ETV Bharat / state

লোকবাদ্যৰে জগত জিনাৰ সপোন: এগৰাকী চহা শিল্পীৰ নিৰলস সাধনা

অসমীয়া সমাজ জীৱনৰ পৰা হেৰাই যাবলৈ ধৰা লোকবাদ্যবোৰ ধৰি ৰাখিবলৈ চেষ্টা এগৰাকী চহা শিল্পীৰ । লণ্ডন, জাৰ্মানী আৰু আমেৰিকালৈ গৈছে তেওঁৰ লোকবাদ্য ।

Folk artist Krishnakant Gogoi
কৃষ্ণকান্ত গগৈয়ে নিৰ্মাণ কৰি উলিওৱা লোকবাদ্য (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : April 9, 2025 at 8:27 PM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী: ৩৩ বিধ লোকবাদ্য নিৰ্মাণ কৰা এগৰাকী চহা শিল্পী । শিল্প সাধনাৰে ব্যক্তিজনে কৰিছে বহু সৃষ্টিশীল কৰ্ম । ঘৰতে নিৰ্মাণ কৰিছে অসমীয়া সমাজৰ পৰা হেৰাই যাবলৈ ধৰা বহু লোকবাদ্য । তেওঁ নিজৰ শিল্পকৰ্মৰে নিৰ্মাণ কৰিছে লোকবাদ্য 'চুঙা নাগাৰা' ।

এইগৰাকী লোকশিল্পী হৈছে ধেমাজিৰ মৰিধলৰ কৃষ্ণকান্ত গগৈ । তেওঁ নিৰ্মাণ কৰা লোকবাদ্যই শদিয়াৰ পৰা ধুবুৰীলৈ ৰজনজনাই থকাৰ উপৰি বিদেশতো তুলিছে আপোন সুৰ ।

লোকবাদ্যৰে জগত জিনাৰ সপোন: এগৰাকী চহা শিল্পীৰ নিৰলস সাধনা (ETV Bharat Assam)

কি কি লোকবাদ্য নিৰ্মাণ কৰিছে কৃষ্ণকান্ত গগৈয়ে

দুৱাৰদলিত চেনেহৰ ৰঙালী বিহু । ব'হাগ বিহু বুলিলেই ব্যৱহাৰ কৰা লোকবাদ্য ঢোল, পেঁপা, গগনা, কাঁকৈ ফণী, টকা, বাঁহী, সুতুলী, ঢোলৰ মাৰিকে ধৰি আন আন বাদ্য যেনে চুঙা নাগাৰা, চেৰজা, বীণ, ত্ৰিতালকে ধৰি মুঠ ৩৩ বিধ লোকবাদ্য আৰু লোকবাদ্যৰ আহিলা নিৰ্মাণ কৰিছে কৃষ্ণকান্ত গগৈয়ে । আনহাতে, তেওঁ নিৰ্মাণ কৰা এই লোকবাদ্যবোৰ বিক্ৰী কৰি বছৰি ২.৫ লাখ টকাৰ পৰা ৪ লাখ টকা উপাৰ্জন কৰে ।

Folk artist Krishnakant Gogoi
কৃষ্ণকান্ত গগৈয়ে নিৰ্মাণ কৰি উলিওৱা লোকবাদ্য (ETV Bharat Assam)

কোন কোন ঠাইলৈ গৈছে কৃষ্ণকান্ত গগৈৰ লোকবাদ্য

কৃষ্ণকান্ত গগৈয়ে নিৰ্মাণ কৰি উলিওৱা লোকবাদ্যবোৰে শদিয়াৰ পৰা ধুবুৰীলৈকে আপোন সুৰ তুলিবলৈ সক্ষম হৈছে । ইয়াৰ উপৰি তেওঁৰ লোকবাদ্যবোৰ দেশৰ পৰিধি অতিক্ৰম কৰি বিদেশৰ ভূমিতো অসমৰ চহকী সংস্কৃতি তথা শিল্পকলাৰ সুৰ তুলিছে । ইয়াৰ ভিতৰত লণ্ডন, জাৰ্মানী আৰু আমেৰিকালৈ গৈছে তেওঁৰ বিভিন্ন লোকবাদ্য ।

Folk artist Krishnakant Gogoi
কৃষ্ণকান্ত গগৈয়ে নিৰ্মাণ কৰি উলিওৱা লোকবাদ্য (ETV Bharat Assam)

লণ্ডনৰ প্ৰবাসী অসমীয়াই পেঁপা আৰু বাঁহী ক্ৰয় কৰাৰ উপৰি জাৰ্মানী আৰু আমেৰিকাৰ বাসিন্দাই গগনা ক্ৰয় কৰা বুলি কৃষ্ণকান্ত গগৈয়ে জনায় । তেওঁ কয়, "বহু লোকে যোগাযোগ কৰাৰ উপৰি অনলাইনযোগেও এই লোকবাদ্যবোৰ অৰ্ডাৰ কৰে ।"

কিয় এই শিল্পকৰ্মৰ লগত জড়িত হ'ল কৃষ্ণকান্ত গগৈ

কৃষ্ণকান্ত গগৈয়ে ২০১২ চনৰ পৰা এই শিল্পকৰ্মৰ সৈতে জড়িত হৈ আছে । এই সন্দৰ্ভত তেওঁ কয়, "অসমীয়া সমাজ জীৱনৰ পৰা হেৰাই যাবলৈ ধৰা লোকবাদ্যবোৰ ধৰি ৰাখিবলৈ যত্ন কৰিছো । পশ্চিমীয়া বাদ্যযন্ত্ৰই অসমক গ্ৰাস কৰি পেলাইছে । সেয়েহে নতুন প্ৰজন্মই যাতে লোকবাদ্যবোৰ চিনিব পাৰে তাৰ বাবে এই লোকবাদ্যবোৰ নিৰ্মাণ কৰি আহিছো ।"

লগতে পঢ়ক :চৰম উপেক্ষা ! ৩৫ বছৰে বাদ্যযন্ত্ৰ প্ৰস্তুত কৰা শিল্পীয়ে আজিও নাপালে চৰকাৰী স্বীকৃতি - MAKING FOLK INSTRUMENTS FOR BIHU
লগতে পঢ়ক :গৰু বিহুৰ গধূলিলৈ যদি তৰা-পঘাৰ যোগাৰ হোৱা নাই, তেন্তে আহক এইখন বিশেষ গাঁৱলৈ - RANGALI BIHU IN ASSAM