ETV Bharat / state

প্ৰকৃতিক ভাল পাবলৈ শিকক সকলো সমস্যা দূৰ হৈ যাব: যাদৱ পায়েং - WORLD ENVIRONMENT DAY 2025

বিশ্ব পৰিৱেশ দিৱসৰ পূৰ্বে প্ৰতিগৰাকী নাগৰিকলৈ অৰণ্য মানৱ পদ্মশ্ৰী যাদৱ পায়েঙৰ বিশেষ আহ্বান ।

Forest man of India Jadav Payeng
সৰুপথাৰ মহাবিদ্যালয়ত গছপুলি ৰোপণ যাদৱ পায়েঙৰ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : June 4, 2025 at 6:37 PM IST

3 Min Read

সৰুপথাৰ: "পৃথিৱীৰ ৮০০ কোটি মানুহ একেই, পৰিয়াল এটাই । বিশ্বৰ ৮০০ কোটি মানুহক অনুৰোধ কৰিছোঁ যে আপোনালোকে একো কৰিব নালাগে, কেৱল প্ৰকৃতিক ভাল পাবলৈ শিকক সকলো সমস্যা দূৰ হৈ যাব ।" বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি সৰুপথাৰ মহাবিদ্যালয়ত বুধবাৰে আয়োজিত এক অনুষ্ঠানত অংশগ্ৰহণ কৰি এই মন্তব্য কৰে অৰণ্য মানৱখ্যাত যাদৱ পায়েঙে । বছৰে বিশ্বত বৃদ্ধি পোৱা উষ্ণতা, প্ৰাকৃতিক দুৰ্যোগ আদিৰ প্ৰসংগত যাদৱ পায়েঙে বিশ্ববাসীক এই আহ্বান জনায় ।

উল্লেখ্য যে ৫ জুনত পালন কৰা হয় বিশ্ব পৰিৱেশ দিৱস । তাৰ পূৰ্বে বুধবাৰে গোলাঘাটৰ সৰুপথাৰ মহাবিদ্যালয়ত উপস্থিত হয় অৰণ্য মানৱ যাদৱ পায়েং । বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি এক বক্তৃতা অনুষ্ঠানত সমল ব্যক্তি হিচাপে উপস্থিত থাকে যাদৱ পায়েং । "আমাৰ পৰিৱেশ আৰু আমাৰ দায়িত্ব" বিষয়ত তেওঁ মহাবিদ্যালয়খনত বক্তৃতা প্ৰদান কৰে । লগতে যাদৱ পায়েঙে মহাবিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু শিক্ষাৰ্থীৰ সৈতে বৃক্ষৰোপণ কাৰ্যসূচীতো অংশগ্ৰহণ কৰে ।

বিশ্ববাসীলৈ যাদৱ পায়েঙৰ আহ্বান (ETV Bharat)

গৰম বন্ধ উঠাই দিয়াৰ আহ্বান

অনুষ্ঠানত অংশ লৈ পদ্মশ্ৰী যাদৱ পায়েঙে কয়, "এখন মহাবিদ্যালয় যেনেকৈ ছাত্ৰ-ছাত্ৰীৰ ওপৰত নিৰ্ভৰশীল, তেনেকৈয়ে প্ৰকৃতিখনো ছাত্ৰ-ছাত্ৰীৰ ওপৰতে নিৰ্ভৰশীল । যদিও এই কথা প্ৰকাশ কৰিবলৈ হ'লে সংবাদ মাধ্যমৰ বাদে অন্যই নোৱাৰে...। সাম্প্ৰতিক সময়ত যি গৰমৰ উত্তাপ বাঢ়িবলৈ ধৰিছে তাৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰৰ লগতে ভাৰত চৰকাৰক বহুকেইখন ৰাজ্যত মই কৈছোঁ গৰম বন্ধটো উঠাই বতৰ বিজ্ঞানৰ তথ্য মতে যিদিনা গৰমৰ উত্তাপৰ কথা জানিব পৰা যাব সেই দিনটোত শিক্ষানুষ্ঠান বন্ধ দিয়ক ।"

Forest man of India Jadav Payeng
সৰুপথাৰ মহাবিদ্যালয়ত বিশিষ্ট বক্তা হিচাপে উপস্থিত যাদৱ পায়েং (ETV Bharat)

তেওঁ কয়, "এই বছৰে ৫/৬ জনকৈ শিক্ষাৰ্থী গৰমৰ ফলত ঢলি পৰিছে । যোৱা বছৰ গৰমত ৪২ ডিগ্ৰী চেলছিয়াছত ৫ গৰাকী শিক্ষাৰ্থীৰ মৃত্যু হৈছে । যদিহে ৫২ ডিগ্ৰী গৰম হয় তেনেহ'লে শিক্ষাৰ্থীসকলৰ কি হ'ব ? ডাক্তৰ, বিজ্ঞানীয়ে যিয়েই নকওঁক কিয় গৰমৰ উত্তাপৰ ফলত শিক্ষাৰ্থীসকল যথেষ্ট প্ৰভাৱিত হয় লগতে ঢলি পৰা দেখা যায় । এই দিশটো শিক্ষকসকলৰ লগতে চৰকাৰে গুৰুত্ব দিব লাগিব ।"

সংবাদ মাধ্যমৰ দায়িত্ব

যাদৱ পায়েঙে সংবাদ মাধ্যমৰ দায়িত্ব সন্দৰ্ভত কয়, "সংবাদ মাধ্যমৰ দেশ আৰু জাতিৰ পৰিৱেশৰ লগত ভাৰসাম্যতা বজাই ৰখাৰ গুৰু দায়িত্ব আছে । দেখিছো আপোনালোকৰ দুখ-কষ্ট, যুদ্ধৰ সময়তো দেখিছো...। যি দুখ-কষ্ট আছে তাকে কিছুমানে বুজি নাপায় কাৰণে সাংবাদিকক গালি পাৰে ।"

ইফালে সৰুপথাৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ প্ৰাপ্তি ঠাকুৰে কয়,"৫ তাৰিখে বিশ্ব পৰিৱেশ দিৱস । আমি তেওঁক সেই দিনটোত নিমন্ত্ৰণ জনাইছিলো কিন্তু তেওঁ যিহেতু ব্যস্ত সেয়ে আজি আমাক তেওঁ সময় দিলে । সৰুপথাৰ মহাবিদ্যালয়ৰ বাবে সৌভাগ্য যে তেখেত আজি আমাৰ মাজলৈ আহিল...।"

লগতে পঢ়ক :'পক্ষীকুলৰ অভিযন্তা' টোকোৰা চৰাইৰ বাহ চাই নয়ন সাৰ্থক কৰিব বিচাৰে নেকি ? আহক ইয়ালৈ - WEAVER BIRDS IN DERGAON

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.