১০ টকীয়া টিকট কাটি জাহাজত উঠিল প্ৰাক্তন বিধায়ক - Jiten Gogoi Join AJP
Jiten Gogoi: জাহাজত উঠি ছুনামী আনিবলৈ অংগীকাৰবদ্ধ 'কাজিৰঙাৰ ৰজা' । আনুষ্ঠিকভাৱে যোগদান কৰিলে অসম জাতীয় পৰিষদত ।

Published : October 4, 2024 at 7:59 PM IST
কাজিৰঙা,৪ অক্টোবৰ: বোকাখাতৰ ৰাজনীতিত নতুন ধুমুহা । আঞ্চলিকতাবাদৰ ধ্বজা উৰুৱাই আগন্তুক ২০২৬ চনৰ নিৰ্বাচনত ছুনামী আনিবলৈ সংকল্পবদ্ধ এজন প্ৰাক্তন বিধায়ক । দুবাৰকৈ বোকাখাতৰ বিধায়কৰ গাদী দখল কৰা জীতেন গগৈয়ে শুকুৰবাৰে দহ টকাৰ মাচুল আদায় দি গ্ৰহণ কৰে অসম জাতীয় পৰিষদৰ সদস্য পদ ।
গগৈৰ নেতৃত্বাধীন বোকাখাত নিৰ্মাণ গোটত থকা ২১ হাজাৰ সদস্যও আজিৰে পৰা একাকাৰ হ’ল অসম জাতীয় পৰিষদত । ২১ খন আঞ্চলিকসহ অসম জাতীয় পৰিষদত চামিল হ'ল জীতেন গগৈৰ নেতৃত্বৰ বোকাখাত নিৰ্মাণ গোট । জীতেন গগৈৰ মতে নিৰ্মাণ গোটৰ বৰ্তমান সদস্য সংখ্যা ২১ হাজাৰ ।
প্ৰতিকুল বতৰৰ বাবে প্ৰতীকিভাৱে আজি একাংশই যোগদান কৰে । বোকাখাত নাট্যমন্দিৰত অনুষ্ঠিত যোগদান সভাত অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ, সাধাৰণ সম্পাদক জগদীশ ভূঞা, কেন্দ্ৰীয় সম্পাদক চিত্তৰঞ্জন বসুমতাৰী, ৰাজু ফুকন, মুখপাত্ৰ জিয়াউৰ ৰহমানকে ধৰি অসম জাতীয় পৰিষদৰ শীৰ্ষ নেতৃত্বৰ উপস্থিতিত জীতেন গগৈয়ে যোগদান কৰাৰ লগতে বোকাখাত নিৰ্মাণ গোটক অসম জাতীয় পৰিষদত চামিল কৰে ।

'কাজিৰঙাৰ ৰজা' হিচাপে খ্যাতি থকা জীতেন গগৈয়ে অজাপত যোগদান কৰি কয়, "ঐক্যবদ্ধ শক্তিক কোনেও পৰাভূত কৰিব নোৱাৰে । পাঁচটা আঙুলিৰে মুঠি মাৰিলে শক্তিশালী হ'ব । আমি যথেষ্ট শক্তিৰে যুঁজিম । সঁচা কথাবোৰ মানুহৰ মাজলৈ লৈ যাম । কেৱল মুখেৰে কৈ লাভ নাই, আমি হাতে কামে দেখুৱাম ।"

ইফালে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে কয়,"দলৰ আৰম্ভণি এনেকৈয়ে হয় । ৰাইজৰ মাজত লাহে লাহে বিশ্বাস বাঢ়িছে, জাতীয় পৰিষদে যে অসমৰ জাতীয়তাবাদক প্ৰতিনিধিত্ব কৰিব সেই বিশ্বাস মানুহৰ মাজত দৃঢ় হৈছে ।
আমাৰ দলৰ পতাকাৰ তলত ঠিয় হৈ মাতৃ সেৱাৰ বাবে অংগীকাৰবদ্ধ হৈছে জীতেন গগৈ । আমি এটা জনমুখী ৰাজনীতি কৰিব খুজিছো । যিটো কাম জীতেন গগৈয়ে বহুদিনৰ পৰা কৰি আহিছে আৰু সেয়ে আমাৰ লগত আদৰ্শ তথা দৰ্শন মিলিছে ।" এতিয়া জীতেন গগৈৰ অজাপত যোগদানে আগন্তুক বিধানসভা নিৰ্বাচনত বোকাখাত সমষ্টিৰ বৰ্তমানৰ বিধায়ক তথা মন্ত্ৰী অতুল বৰাক অসুবিধাত পেলাব নেকি সেয়াহে হ'ব চাবলগীয়া ৷

