ব্যস্ত ৰাষ্ট্ৰীয় ঘাইপথ পাৰাপাৰ হ'বলৈ এতিয়া চিন্তা নাই, নিৰ্মাণ হ'ব পাঁচখনকৈ পদসেতু
৩০ কোটি টকা ব্যয় সাপেক্ষে গুৱাহাটীত নিৰ্মাণ কৰা হ'ব পাঁচখনকৈ পদসেতু । ৰাষ্ট্ৰীয় ঘাইপথৰ ৫ টা অঞ্চলত নিৰ্মাণ হ'ব পদসেতুকেইখন ।

Published : August 5, 2025 at 5:23 PM IST
গুৱাহাটী : গুৱাহাটীবাসীৰ বাবে সুখবৰ । গুৱাহাটীবাসীয়ে নতুনকৈ পাব পাঁচখনকৈ পদসেতু । যাত্ৰীৰ সুৰক্ষা নিশ্চিত কৰা আৰু ব্যস্ত ঘাইপথত পথচাৰীৰ যাতায়ত সূচল কৰাৰ উদ্দেশ্যে ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ব্যস্ততাপূৰ্ণ ৫ টা অঞ্চলত শীঘ্ৰে নিৰ্মাণ হ'ব পদসেতু ।
প্ৰায় ৩০ কোটি টকা ব্যয় সাপেক্ষে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ কৰ্তৃপক্ষই পদসেতু পাঁচখন নিৰ্মাণ কৰাৰ পৰিকল্পনা কৰিছে । পদসেতুকেইখন অহা বৰ্ষৰ জুলাইত সম্পূৰ্ণ কৰাৰ লক্ষ্য লোৱা হৈছে ।
মহানগৰীৰ ক'ত ক'ত নিৰ্মাণ হ'ব পদসেতু :
ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ (NHAI)-য়ে গুৱাহাটী পি আই উ (Project Implementation Unit) ৰ প্ৰকল্প সঞ্চালক বিশ্ব জ্যোতি লহকৰে এই বিষয়ে কয়, "গুৱাহাটীৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পাঁচটা স্থানত পদসেতু নিৰ্মাণ কৰা হ'ব । এই পদসেতুকেইখন জালুকবাৰী অসম ইঞ্জিনিয়াৰিং কলেজৰ প্ৰৱেশদ্বাৰৰ ওচৰত, তেতেলীয়া, গড়চুকৰ CPWD কাৰ্যালয়ৰ সমীপত, ৰয়েল গ্ল’বেল বিশ্ববিদ্যালয়ৰ সমীপত আৰু গেমছ ভিলেজৰ ওচৰত লালমাটিত এখনকৈ পদসেতু নিৰ্মাণ কৰা হ’ব ।"

তেওঁ লগতে কয়, "এই পদসেতু কেইখনত স্কুলীয়া ছাত্ৰ-ছাত্ৰী আৰু বয়জ্যেষ্ঠসকলৰ সুবিধাৰ বাবে এছকেলেটৰৰ ব্যৱস্থা থাকিব । আনহাতে পৰিবহণ ব্যৱস্থা অধিক সুচল কৰিবলৈ আৰু বিপদসংকুল যাত্ৰা ৰোধ কৰিবলৈ নিৰ্দিষ্ট বাছ বেইয়ো স্থাপন কৰা হ’ব ।"
ইয়াৰোপৰি, জালুকবাৰী পৰা খানাপাৰালৈ ৰাস্তাৰ দুয়োকাষে ষ্ট্ৰীট লাইট স্থাপনৰ কাম পূৰ্ণগতিত চলি আছে আৰু এই বছৰতেই এই কাম সম্পূৰ্ণ হ’ব বুলি লহকৰে জানিবলৈ দিয়ে ।

কেতিয়াৰ পৰা আৰম্ভ হব নিৰ্মাণ কাৰ্য :
ইয়াৰোপৰি সঞ্চালকগৰাকীয়ে জনাই, "পদসেতুকেইখনৰ কাম শীঘ্ৰেই আৰম্ভ হ’ব আৰু অহা বছৰৰ জুলাইৰ ভিতৰত পদসেতু কেইখনৰ কাম সম্পূৰ্ণ কৰাৰ লক্ষ্য লোৱা হৈছে । ইতিমধ্যে শিৱা বিল্ড-টেক প্ৰাইভেট লিমিটেডে পদসেতু কেইখনৰ নিৰ্মাণৰ কামৰ নিবিদা লাভ কৰিছে ।"

উল্লেখ্য যে, ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে ইতিমধ্যে ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ১৮ কিলোমিটাৰৰ গুৱাহাটী বাইপাছক ৪ লেনৰ পৰা ৬ লেনলৈ উন্নীতকৰণৰ কাম সম্পূৰ্ণ কৰিছে । যান-বাহনৰ ব্যস্ত সময়ত খানাপাৰাৰ পৰা জালুকবাৰীলৈ যাত্ৰাত ২ ঘণ্টালৈকে সময় লাগিছিল । কিন্তু এতিয়া সেই দূৰত্ব মাত্ৰ ১৫-২০ মিনিটতেই অতিক্ৰম কৰিব পাৰি ।

এই পথত বশিষ্ঠ, লখৰা, গড়চুক আৰু বৰগাঁৱত চাৰিখন ফ্লাইঅ’ভাৰ আৰু বেহাৰবাৰী আৰু জয়নগৰত ২টা আণ্ডাৰপাছ নিৰ্মাণ কৰা হৈছে, যিয়ে পথৰ যানজঁট হ্ৰাস কৰিবলৈ সক্ষম হৈছে ।

