ETV Bharat / state

বিজেপিত পুনৰ নতুন-পুৰণিৰ সংঘাতৰ উকমুকনি !

বিজেপিৰ পুৰণি নেতা-কৰ্মীৰ অসন্তুষ্টি পুনৰ এবাৰ স্পষ্ট হৈছে । দলীয় নেতৃত্বক আকৌ প্ৰত্যাহ্বান ৰাজেন গোঁহাইৰ ।

Assam BJP Internal Conflict
বিজেপিত পুনৰ ন-পুৰণিৰ সংঘাতৰ উকমুকনি ! (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : December 26, 2024 at 7:14 PM IST

3 Min Read
Choose ETV Bharat

ডিব্ৰুগড় : শাসকীয় দল বিজেপিৰ ভিতৰচ'ৰাত দীৰ্ঘদিনৰ পৰা চলি আহিছে ন-পুৰণিৰ সংঘাত ! বিজেপি দলটোক অসমত প্ৰতিষ্ঠা কৰি শাসন কৰিব পৰা পৰ্যায়লৈ অনা পুৰণি বিজেপি কৰ্মীসকল নতুনকৈ বিজেপিত যোগদান কৰা একাংশ নেতা-কৰ্মীৰ বাবে এলাগী হোৱা বুলি অভিযোগ উত্থাপিত হৈ আহিছে ।

প্ৰাক্তন কেন্দ্ৰীয় ৰে'ল ৰাজ্যিক মন্ত্ৰী তথা নগাঁৱৰ প্ৰাক্তন সাংসদ ৰাজেন গোঁহায়ে সাংসদ পদৰ প্ৰাৰ্থিত্ব লাভ নকৰাৰ পাছৰে পৰা ন-পুৰণি বিজেপিৰ সংঘাতৰ বিষয়টো শক্তিশালীভাৱে ৰাজহুৱা হৈছিল ।

বিজেপিত পুনৰ ন-পুৰণিৰ সংঘাতৰ উকমুকনি ! (ETV Bharat Assam)

বিগত লোকসভা নিৰ্বাচনৰ পূৰ্বে জ্যেষ্ঠ বিজেপি নেতাজনে ন-পুৰণি বিজেপিৰ সংঘাতৰ বিষয়টোক লৈ ৰাজহুৱাকৈ দলীয় নেতৃত্বক সমালোচনা কৰিও চৰ্চালৈ আহিছিল । খবৰ ওলাইছিল ৰাজেন গোঁহাইৰ নেতৃত্বত পুৰণি অসন্তুষ্ট বিজেপি কৰ্মীসকলে নতুন ৰাজনৈতিক দল গঠন কৰিব ! অৱশ্যে উপ-নিৰ্বাচন শেষ হোৱাৰ পাছতে উজনিত জিলাই জিলাই বিজেপিৰ পুৰণি দলীয় কৰ্মীৰ সৈতে আলোচনাত মিলিত হৈছে জ্যেষ্ঠ বিজেপি নেতা ৰাজেন গোঁহায়ে । বৃহস্পতিবাৰে ডিব্ৰুগড়ৰ মিলন নগৰত প্ৰাক্তন বিজেপি নেতা-কৰ্মীৰে পুনৰ বৈঠকত মিলিত হ'ল নেতাগৰাকী । বৈঠকৰ অন্তত দলে সাংগঠনিক নেতৃত্বৰ পৰিৱৰ্তনেৰে পুৰণি বিজেপি নেতা-কৰ্মীক উচিত মৰ্যাদা প্ৰদান কৰিব লাগিব বুলি দাবী জনাই পুনৰ বিজেপি নেতৃত্বৰ বিৰুদ্ধে বহু বিস্ফোৰক মন্তব্য কৰে গোঁহায়ে ।

বিদ্ৰোহী কৰ্মীক বুজনি দিয়াৰ চেষ্টা ৰাজেন গোঁহাইৰ

ডিব্ৰুগড়ত পুৰণি বিজেপি কৰ্মীসকলৰ সৈতে আলোচনাত মিলিত হৈ জ্যেষ্ঠ বিজেপি নেতাগৰাকীয়ে সংবাদ মাধ্যমক কয়, "আজি আমাৰ বহু পুৰণি কৰ্মী এলাগী হৈ কংগ্ৰেছ বা অন্যান্য ৰাজনৈতিক দলত যোগদান কৰিবলৈ চিন্তা কৰিছে । বিশেষকৈ কংগ্ৰেছ দললৈ বেছি ধাৱমান হ'বলৈ লৈছে । কংগ্ৰেছ যদি পুনৰ ক্ষমতালৈ আহে অসম আৰু অসমীয়াৰ ডাঙৰ ক্ষতি হ'ব । সেয়ে কৰ্মীসকলক এনে নকৰিবলৈ বুজনি দিছো । আমি দেখিছো আমাৰ লগত অন্যায় হৈছে, তথাপিও কংগ্ৰেছলৈ নাযাবলৈ দলীয় কৰ্মীক বুজনি দিছো । দললৈ যি নতুন নেতৃত্ব আহিব তেতিয়া পুৰণি কৰ্মীসকলক যদি ন্যায় দিয়ে তেতিয়া আমি ন্যায় পোৱাৰ সম্ভাৱনা আছে । পুৰণি বহু নেতাই নতুন দল গঠন কৰিবলৈ আহ্বান জনাই আহিছিল যদিও সেইটো নহয় । ইতিমধ্যে কংগ্ৰেছ দললৈ বহুকেইজন গৈছে, আমালৈও বিভিন্ন দলৰ পৰা প্ৰস্তাৱ আহিছে । ৰাজ্যিক সভাপতিৰ প্ৰস্তাৱো দিছে আমাক । পুৰণি কৰ্মীৰ দম নাই বুলি যদি আজিৰ নেতৃত্বই ভাবিছে সেয়া ভুল ভাবিছে । বিজেপিৰ পুৰণি কৰ্মীয়ে ইচ্ছা কৰিলে ৰাজ্যত ভাঙি তচনচ হ'ব বিজেপি ।"

সৰ্বানন্দ সোণোৱালক সামালোচনা

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাকে নহয় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালকো কটু সমালোচনা কৰিলে ৰাজেন গোঁহায়ে । তেওঁ কয়,"সৰ্বানন্দ সোণোৱালৰ পৰা আমি বহু আশা কৰিছিলো কিন্তু একো নাপালো । তেওঁৰ দিনতেই মোৰ টিকট কটা গ'ল, তেওঁ গৃহ মন্ত্ৰী থাকোতে মোৰ ওপৰত ৰেপ ছাৰ্জ আহিল । সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাৰ মাজত প্ৰতিযোগিতা হ'ল । এজনে এ জি পিৰ মানুহ আনিলে, এজনে কংগ্ৰেছৰ মানুহ আনিছে । বিজেপিৰ মানুহ কৰ'বাত উফৰি পৰিল ।"

লগতে পঢ়ক :প্ৰসংগ 'লজ্জা' : মুখ্যমন্ত্রীৰ পৰা কেইবাটাও প্ৰশ্নৰ উত্তৰ বিচাৰিলে প্ৰদেশ কংগ্ৰেছে - CONGRESS SHAMELESS CONTROVERSY