ETV Bharat / state

বাঘ-সিংহৰ গোজৰণি তোলা অসমৰ এবিধ লোকবাদ্যক জীয়াই ৰখাৰ সংগ্ৰামৰ নায়কজন

অসমৰ বহুতো লোকবাদ্য সময়ৰ সোঁতত হেৰাই যোৱাৰ উপক্রম হৈছে । তেনে বহু লোকবাদ্য় প্ৰস্তুত তথা প্ৰসাৰৰ বাবে নীৰৱে কামত ব্ৰতী লখিমপুৰৰ এগৰাকী সচেতন ব্য়ক্তি ।

Folk instrument maker Golap Dihingia
লোকবাদ্য নিৰ্মাতা গোলাপ দিহিঙীয়া (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : March 24, 2025 at 11:55 AM IST

|

Updated : March 24, 2025 at 12:17 PM IST

5 Min Read
Choose ETV Bharat

লখিমপুৰ : অসমৰ লুপ্তপ্রায় প্ৰাচীন লোকবাদ্যসমূহৰ ভিতৰত অন্য়তম হৈছে বাঘধেনু । পৌৰাণিক অসমৰ সমাজ জীৱনৰ সৈতে সংস্পৃক্ত বাঘধেনুক লৈ আছে জনশ্রুতি। বিশেষভাৱে বাঁহৰ পৰা প্ৰস্তুত কৰা বাঘধেনুৰ শব্দ মেঘৰ গৰ্জন অথবা বাঘ-সিংহৰ গোজৰণিৰ দৰে । তাহানিৰ এই সমাজ জীৱনৰ সৈতে জড়িত বাঘধেনু এতিয়া লুপ্তপ্ৰায় হোৱাত নৱ প্ৰজন্মই চিনি নাপায় এইবিধ বাদ্য়যন্ত্ৰ ।

বাঘধেনুক লৈ চলি অহা সাধুবোৰো নোহোৱা হ'ল । তথাপি এতিয়াও সংখ্যাৰ লেখেৰে কম হ'লেও দুই-এজন লোকে এই লোকবাদ্য বাঘধেনুক জীয়াই ৰাখিবলৈ যত্ন কৰিছে । জনশ্রুতি অনুসৰি কৃষিৰ বতৰত খৰাং পৰিস্থিতিৰ সৃষ্টি হ'লে মেঘৰ দৰে শব্দ কৰি বাঘধেনু বজোৱা হয় আৰু ইয়াৰ ফলত ধৰালৈ নামি আহে বৰষুণ । আকৌ আন জনশ্রুতি অনুসৰি তাহানিৰ বন্যজন্তুৰ উপদ্ৰৱৰ পৰা হাত সাৰিবলৈ বাঘধেনু বজাই বাঘ-সিংহৰ গোজৰণি সৃষ্টি কৰি জীৱ-জন্তুক খেদোৱা হৈছিল । বাঘধেনু প্ৰস্তুত কৰি প্ৰচাৰ আৰু প্ৰসাৰৰে হেৰাই যাবলৈ ধৰা লোকবাদ্যবিধক জীয়াই ৰখাৰ প্ৰয়াস কৰিছে লখিমপুৰৰ এগৰাকী ব্য়ক্তিয়ে ।

বাঘধেনু সংৰক্ষণত ব্ৰতী গোলাপ দিহিঙীয়া (ETV Bharat Assam)

লখিমপুৰৰ এইগৰাকী ব্য়ক্তিয়ে বাঘধেনুৰ উপৰি লোকগীত, বিহুগীত আদিত ব্যৱহৃত লোকবাদ্য সমূহ নিৰ্মাণ কৰি প্ৰচাৰ-প্ৰসাৰত ব্ৰতী হৈ আছে । তেওঁ হ'ল লখিমপুৰ নগৰৰ সমীপৰ বোৱালগুৰি নিবাসী তথা ব্ৰহ্মপুত্ৰ ব'ৰ্ডৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী গোলাপ দিহিঙীয়া । ল'ৰালিৰ পৰাই তেওঁ লোকবাদ্য নিৰ্মাণত জড়িত । এই সন্দৰ্ভত গোলাপ দিহিঙীয়াই কয়, "মই সৰুৰে পৰাই বাঘধেনু নিৰ্মাণ কৰাত জড়িত আছিলো । বৰদেউতাহতে বাঘধেনু বনোৱা চাই মই অনুপ্ৰাণিত হৈ বাঘধেনু বনাইছিলো । আমি যেতিয়া বাঘধেনু বজাও তেতিয়া চুবুৰীয়াই নাচিছিল । সেয়াই মোক আনন্দ দিছিল ৷ কিন্তু পৰৱৰ্তী সময়ত স্কুলত পঢ়া আৰু চাকৰি কৰা সময়ত কিছু যতি পৰিছিল । তথাপি মনৰ মাজত তেতিয়াও ভাৱ এটাই অহৰ্নিশে খুন্দিয়ায় আছিল ।"

লোকবাদ্য বিক্রী নকৰে কিয় ?

