ETV Bharat / state

ডিব্ৰুগড়ত পানী খাদ্য অবিহনে দিন কটাইছে বানাক্ৰান্তই - Assam Flood 2024

Assam Flood 2024: মুখ্যমন্ত্ৰী আৰু কেন্দ্ৰীয় মন্ত্ৰীৰ আশ্বাসৰ পাচতো ডিব্ৰুগড়ত পানী খাদ্য অবিহনে দিন কটাইছে বানাক্ৰান্তই । ডিব্ৰুগড়ৰ কোটোহাৰ ভগামূৰত বন্যাৰ্তৰ বিননি শুনিব কোনে । খোৱা পানী, চিকিৎসা একোৱে নোপোৱাৰ অভিযোগ বানাক্ৰান্তৰ । নেতা-মন্ত্ৰী নাহিলে যেন প্ৰশাসনেও গুৰুত্ব নিদিয়ে তেওঁলোকক । বন্যাৰ্তৰ ক্ষোভ ।

Flood victims spend time in Dibrugarh without much needed supplies
ডিব্ৰুগড়ত পানী খাদ্য অবিহনে দিন কটাইছে বানাক্ৰান্তই (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : July 7, 2024 at 3:57 PM IST

2 Min Read
Choose ETV Bharat

ডিব্ৰুগড়,৭ জুলাই: কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, ডিব্ৰুগড়ৰ অভিভাৱক মন্ত্ৰী ৰণজিৎ কুমাৰ দাস, জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই ডিব্ৰুগড়ৰ খোৱাঙত বানত আক্ৰান্ত কেইবাটাও অঞ্চল পৰিদৰ্শন কৰি বানাক্ৰান্ত ৰাইজৰ সকলো ধৰণৰ সুবিধা প্ৰদানৰ আশ্বাস দিছিল । মুখ্যমন্ত্ৰী আৰু কেন্দ্ৰীয় মন্ত্ৰীৰ আশ্বাসৰ পাছতো ডিব্ৰুগড়ত পানী, খাদ্য অবিহনে দিন কটাবলগীয়া হৈছে বানাক্ৰান্তই । কিয়নো ডিব্ৰুগড় জিলাৰ কোটোহা ভগামূৰত বানাক্ৰান্তই খাদ্য সামগ্ৰী বিচাৰি হাহাকাৰ কৰিবলগীয়া পৰিৱেশৰ সৃষ্টি হৈছে ।

ডিব্ৰুগড়ত পানী খাদ্য অবিহনে দিন কটাইছে বানাক্ৰান্তই (ETV Bharat Assam)

খোৱাং সমষ্টিৰ অন্তৰ্গত ডিব্ৰুগড় পশ্চিম ৰাজহ চক্ৰৰ অধীনৰ ১ নং ভগামূৰ ব্লক গাঁৱত যোৱা ৫ দিনে পানীৰ তলত বহু পৰিয়ালৰ ঘৰ-দুৱাৰ । বুঢ়ীদিহিং নদীৰ বাঢ়নী পানীয়ে কেইবাঠাইতো ৰিং বান্ধ ছিঙি পেলোৱাৰ ফলত পথ-পথাৰ একাকাৰ হৈ আছে । টুলুঙা নাওৱেই যাতায়তৰ একমাত্ৰ সম্বল হৈ পৰিছে গাঁওবাসীৰ । প্ৰায় শতাধিক পৰিয়াল মথাউৰিতেই পশুধনৰ সৈতে সহাৱস্থান কৰিব লগা হৈছে ।

নাই খোৱাপানী, নাই চিকিৎসা । প্ৰশাসনৰ লোকৰো আজিলৈকে দেখাদেখি নাই গাঁওখনত । গাঁওখনৰ ১০০% লোকে কৃষি কৰ্ম কৰিয়ে জীৱন নিৰ্বাহ কৰি আহিছে । কিন্তু এই বানৰ ফলত প্ৰায় ২০ হেক্টৰ মাটিত লগোৱা জিকা, ভেন্দি, কচু, কেৰেলা, ইত্যাদি ফচল সমূহ নষ্ট হৈছে । ইফালে ৰেচনত দিয়া চাউলো পঁ‌চা আৰু দুৰ্গন্ধময় বুলি অভিযোগ উত্থাপ কৰিছে বন্যাৰ্তই । আনহাতে ছাত্র-ছাত্ৰীসকলৰো কিতাপ-বহী সমূহ পানীত সম্পূৰ্ণৰূপে অনিষ্ট হৈ পৰিছে । বিধায়ক চক্ৰধৰ গগৈয়ে বানাক্ৰান্তৰ কাষত এদিন দেখা দিছিল যদিও বিধায়কৰ তৰফৰ পৰাও পৰ্যাপ্ত কোনো সুবিধাই পোৱা নাই বানাক্ৰান্তই । সেয়ে ৰাইজে মুখ্যমন্ত্ৰীগৰাকীক কিছু সহায় কৰিবলৈ কাতৰে আহ্বান জনাই ।

লগতে পঢ়ক: এতিয়াও পানীৰ তলত বিলাসীপাৰাৰ বহু গাঁও; বন্যাৰ্তৰ কাষত বিধায়ক ছামছুল হুদা - Assam Flood 2024

কাজিৰঙাত বানৰ সংহাৰ: বানত মৃত্যু ছটা গঁড়সহ ১২০ টা বন্যপ্ৰাণীৰ - Assam Flood 2024