কলিয়াবৰ : "অতিকৈ চেনেহৰ মুগাৰে মহুৰা, তাতোকৈ চেনেহৰ মাকো; তাতোকৈ চেনেহৰ ব'হাগৰ বিহুটি, নেপাতি কেনেকৈ থাকো...।" হয়, অসমীয়া জনজীৱনৰ আয়ুসৰেখা সদৃশ ব'হাগ বিহুৰ আজি গৰুবিহু । চ'তৰ পছোৱাই আঁজুৰি নাঙঠ কৰা আঁহতজোপাত কুঁহিপাতে পাহ মেলোতেই প্ৰকৃতি গাভৰু হয় । লগে লগে কুলী-কেতেকীয়ে প্ৰেমৰ বতৰা বিলাই বিহুৱা ডেকা-গাভৰুৰ মন-প্ৰাণ উতলা কৰে । কপৌ, তগৰ, নাহৰৰ সুবাসত গা সাতখন-আঠখন হয় অসমীয়াৰ । এয়াই আমাৰ প্ৰাণৰ বিহু- ব'হাগ বিহু... প্ৰকৃতিক ৰঙীন কৰা ৰঙালী বিহু ।
অসমীয়া জাতিৰ আপোন পৰিচয় দাঙি ধৰাৰ বৰ্ণাঢ্য সংস্কৃতিৰ প্ৰতীক বিহু বুলিয়েই এতিয়া প্ৰতিগৰাকী অসমীয়াৰ গা-মন সাতখন -আঠখন । অসমীয়া জাতিয়ে আটাইতকৈ অধিক ৰং-ৰহইচেৰে উদযাপন কৰা বিহুটোৱেই হ'ল ব'হাগ বিহু বা ৰঙালী বিহু । সমগ্ৰ অসমৰ লগতে কলিয়াবৰতো উৎসাহ-উদ্দীপনা আৰু পৰম্পৰাৰে উদযাপন কৰা হৈছে গৰুবিহু ।
ইফালে এই বিহুৰ বতৰত কলিয়াবৰত উপস্থিত হয়হি কেইবাগৰাকীও বিদেশী পৰ্যটক । ঢোলৰ চেৱত এপাক নাচিলে বিদেশী পৰ্যটকে । কলিয়াবৰৰ বগাজন সত্ৰত উদযাপন কৰা এই গৰুবিহুৰ আনন্দ উপভোগ কৰিবলৈ উপস্থিত হয়হি আমেৰিকা আৰু নৰৱেৰ ১৫ গৰাকীকৈ বিদেশী পৰ্যটক ।
গৰুবিহুৰ পৰম্পৰাত নিমজ্জিত হৈ এগৰাকী বিদেশী পৰ্যটকে কয়, "এইটো বহুত আকৰ্ষণীয় অভিজ্ঞতা মোৰ লগতে মোৰ সৈতে অহাসকলৰ বাবে । আমি বহু দূৰৈৰ পৰা আহিছোঁ । আমি নৰৱেৰ পৰা আহিছোঁ । নৰৱেত এনেধৰণৰ পৰম্পৰা নাই । আমি এই পৰম্পৰাৰ অভিজ্ঞতা ইয়াৰ পৰা নৰৱেলৈ লৈ যাম । আমাৰ তাতো কিছু ভাৰতীয় আছে । কিন্তু তেওঁলোকে এইদৰে গৰুক পূজা নকৰে ।"
আনহাতে, বিদেশী পৰ্যটকৰ উপস্থিতিত গৰুবিহুৰ পৰম্পৰা উদযাপন কৰি উৎফুল্লিত এগৰাকী স্থানীয় লোকে কয়, "বাপতিসাহোন ব'হাগ বিহুৰ সংক্ৰান্তিৰ দিনাই এই গৰুবিহু পালন কৰা হয় । গৰুবিহুত গৰুক গা ধুৱাই ব'হাগৰ প্ৰথম সাতদিনলৈ আমি পালন কৰোঁ এই বিহু । আজি আমাৰ সৌভাগ্য যে বিদেশী পৰ্যটক আহি আজিৰ দিনটোত আমাক যি সংগ দিলে, তাত আমি অতিকে আনন্দিত, আমি খুবেই ভাল পাইছোঁ । প্ৰথম বিহুৰ দিনাই আমি তেওঁলোকৰ সৈতে গৰুবিহু পালন কৰিবলৈ পাই আমি নথৈ আনন্দিত ।"