তেওঁ পুনৰ কয়, "বাঘধেনুকে ধৰি অসমৰ লোকবাদ্যসমূহ কেনেকৈ উলিয়াই আনি প্ৰচাৰ আৰু প্ৰসাৰ কৰিব পাৰি তাৰ চিন্তাত আছিলো । যাৰবাবে পুনৰ লোকবাদ্য নিৰ্মাণত ব্ৰতী হৈ পৰিলো । মই নিৰ্মাণ কৰা বাঘধেনু, গগনা, সুতুলী, একতাৰা, দোতাৰা, আনন্দ লহৰী আদি বিভিন্ন লোকবাদ্যসমূহ বিক্রী নকৰো । ইয়াৰ বিপৰীতে কোনো লোকৰ জন্মদিনত অথবা নতুনকৈ অহা অতিথিক উপহাৰ দিও । এনেদৰে মই ২০১০ চনত কবি নলিনীধৰ ভট্টাচার্যক তেওঁৰ জন্মদিনত বাঘধেনু উপহাৰ দিছিলো । তেওঁ বাঘধেনুখন বজাই নাচি-নাচি আপোন পাহৰা হৈছিল । তেওঁক বাঘধেনুৰ উপৰি গগনা টকা,পেপা, সুতুলী আদিও উপহাৰ দিছিলো । তেনেদৰে নীলপৱন বৰুৱা, নীলিম কুমাৰ, সমীৰ তাঁতী, বেদান্ত বিকাশ শৰ্মা আদি কবি-লেখকক তেওঁলোকৰ জন্মদিনত এনে লোকবাদ্য সমূহ উপহাৰ দিছিলো । "

Folk instrument maker Golap Dihingia
লোকবাদ্য নিৰ্মাতা গোলাপ দিহিঙীয়া (ETV Bharat Assam)

বাঘধেনু বজালেই আহে বৰষুণ

বাঘধেনুৰ প্ৰায়োগিক কথা উনুকিয়াই গোলাপ দিহিঙীয়াই আৰু কয়," অসমখন কৃষি প্ৰধান ৰাজ্য । আগতে খেতিৰ বতৰত খৰাং পৰিস্থিতিৰ সৃষ্টি হ'লে আমি সকলোৱে একেলগে বাঘধেনু বজাইছিলো । বাঘধেনু বজালে বৰষুণ হয় বুলি জনবিশ্বাস আছে । সেয়ে খৰাং বতৰত আমি বাঘধেনু বজাইছিলো । বাঘধেনু বজোৱাৰ এঘন্টা বা দুঘন্টাৰ পাছত সঁচাকৈয়ে বৰষুণ আহিছিল । ৰাতি কিন্তু আমাক বাঘধেনু বজাৱলৈ দিয়া নাছিল । কিয়নো বাঘধেনুৰ মাত বাঘ-সিংহৰ গোজৰণিৰ দৰেও । সাধাৰণতে বাঘ-সিংহ চেলেঞ্জিং মুডত থাকে । সেয়ে বাঘধেনুৰ মাত শুনি বাঘ-সিংহই আক্ৰমণ কৰিব পাৰে বুলি নিশা আমাক বাঘধেনু বজাবলৈ দিয়া নাছিল । আনহাতে দুৰ্বল জীৱ-জন্তু কিছুমানে আকৌ বাঘধেনুৰ মাত শুনি পলাই গৈছিল । "

গোলাপ দিহিঙীয়াই সগৌৰৱে আৰু কয়," মই কেৱল ৰাজ্যৰ বিভিন্ন লোকক লোকবাদ্য দিয়াতেই দায়িত্ব সামৰা নাই । মাদ্ৰাজকে ধৰি বিভিন্ন ৰাজ্যৰ পৰিচিত লোকক এনেধৰণৰ লোকবাদ্য উপহাৰ দিছো । বাংলাদেশৰ লোককো গগনা, সুতুলী, টকা, একতাৰা, দোতাৰা আদি লোকবাদ্য সমূহ উপহাৰ দিছো । তেওঁলোকে এনে লোকবাদ্য সমূহ বজাই আনন্দ প্ৰকাশ কৰি যেতিয়া মোলৈ ফোন কৰে তেতিয়া গৰ্বত মোৰ বুকুখন ফুলি উঠে । পিছে লোকবাদ্য প্ৰচাৰ আৰু প্ৰসাৰত মন-প্ৰাণ সপি দিয়া গোলাপ দিহিঙীয়াৰ মনত খেদ আছে । লোকবাদ্যৰ প্ৰতি একাংশৰ অনীহা দেখি তেওঁৰ মন দুখে আৱৰিছে ।

Folk instrument maker Golap Dihingia
বাঘধেনু সংৰক্ষণত ব্ৰতী গোলাপ দিহিঙীয়া (ETV Bharat Assam)

লোকবাদ্যক আগুৱাই নিবলৈ গৈও তেওঁ থমকি ৰৈছে । তথাপি লোকবাদ্যক লৈ গৰ্বিত গোলাপ দিহিঙীয়াই ক'লে," কোনোবাই যদি এনে লোকবাদ্য সমূহৰ নিৰ্মাণ প্ৰণালী শিকিবলৈ আহে মই বৰ আগ্ৰহেৰে তেওঁলোকক শিকাম । আমাৰ ইমান উচ্চ মানৰ লোকবাদ্য আছে। সকলোৱে সেই সমূহক লৈ গৌৰৱান্বিত হওক । বনাবলৈ সকলোৱে চেষ্টা কৰক । "

লগতে পঢ়ক:লোকশিল্পী মহেশ্বৰ বৰাই কেতিয়া লাভ কৰিব শিল্পী পেন্সন ? - Folk Artist From Hojai - FOLK ARTIST FROM HOJAI

নাকেৰে বাঁহীত মধুৰ সুৰ তোলা এজন চহা শিল্পী - Unique flute player - UNIQUE FLUTE PLAYER

Last Updated : March 24, 2025 at 12:17 PM IST