গুৱাহাটী : আগন্তুক পঞ্চায়ত নিৰ্বাচন ৰাজ্যিক নিৰ্বাচন আয়োগে প্ৰথমবাৰৰ বাবে পঞ্চায়ত নিৰ্বাচনত অৱতীৰ্ণ হোৱা প্ৰাৰ্থীৰ শপতনামা (affidavit) ডিজিটেলাইজ কৰি ভোটাৰ ৰাইজে চোৱাৰ ব্যৱস্থা কৰিছে । আকৌ ভোটাৰ তালিকা প্ৰথমবাৰৰ বাবে ডিজিটেলাইজ কৰি ভোটাৰ ৰাইজে চোৱাৰ ব্যৱস্থা কৰিছে ।
এই সন্দৰ্ভত অসম ৰাজ্যিক নিৰ্বাচন আয়ুক্ত আলোক কুমাৰে কয়, ‘‘পঞ্চায়ত নিৰ্বাচন ৰাজ্যিক নিৰ্বাচন আয়োগে প্ৰথমবাৰৰ বাবে পঞ্চায়ত নিৰ্বাচনত অৱতীৰ্ণ হোৱা প্ৰাৰ্থীৰ শপতনামা ডিজিটেলাইজ কৰি নিৰ্বাচন প্ৰক্ৰিয়াৰ স্বচ্ছতা উন্নত কৰাৰ সিদ্ধান্ত লৈছে ।’’
তেওঁ কয়, ‘‘লোকসভা আৰু বিধানসভা নিৰ্বাচনৰ প্ৰক্ৰিয়া এই ব্যৱস্থা উপলব্ধ আছিল যদিও পঞ্চায়ত নিৰ্বাচন প্ৰক্ৰিয়াত উপলব্ধ নাছিল । এইবাৰ প্ৰথমবাৰৰ বাবে পঞ্চায়ত নিৰ্বাচনত এই প্ৰক্ৰিয়া উপলব্ধ কৰা হৈছে ।’’
তেওঁ কয়, ‘‘নিৰ্বাচন আয়োগে সদায়ে মুক্ত আৰু নিৰপেক্ষ নিৰ্বাচন নিশ্চিত কৰাৰ চেষ্টা কৰিছে । তাৰ বাবে আয়োগে নিৰ্বাচন প্ৰক্ৰিয়াৰ বিভিন্ন দিশত বিভিন্ন ৱেব এপ্লিকেচন জাৰি কৰিছে । ৰাজ্যিক নিৰ্বাচন আয়োগে প্ৰাৰ্থীৰ শপতনামাৰ এই ডিজিটেলাইজেশ্যন প্ৰক্ৰিয়াই নাগৰিকসকলক প্ৰাৰ্থী মনোনয়নৰ সম্পূৰ্ণ তালিকা চাবলৈ অনুমতি দিয়ে । এই ব্যৱস্থাই নাগৰিকসকলক প্ৰাৰ্থীসকলৰ বিষয়ে জানিবলৈ সহায় কৰিব । আয়োগৰ ৱেব চাইটত এটা সম্পূৰ্ণ প্ৰাৰ্থী প্ৰ’ফাইল থাকিব । য'ত প্ৰাৰ্থীৰ ফটো আৰু শপতনামা থাকিব । প্ৰাথীসকলে প্ৰপত্ৰ পূৰণ কৰাৰ পিছত সকলো জিলা প্ৰশাসনিক বিষয়াই তথ্যসমূহ ৱেবচাইটত আপলোড কৰাৰ পিছত সেইমতে ৰাজহুৱা কৰা হ’ব ।’’
নিৰ্বাচন আয়ুক্ত আলোক কুমাৰে কয়, ‘‘পঞ্চায়ত নিৰ্বাচনত অৱতীৰ্ণ হোৱা পঞ্চায়ত পৰ্যায়ত প্ৰাৰ্থীৰ শপতনামা উপলব্ধ নহয় । আঞ্চলিক আৰু জিলা পৰ্যায়ত অৱতীৰ্ণ হোৱা প্ৰাৰ্থীৰ শপতনামা উপলব্ধ কৰা হ'ব ।’’
কুমাৰে কয়, ‘‘২০২৩ চনৰ সংশোধিত পঞ্চায়ত আইন অনুসৰি অনুষ্ঠিত হ'বলগা এই পঞ্চায়ত নিৰ্বাচনত কেতবোৰ নতুন নিয়ম আৰোপ কৰা হৈছে । গাঁও পঞ্চায়তৰ সদস্য পদৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সাধাৰণ বৰ্গৰ প্রার্থী ন্যূনতম হাইস্কুল শিক্ষান্ত বা তাৰ সমপৰ্যায়ৰ পৰীক্ষাত উত্তীৰ্ণ হ'ব লাগিব ।’’
‘‘আনহাতে অনুসূচিত জাতি, অনুসূচিত জনজাতি আৰু অন্যান্য বা অধিক অন্যান্য পিছপৰা শ্ৰেণীৰ প্ৰাৰ্থী দশম শ্রেণী পৰ্যন্ত অধ্যয়ন কৰা হ'লেই হ'ব । একেদৰে আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদৰ বাবে প্রার্থিত্ব আগবঢ়াব বিচৰা সাধাৰণ বৰ্গৰ প্ৰাৰ্থী কমেও উচ্চতৰ মাধ্যমিক বা সমপৰ্যায়ৰ পৰীক্ষাত উত্তীৰ্ণ হ'ব লাগিব ।’’ কুমাৰে কয় ।
