নলবাৰী : শেহতীয়াকৈ অবৈধ বাংলাদেশীৰ বিৰুদ্ধে অসম আৰক্ষীয়ে অভিযান আৰম্ভ কৰিছে । অসম চৰকাৰে বহু অবৈধ নাগৰিকক বহিষ্কাৰো কৰিছে । যাক লৈ বিভিন্ন মহলত বিতৰ্কৰো সৃষ্টি হৈছে । এই সন্দৰ্ভত নিজৰ স্থিতি স্পষ্ট কৰিলে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । নলবাৰীত মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে যে বিদেশী চিনাক্তকৰণ প্ৰক্ৰিয়া অধিক ক্ষিপ্ৰ হ'ব ।
অব্যাহত থাকিব বিদেশী বহিষ্কাৰ প্ৰক্ৰিয়া
বিদেশী বহিষ্কাৰ সম্পৰ্কীয় এক প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে কয়, "উচ্চতম ন্যায়ালয়ে নাগৰিত্ব সংশোধনী আইনৰ ওপৰত ৬এ তাৰ ওপৰত এটা শুনানি লৈছিল । সেইখন সাংবিধানিক বেঞ্চ আছিল । সাংবিধানিক বেঞ্চত উচ্চতম ন্যায়ালয়ে এটা কথা উল্লেখ কৰিছিল যে অসম চৰকাৰে বিদেশী বহিষ্কাৰৰ কাৰণে ন্যায়াধিকৰণতে যে গৈ থাকিব লাগে তেনে কোনো কথা নাই । 'ইমিগ্ৰেন্স এক্সপেল অৰ্ডাৰ' বুলি এখন পুৰণি আইন আছিল । উচ্চতম ন্যায়ালয়ে কৈছে যে এই আইনখন এতিয়াও বলবৎ হৈ আছে । সেই আইনখন মতে জিলা আয়ুক্তই লগে লগে অৰ্ডাৰ কৰি পুচ বেকৰ (বহিষ্কাৰ) বাবে নিৰ্দেশনা দিব পাৰে । এই কথাটো উকীলেও আমাক জনোৱা নাছিল, আমিও গম পোৱা নাছিলো । যোৱা কেইদিনমানত এই ঘটনাটো আমাৰ পোহৰলৈ আহিছে । সেইকাৰণে বিষয়টো আমি আলোচনা কৰিম ।"
অসমত বিদেশী চিনাক্তকৰণ প্ৰক্ৰিয়া
পুচ বেক (Pushback) বা বিদেশী বহিষ্কাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰি দিয়ে, "পুচ বেকৰ কাম আৰু চলিব । বিদেশী চিনাক্তকৰণৰ কাম এনআৰচিৰ কাৰণে ৰখি আছিল । সেইটো এতিয়া আমি আকৌ খৰতকীয়া কৰিম । এইবাৰ প্ৰক্ৰিয়াটো চলিব কিন্তু তীব্ৰগতিত চলিব । এইবাৰ চিনাক্ত হ'লে আৰু পোনপটীয়াকৈ পুচ বেক কৰিম । তাৰ প্ৰস্তুতি চলি আছে ।"
অৱশ্যে যিসকলৰ আদালতত গোচৰ চলি আছে তেওঁলোকৰ বিৰুদ্ধে এনে ব্যৱস্থা গ্ৰহণ কৰা নাই বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে স্পষ্ট কৰি দিয়ে ।
উন্নয়নৰ বতৰা লৈ নলবাৰীত মুখ্যমন্ত্ৰী
