গিবন অভয়াৰণ্যত তৈলখননৰ ফলত হ'ব পৰা ভয়ংকৰ ক্ষতি সন্দৰ্ভত কি ক'লে অৰণ্য় মানৱে ? - Hollongapar Gibbon Sanctuary
Gibbon Sanctuary: হোলোঙাপাৰ গিবন অভয়াৰণ্যক ১৯৯৭ চনত চৰকাৰীভাৱে অভয়াৰণ্যৰ মৰ্যাদা দিয়া হৈছিল । উল্লেখ্য় যে ১৮৮১ চনত প্ৰতিষ্ঠিত এই বনাঞ্চলৰ সীমা পূৰ্বতে পাটকাই পৰ্বতৰ পাদদেশলৈকে বিস্তৃত আছিল যদিও বিভিন্ন কাৰণত ইয়াৰ পৰিসৰ হ্ৰাস পাইছে । ইয়াৰ মাজতেই কেন্দ্ৰীয় বন মন্ত্ৰালয়ৰ ঘোষণাত শংকিত হৈছে প্ৰকৃতিপ্ৰেমী ।

Published : September 18, 2024 at 10:41 AM IST
যোৰহাট, ১৮ ছেপ্টেম্বৰ: কেন্দ্ৰীয় বন মন্ত্ৰালয়ে যোৰহাট জিলাৰ মৰিয়নীৰ হোলোঙাপাৰ গিৱন অভয়াৰণ্যৰ সেউজ ভূমিত তৈল খননৰ বাবে অনুমোদন দিয়াক লৈ সৰ্বত্ৰে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । কাৰণ পৃথিৱীৰ ভিতৰতেই গিবন অভয়াৰণ্যত বিলুপ্তপ্ৰায় ৭টা প্ৰজাতিৰ বান্দৰ পোৱা যায় । এইদৰে খনন চলালে অভয়াৰণ্যখনলৈ আহিব পাৰে অশনি সংকেত ।
- শব্দ প্ৰদূষণে মাতিব বিপদ :
এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অৰণ্য মানৱ পদ্মশ্ৰী যাদৱ পায়েঙে । অৰণ্য মানৱগৰাকীয়ে কয়, "পৃথিৱীৰ ভিতৰতেই মৰিয়নীৰ হোলোঙাপাৰৰ গিবন অভয়াৰণ্য হৈছে বিলুপ্তিপ্ৰায় ৭টা প্ৰজাতি বান্দৰ বিচৰণ আৰু আৱাসস্থল । উক্ত সেউজ ভূমিত তেল খনন কৰিলে সৃষ্টি হ'ব শব্দ প্ৰদূষণ । ফলত ইয়াত থকা ৭টা প্ৰজাতিৰ বান্দৰৰ লগতে অন্যান্য জীৱ-জন্তুসমূহ উক্ত হাবিৰ পৰা মুক্ত হৈ মুকলিলৈ ওলাই আহিব । তেতিয়া মানুহ আৰু জীৱ-জন্তুৰ মাজত সংঘাত বৃদ্ধি পাব ।
- বনভূমিত তেল খননৰ পৰা আঁতৰি থাকিবলৈ চৰকাৰক আহ্বান
তেওঁ পুনৰ কয়, "অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰক অনুৰোধ জনাম বনভূমিত তেল খনন আৰু শব্দ প্ৰদূষণ সৃষ্টি হ'ব পৰা কাৰ্যৰ পৰা অন্ততঃ আঁতৰি থাকক । লগতে প্ৰকৃতিয়ে ভাৰাসাম্য হেৰুৱাই পেলোৱা ফলত গোলকীয় উষ্ণতা বৃদ্ধি পাইছে । কাৰণ মানুহে যিমান গছ -গছনি কাটি ধ্বংস কৰিছে তাৰ আধা সংখ্যকো ৰোপণ কৰা নাই । আনহাতে, চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ নামত বা অন্যান্য কামত যিমান গছ ধ্বংস কৰা হৈছে তাৰ ফলত উষ্ণতা বৃদ্ধি হৈছে । ফলত ২০১৫ চনৰ পৰা মানুহৰ মৃত্যু সংখ্যা দ্ৰুত হাৰত বৃদ্ধি পাইছে ।"
আনহাতে, প্ৰকৃতি ধ্বংস কৰাৰ ফলতেই ক্ৰমাগতভাৱে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠৰ গভীৰতা হ্ৰাস হোৱাৰ বিপৰীতে সাগৰৰ জলপৃষ্ঠ বৃদ্ধি পাইছে । সাগৰৰ জলস্তৰ বৃদ্ধি এক অংশনি সংকেত বুলি অৰণ্য মানৱগৰাকীয়ে কয় । তেওঁ পুনৰ কয়, "আহোম ৰজা, বৃটিছে ৰোৱা গছ জোপাও কাটিছো আৰু নিজেই ৰোৱা গছ জোপাও কাটিছো । এশ বছৰ আৰু দুশ বছৰ গৰকা এজোপা আহত গছে ৫০০০ হাজাৰ ৫০০ গ্ৰাম অক্সিজেন প্ৰদান কৰে । সেয়েহে সকলো লোকলৈ মোৰ এটাই আহ্বান খালী ঠাইসমূহত গছ ৰোপণ কৰক ।"

