ঐতিহাসিক সিদ্ধান্ত : এ পি এছ চিৰ মূল পৰীক্ষাত অসমীয়াতো থাকিব প্ৰশ্নকাকত - APSC Main Exam
APSC Exam 2024 : 26ৰ পৰা 28 জুলাইলৈ অনুষ্ঠিত হ’বলগা 2023 বৰ্ষৰ অসম লোকসেৱা আয়োগৰ মূল পৰীক্ষাৰ সকলো প্ৰশ্নকাকত ইংৰাজীৰ লগতে থাকিব অসমীয়াতো ৷ সামাজিক মাধ্যমযোগে এই ঐতিহাসিক সিদ্ধান্ত অৱগত কৰে মুখ্যমন্ত্ৰীয়ে ৷

Published : July 25, 2024 at 6:41 PM IST
নিউজ ডেস্ক, 25 জুলাই : অসম লোকসেৱা আয়োগৰ পৰীক্ষাৰ ক্ষেত্ৰত গ্ৰহণ কৰা হৈছে ঐতিহাসিক সিদ্ধান্ত ৷ পোনপ্ৰথমবাৰৰ বাবে অসমীয়া ভাষাৰ প্ৰশ্ন কাকতেৰে মূল পৰীক্ষা অনুষ্ঠিত কৰিবলৈ সাজু হৈছে অসম লোকসেৱা আয়োগ (এ পি এছ চি) ৷ চলিত বৰ্ষৰ 26 ৰ পৰা 28 জুলাইলৈ অৰ্থাৎ শুকুৰবাৰৰ পৰা অনুষ্ঠিত হ’বলগা 2023 বৰ্ষৰ অসম লোকসেৱা আয়োগৰ মূল পৰীক্ষাৰ সকলো প্ৰশ্নকাকত ইংৰাজীৰ লগতে থাকিব অসমীয়াত ৷ বিভিন্ন সময়ত বিভিন্ন বিতৰ্ক আৰু সমালোচনাৰে ভাৰাক্ৰান্ত অসম লোকসেৱা আয়োগে মূল পৰীক্ষাত সংস্কাৰৰ বাবে এই সিদ্ধান্ত লৈছে ৷ ইতিমধ্যে এই সিদ্ধান্তৰ কথা সমাজিক মাধ্যম এক্স (টুইটাৰ) যোগে জানিবলৈ দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷
অসম লোকসেৱা আয়োগৰ পৰীক্ষাৰ প্ৰশ্নকাকতত অসমীয়া ভাষা সংযোজন কৰাৰ দাবী আছিল দীৰ্ঘদিনীয়া ৷ বিভিন্ন দল-সংগঠন, ছাত্ৰ-ছাত্ৰীয়ে জনাই আহিছিল এই দাবী ৷ এই দাবীত প্ৰতিবাদো সাব্যস্ত কৰিছিল ছাত্ৰ-ছাত্ৰীসকলে ৷ কিন্তু মূল পৰীক্ষাৰ উত্তৰ অসমীয়া ভাষাতে লিখাৰ সুবিধা আছিল যদিও প্ৰশ্নকাকত অসমীয়া ভাষাত প্ৰকাশ কৰা নাছিল আয়োগে ৷ ইফালে 2021 চনৰ নৱেম্বৰতে চৰকাৰে প্ৰাৰম্ভিক আৰু মূল পৰীক্ষাৰ প্ৰশ্নকাকত ইংৰাজীৰ লগতে অসমীয়াত প্ৰকাশ কৰা হ’ব বুলি ঘোষণা কৰিছিল যদিও এই সিদ্ধান্ত 2023 বৰ্ষলৈকে কাৰ্যকৰী হোৱা নাছিল ৷ আনহাতে চলিত বছৰতো প্ৰাৰম্ভিক পৰীক্ষা কেৱল ইংৰাজীতেই অনুষ্ঠিত হয় ৷ ইয়াৰ পিচতেই আজি এইবাৰৰ অসম লোকসেৱা আয়োগৰ মূল পৰীক্ষাৰ প্ৰশ্নকাকত ইংৰাজীৰ লগতে অসমীয়াতো থাকিব বুলি সামাজিক মাধ্যমযোগে অৱগত কৰে মুখ্যমন্ত্ৰীয়ে ৷
অসম লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ মেইনছ্ কাইলৈৰ পৰা আৰম্ভ হ'ব। ভাল লগা কথা যে আমাৰ চৰকাৰৰ নিৰ্দেশনাৰ বাবে এই পৰীক্ষাত প্ৰথমবাৰৰ বাবে প্ৰতিটো প্ৰশ্ন ইংৰাজীৰ উপৰি অসমীয়া ভাষাতো থাকিব৷ এই ঐতিহাসিক পদক্ষেপৰ বাবে অসম লোকসেৱা আয়োগলৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ।… https://t.co/dxsQBjK9Dq
— Himanta Biswa Sarma (@himantabiswa) July 25, 2024
মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যম এক্স-ত উল্লেখ কৰিছে- "অসম লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ মেইনছ্ কাইলৈৰ পৰা আৰম্ভ হ'ব ৷ ভাল লগা কথা যে আমাৰ চৰকাৰৰ নিৰ্দেশনাৰ বাবে এই পৰীক্ষাত প্ৰথমবাৰৰ বাবে প্ৰতিটো প্ৰশ্ন ইংৰাজীৰ উপৰি অসমীয়া ভাষাতো থাকিব ৷ এই ঐতিহাসিক পদক্ষেপৰ বাবে অসম লোকসেৱা আয়োগলৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিলো ৷ লগতে সমূহ পৰীক্ষাৰ্থীলৈ শুভেচ্ছা জ্ঞাপন কৰিলো ৷"
উল্লেখ্য যে, অসম লোকসেৱা আয়োগৰ মূল পৰীক্ষাৰ পৰা বাধ্যতামূলক অসমীয়া বিষয়ৰ প্ৰশ্নকাকত বাতিল কৰাৰ বহু বিতৰ্কিত সিদ্ধান্তৰ পিচত এইবাৰ প্ৰশ্নকাকত ইংৰাজীৰ লগতে অসমীয়া ভাষাত প্ৰকাশ কৰাৰ হ’ব বুলি ঘোষণা কৰা হৈছে ৷
লগতে পঢ়ক : কৃষি উন্নয়ন বিষয়া নিযুক্তি কেলেংকাৰী : ৰাকেশ পালসহ কাৰাগাৰলৈ যাব লাগিব ৩২ জন - APSC Scam