তেওঁ আৰু কয়, ‘‘অনুসূচিত জাতি, অনুসূচিত জনজাতি আৰু অন্যান্য বা অধিক অন্যান্য পিছপৰা শ্ৰেণীৰ প্রার্থী ন্যূনতম হাইস্কুল শিক্ষান্ত বা সমপৰ্যায়ৰ পৰীক্ষাত উত্তীৰ্ণ হোৱা হ'ব লাগিব । দুটাতকৈ অধিক সন্তান থকা লোক পঞ্চায়ত নিৰ্বাচনত অৱতীৰ্ণ হ'ব নোৱাৰিব ।’’
লগতে তেওঁ কয়, ‘‘অৱশ্যে ২০১৮ চনৰ ১৯ মাৰ্চৰ পূর্বে দুটাতকৈ অধিক সন্তান থকা লোকৰ ক্ষেত্ৰত এই নিয়ম প্রযোজ্য নহয় । ঘৰত ছেনিটাৰী শৌচালয় নথকা ব্যক্তি আৰু কোনো ফৌজদাৰী গোচৰত দুবছৰ বা ততোধিক কাল কাৰাদণ্ডৰে দণ্ডিত ব্যক্তি পঞ্চায়ত নিৰ্বাচনৰ প্রার্থী হ'ব নোৱাৰিব ।’’
তেওঁ কয়, ‘‘প্রার্থীয়ে মনোনয়ন পত্ৰৰ সৈতে আয়-ব্যয়, দেনা-পাওনাকে ধৰি সকলো তথ্য সন্নিৱিষ্ট কৰি শপতনামা দাখিল কৰিব লাগিব । প্রার্থীৰ শপতনামা আয়োগে নিজৰ ৱেবছাইটত আপলোড কৰিব ।’’
তেওঁ কয়, ‘‘জিলা পৰিষদৰ সদস্য পদৰ প্রতিজন প্রার্থীয়ে সর্বাধিক দহ লাখ টকা, আঞ্চলিক পঞ্চায়তৰ সদস্য পদৰ প্ৰতিজন প্ৰাৰ্থীয়ে আঢ়ৈ লাখ টকা আৰু গাঁও পঞ্চায়তৰ সদস্য পদৰ প্ৰতিজন প্রার্থীয়ে ২৫ হেজাৰ টকা নিৰ্বাচনত ব্যয় কৰিব পাৰিব ।’’
- ডিজিটেল ভোটাৰ তালিকা কেনেদৰে চাব :-
আয়োগে পঞ্চায়ত নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বিভিন্ন তথ্য প্রযুক্তিবিদ্যা ভিত্তিক সেৱা কাৰ্যকৰী কৰিব বুলি উল্লেখ কৰি আয়ুক্ত কুমাৰে কয় যে ডিজিটেল ভোটাৰ তালিকা, বেলট বাকছত ইউনিক কোড সংলগ্ন কৰা, প'ৰ্টেলত ভোট গ্রহণ আৰু ভোট গণনাকে ধৰি নিৰ্বাচন সম্পৰ্কীয় সকলো তথ্য দুঘণ্টাৰ মূৰে মূৰে আপলোড কৰা, আচৰণবিধি উলংঘনৰ অভিযোগ দাখিলৰ বাবে প্রত্যেক জিলাত টোল ফ্রী নম্বৰ আদিব ব্যৱস্থা কৰা হৈছে ।
আয়ুক্ত কুমাৰে কয়, ‘‘ডিজিটেল ভোটাৰ তালিকা এইবাৰ প্ৰথমবাৰৰ কৰা হৈছে। আয়োগৰ ৱেবচাইটত ডিজিটেল ভোটাৰ তালিকা পি ডি এফ প্ৰক্ৰিয়া চোৱাৰ ব্যৱস্থা কৰা হৈছে। ভোটাৰগৰাকীয়ে আয়োগৰ ৱেবচাইটত প্ৰৱেশ কৰি ডিজিটেল ভোটাৰ তালিকালৈ যাব লাগিব। তাৰ পিছত তেওঁৰ জিলা, পঞ্চায়ত আৰু ভোটগ্ৰহণ কেন্দ্ৰত নিৰ্বাচন কৰি ভোটাৰগৰাকীয়ে তেওঁৰ ডিজিটেল ভোটাৰ তালিকাত তেওঁৰ নাম আদি সবিশেষ চাব পাৰিব।’’
উল্লেখ্য যে, এইবাৰ পঞ্চায়ত নিৰ্বাচনত এইবাৰ সৰ্বমুঠ ভোটাৰ ১ কোটি ৮০ লাখ ৩৬ হেজাৰ ৬৮২ জন । মুঠ ভোটাৰৰ ৯০ লাখ ৭১ হেজাৰ ২৬৪জন পুৰুষ, ৮৯ লাখ ৬৫ হেজাৰ ১০ গৰাকী মহিলা আৰু ৪০৮ গৰাকী তৃতীয় লিংগৰ ভোটাৰ ।
২০১৮ৰ পঞ্চায়ত নিৰ্বাচনত ভোটাৰ আছিল ১ কোটি ৫৬ লাখ ৪১ হেজাৰ ৪৫৬জন। যোৱা নিৰ্বাচনৰ তুলনাত এইবাৰ প্রায় ১৩.২৭ শতাংশ ভোটাৰ বৃদ্ধি পাইছে ।
আলোক কুমাৰে কয়, ‘‘এইবাৰ মহিলা ভোটাৰ পূৰ্বৰ তুলনাত বৃদ্ধি পাইছে। মহিলা ভোটাৰ প্ৰায় পুৰুষ ভোটাৰৰ সমান সমান আছে। এইবাৰ মহিলা আৰু পুৰুষ ভোটাৰৰ পাৰ্থক্য মাত্ৰ এক শতাংশ ।’’