উল্লেখ্য যে দিনজোৰা কাৰ্যসূচীৰে শনিবাৰে নলবাৰীত উপস্থিত হয় ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকী । প্ৰথমে নলবাৰীৰ ঘগ্ৰাপাৰৰ নৱনিৰ্মিত লোকনিৰ্মাণ বিভাগৰ পৰিদৰ্শন বঙলাটো শুভ উদ্বোধন কৰে । তাৰ পিছত তেওঁ নলবাৰী বিধানসভা সমষ্টিৰ ঘগ্ৰাপাৰ বিজেপি মণ্ডলৰ কাৰ্যালয় আনুষ্ঠানিকভাৱে উদ্বোধন কৰে । তাৰ পিছতে মুখ্যমন্ত্ৰীগৰাকী ৰাওনা হয় টিহু বিধানসভা সমষ্টিলৈ । টিহু বিধানসভাৰ চামতা গন্ধিয়াত মধ্যাহ্ন ভোজনৰ ৰান্ধনিঘৰৰ ভূমি পূজনৰ বাবে ৰাওনা হয় মুখ্যমন্ত্ৰীগৰাকী ।
টিহুলৈ যোৱাৰ পূৰ্বে এই সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে অসম চৰকাৰ আৰু অক্ষয় পাত্ৰ ফাউণ্ডেচনৰ মাজত এক চুক্তিৰ জৰিয়তে সমগ্ৰ অসমতে মধ্যাহ্ন ভোজনৰ ৰান্ধনী ঘৰ নিৰ্মাণ কৰাৰ পৰিকল্পনা কৰা হৈছে । অক্ষয় পাত্ৰৰ সামৰ্থ অনুসৰি ইতিমধ্যে কামৰূপ জিলাত ইয়াৰ সুফল লাভ কৰিছে বুলিও তেওঁ উল্লেখ কৰে ।
তেওঁ জনোৱা মতে যোৰহাট জিলাতো আৰম্ভ কৰা হৈছে । আনহাতে নলবাৰীৰ লগতে মাজুলী জিলাতো ইয়াৰ নিৰ্মাণ প্ৰক্ৰিয়া আৰম্ভ হোৱা বুলি তেওঁ উল্লেখ কৰে । অৱশ্যে বিদ্যালয়ৰ মধ্যাহ্ন ভোজনৰ কৰ্মচাৰীসকলে এই ক্ষেত্ৰত চিন্তা কৰাৰ প্ৰয়োজন নাই বুলিও তেওঁ উল্লেখ কৰে ।
তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ বদলিকৰণ প্ৰক্ৰিয়া সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয়, "পৰ্টেল আগতেই মুকলি কৰা হৈছে । আজি একেলগে ৯ হাজাৰ লোকে ট্ৰেন্সফাৰ অৰ্ডাৰ পাব । যিটো পূৰ্বে অসমত কেতিয়াও হোৱা নাই । এতিয়াৰ পৰা নে কোনোবাই কাৰ্যালয়লৈ গৈছে, নে কাৰোবাক খাতিৰ কৰিছে । একো নকৰাকৈ একেলগে ট্ৰেন্সফাৰ অৰ্ডাৰ পাই যাব ।"
নলবাৰী জিলাত চলি থকা চৰকাৰী ভূমি বেদখল সন্দৰ্ভতো মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে । তেওঁ কয়, "ডিচিয়ে জাননী দিছে । আমাৰ ক্ষমতা খুব সীমিত । আৰক্ষী একেখিনিয়েই, অধিবক্তা একেখিনিয়েই । গতিকে এই প্ৰক্ৰিয়াটো দীৰ্ঘকালীন । উচ্ছেদ সন্দৰ্ভত ন্যায়ালয়ৰ নিৰ্দেশনাও মানিব লাগিব । যোৱা ৪ বছৰত আমি বহু উচ্ছেদ কৰিছো । বেদখলমুক্ত ঠাইবোৰত পুনৰ কোনো লোকক সোমাবলৈয়ো দিয়া হোৱা নাই । বেদখলমুক্তৰ যুঁজখন সম্পূৰ্ণ হওঁতে আৰু ১০/১৫ বছৰ লাগিব ।"
আনহাতে গোৱালপাৰা পূব সমষ্টিৰ এটা উদাহৰণ দাঙি ধৰি মুখ্যমন্ত্ৰীয়ে সংখ্যালঘু নেতাসকলক বিষয়টো বুজি পাবলৈ আহ্বান জনায় ।
লগতে পঢ়ক :নম্ৰতা বৰাৰ ৰহস্যময় মৃত্যু: নৱপ্ৰজন্মক সতৰ্ক হ'বলৈ আহ্বান মুখ্যমন্ত্ৰীৰ - NAMRATA BORA ACCIDENT CASE