৭ অক্টোবৰৰ তেওঁক নিজা ঘৰৰ পৰা গোলাঘাট আৰক্ষীৰ সহযোগত কলকাতাৰ পৰা অহা চিবিআইৰ দলে আটক কৰি সদৰ আৰক্ষী থানাত সোধাপোচ কৰাৰ অন্তত উক্ত দিনা নিশা গুৱাহাটীলৈ লৈ যায় যদিও পাছদিনা মুকলি কৰি দিয়ে ।

গোচৰটো ২০১৫ চনৰ পৰা উচ্চতম ন্যায়ালয়ৰ বিচাৰাধীন হৈ থকাৰ পিছত আজি সৰ্বোচ্চ ন্যায়ালয়ে অমৰ সিঙৰ পক্ষত ৰায়দান কৰে বুলি স্বয়ং অমৰ সিঙে জানিবলৈ দি কয়, "এই গোচৰটোত সুদীৰ্ঘ সময় ধৰি অধিবক্তা মণীষ গোস্বামীয়ে যুক্তি দৰ্শাইছিল । জানিব পৰা মতে ১৯৯৬ চনৰ ৬ মে'ৰ দিনা গোলাঘাট জিলাৰ ফৰকাটিঙৰ সমীপৰ শিঙিজানত সংঘটিত হৈছিল প্ৰাক্তন মন্ত্ৰী তথা বৰ্তমানৰ বিত্ত মন্ত্ৰী অজন্তা নেওগৰ স্বামী নগেন নেওগৰ হত্যাকাণ্ডৰ ঘটনা । এই হত্যাকাণ্ড সংঘটিত কৰিছিল আলফাৰ প্ৰাক্তন কেদাৰে । হত্যাকাণ্ডৰ অন্যতম অভিযুক্ত আছিল অমৰ সিঙ ।"

তেওঁ লগতে কয়,"তাৰ পিছতেই হত্যাকাণ্ডৰ অভিযোগত কাৰাদণ্ড বিহা হৈছিল অমৰ সিঙক । কিন্তু ২০১৩ বৰ্ষত উচ্চ ন্যায়ালয়ে দোষমুক্ত ঘোষণা কৰি মুকলি কৰি দিছিল অভিযুক্ত সিঙক । পুনৰ ২০১৫ বৰ্ষত উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল নগেন নেওগৰ পৰিয়াল ।"

লগতে পঢ়ক:প্ৰাক্তন মন্ত্ৰী নগেন নেওগৰ হত্যা গোচৰ; পুনৰ গ্ৰেপ্তাৰ প্ৰাক্তন আলফা অমৰ সিঙক