ETV Bharat / state

কোনে গুলীয়াই হত্যা কৰিলে সুব্ৰত তাঁতীক ?

বুকুত গুলীবিদ্ধ হৈ মৃত্যুক আঁকোৱালি লোৱা সুব্ৰত তাঁতীক গুলিয়াইছিল কোনে ? সতীৰ্থই প্ৰকাশ কৰিলে ভয়ংকৰ তথ্য ।

Forest department staff accused of Subrata Tanti murder
কোনে গুলীয়াই হত্যা কৰিলে সুব্ৰত তাঁতীক ? (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : December 26, 2024 at 9:40 PM IST

3 Min Read
Choose ETV Bharat

তিনিচুকীয়া: কোনে গুলীয়াই হত্যা কৰিলে সুব্ৰত তাঁতীক ? সুব্ৰত তাঁতী কোন ? আচলতে তিনিচুকীয়া জিলাৰ ডুমডুমাৰ দুৱাৰমৰা কাকজান সংৰক্ষিত বনাঞ্চলত ২২ ডিচেম্বৰত পুৱাৰভাগত বুকুত গুলীবিদ্ধ হৈ মৃত্য হৈছিল ৩৫ বছৰীয়া সুব্ৰত তাঁতী নামৰ এজন লোক আৰু উক্ত ঘটনা সংঘটিত হোৱাৰ পাছতে জিলাখনত সৃষ্টি হয় তীব্ৰ চাঞ্চল্যৰ । অঞ্চলটোত এক শোকাকূল পৰিৱেশ সৃষ্টি হোৱাৰ লগতে সুব্ৰত তাঁতীক কোনে গুলীয়াই হত্যা কৰিলে তাকে লৈ চ’লে চৰ্চা ।

তাৰ মাজতে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰনোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ লগতে আৰম্ভ কৰে তদন্ত । তাৰ সমান্তৰালভাৱে ডুমডুমাত সুব্ৰত তাঁতীৰ হত্যাকাৰীক আটক কৰি উচিত শাস্তি প্ৰদান কৰাৰ লগতে ভুক্তভোগী পৰিয়ালক ক্ষতিপূৰণ প্ৰদানৰ দাবীৰে ৰাজপথ অৱৰোধ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছিল । একাংশই সন্দেহ প্ৰকাশ কৰিছিল সুব্ৰত তাঁতীক চাৰিগৰাকী পলাতক সতীৰ্থই হত্যা কৰিছিল, আন একাংশৰ ম’তে আকৌ বন বিভাগৰ কৰ্মীয়ে গুলীয়াই হত্যা কৰিছিল সুব্ৰত তাঁতীক ।

কোনে গুলীয়াই হত্যা কৰিলে সুব্ৰত তাঁতীক ? (ETV Bharat Assam)

তাৰ মাজতে বৃহস্পতিবাৰে বন বিভাগৰ কৰ্মচাৰীয়ে সুব্ৰত তাঁতীক গুলীয়াই হত্যা কৰিছিল বুলি অভিযোগ উত্থাপন কৰি তিনিচুকীয়া আৰক্ষীৰ কাষ চাপিছে পলাতক অৱস্থাত থকা কাকজানৰ তিনিগৰাকীকৈ সতীৰ্থ ।

তিনি সতীৰ্থ ক্ৰমে কাকজানৰ দ্ৰোণকান্ত মৰাণ, ৰঞ্জিত চেতিয়া আৰু গৌতম চেতিয়া । অৱশেষত আজি পলাতক অৱস্থাত থকা তিনিগৰাকী সতীৰ্থই তিনিচুকীয়া আৰক্ষী থানাত হাজিৰ হৈ সংবাদমাধ্যমৰ আগত বিৱৰণী দিয়ে ঘটনাৰ আৰু দ্ৰোণকান্ত মৰাণে কয়,“পুৱা মোক সুব্ৰত তাঁতীয়ে ফোন কৰি মাতিছিল লৈ যাবলৈ । তাৰ পাছত আমি পাঁচজন মামাৰ ঘৰত লগ হৈ ঘৰৰ কাৰণে খৰি আনিবলৈ হাবিলৈ গৈছিলোঁ । হাবিত গৈ আমি কাঠ কটাই নাছিলোঁ চিধা আমাক পিছফালৰ পৰা বন বিভাগৰ কৰ্মচাৰীয়ে গুলীচালনা কৰে । গুলীচালনা কৰাত আমি পলাও আৰু তেতিয়াই সুব্ৰত তাঁতীৰ শৰীৰত গুলী লাগে চাগে, আহ বুলি চিঞৰা শুনিছিলোঁ ।"

তেওঁ লগতে কয়,"আমি আগতে কোনোদিনে এনে ঘটনাৰ সন্মুখীন হোৱা নাছিলো বাবে ভয়তে আমি পলাই আছিলো । এতিয়া সকলোকে কন্দাকটা কৰাৰ পৰিৱেশ দেখা পাই আমি সঁচা কথাটো আৰক্ষীৰ আগত প্ৰকাশ কৰিবলৈ আহিছো ৷”

ইফালে উক্ত ঘটনাৰ সন্দৰ্ভত বন বিভাগে ডুমডুমা আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰা বুলি খবৰ আহিছে যদিও এই পৰ্যন্ত উক্ত গুলীচালনাৰ ঘটনা সন্দৰ্ভত বন বিভাগে মৌন ভূমিকা লোৱাটো ৰহস্যজনক ।

লগতে পঢ়ক: কোনে কাকজান বনাঞ্চলত গুলীয়াই হত্যা কৰিলে সুব্ৰত তাঁতীক ? - SHOT DEAD IN KAKOJAN RESERVE FOREST