জোনাইত লালী-ব্ৰহ্মপুত্ৰৰ কালৰূপ, ২৮ শ গাঁও বানৰ কবলত - ASSAM FLOOD 2024
Flood Situation In Jonai : জটিল ৰূপ ধাৰণ কৰিছে জোনাইৰ বান পৰিস্থিতিয়ে । বানৰ কবলত ৭৮২১ টা পৰিয়াল আৰু ২০৫৬.৭৪ হেক্টৰ কৃষিভূমি । লালী, ব্ৰহ্মপুত্ৰৰ বানত প্লাৱিত মেচাকি চাপৰি । চিয়াং-লালীৰ বাঢ়নী পানীত জলমগ্ন বৃহত্তৰ অঞ্চল । চেৰেণ নদীৰ মঠাউৰি ছিঙি জলমগ্ন মিছামৰা ।

Published : July 1, 2024 at 7:32 AM IST
জোনাই, ১ জুলাই : বিগত কেইবাদিনো ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত ধেমাজি জিলাত লালী নদী, ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ ফেনে-ফোটোকাৰে বৃদ্ধি পাবলৈ ধৰিছে । নদীকেইখনৰ বাঢ়নী পানীয়ে অধিক জটিল ৰূপ ধাৰণ কৰিছে জোনাই ৰাজহ চক্ৰৰ মেচাকি চাপৰিত । ব্ৰহ্মপুত্ৰৰ প্ৰলয়ংকাৰী বানত জোনাই ৰাজহ চক্ৰৰ চৰ চাপৰি অঞ্চল সমগ্ৰ মেচাকি চাপৰি বানত প্লাৱিত হৈছে । মেচাকি চাপৰিৰ ২৮ শখন গাঁৱৰ বানপীড়িত পৰিয়ালৰ ঘৰভেটি, ভঁৰাল বানে বুৰাই পেলাইছে ।
মেচাকি চাপৰিৰ বুড়িয়া চাপৰি, ৰামসিং গোৱালা, ৰামসিং ৰাভা, ৰামসিং বড়ো, উদয়পুৰ, লামাজান, মোহনামুখ বড়ো, মোহনামুখ গোৱালা, মিলন নগৰ,জীয়াঢল, ৰুমৈ ৰুমৈ, জাউঘূলী মিচিং, জাউঘূলী বড়ো,সীতাৰাম চাপৰি, জেউতি পথাৰ, মেচাকি ৰাভা, দদেৰে, মেচাকি বড়ো, বৰ্মন চেন্টাৰ, মেচাকি বৰ্মন, কয়লা আলি, ৩ নং মেচাকি, ৩ নং সূত্ৰধৰ, চিংগাপুৰ, মাছুৱা কেম্প আদি গাঁৱৰ এহেজাৰ পৰিয়াল ব্ৰহ্মপুত্ৰৰ বানত বিধ্বস্ত হৈছে ।
বগৰীগুৰী সামাজিক বনানিকৰণ এলেকাত লালী নদীৰ মঠাউৰি ছিঙাৰ ফলত বগৰীগুৰী অঞ্চলৰ বিক্ৰমপুৰ, গয়লাগাঁও, পাখ্ৰীগুৰী আদি কেইবাখনো গাঁও প্লাৱিত হৈছে । চিয়াং-লালী নদীৰ বাঢ়নী পানী সোমাই গালী চিকাৰী গাঁও পঞ্চায়তৰ সমগ্ৰগালিঘাট অঞ্চলৰ কুৰিখনৰো অধিক গাঁও সম্পূৰ্ণ বুৰাই পেলাইছে ।
অঞ্চলটোৰ গালী কছাৰী, গালী মিচিং, গালীঘাট, মিলন নগৰ, তল মামৰ, মুদৈ, জীয়াঢল, গালীঘাট লক্ষীপথাৰ, দেবেৰা, চৰাইবাৰী, বেলং, মুনিমুনি কুটুম, চেচু, গালী চাপৰি, গালী ৰাংকপ, য়াৰী, আমগুৰী আদি গাঁওসমূহ লালী নদীৰ বানত আজিও বুৰ গৈ আছে । লালী নদীৰ বাঢ়নী পানীয়ে গালীঘাটৰ পৰা কৃঞ্চপুৰ হৈ কৰ্ণপুৰ সংযোগী লালী নদীৰ মঠাউৰিটোৰ গালীঘাটৰ পৰা বৰং কৃঞ্চপুৰলৈকে ছিন্ন ভিন্ন কৰি পেলোৱাৰ ফলত বৰং অঞ্চলটো জলমগ্ন হৈ পৰিছে ।
বৰং অঞ্চলৰ বৰং কৃঞ্চপুৰ বড়ো, বৰং কৃঞ্চপুৰ মিচিং, বৰং আহোম, বৰং মজদুৰ, ১ নং, ২ নং, ৩ নং চৰাইবাৰী, মধ্যপুৰ, তেলীজান, পিপ'লগুৰী, মদাৰগুৰী, তিনিসূঁতি, এৰাসূঁতি, মুক্তিয়াৰ, ১ নং, ২ নং, ৩ নং কৰ্ণপুৰ, মাঝিআলি চাপৰি, কাংকান চাপৰি আদি গাঁৱসমূহৰ অৱস্থা জটিল হৈ পৰিছে ।
দিখাৰী, পঃতে নলা, ডেকা আদি নদীৰ বানত মিছামৰা গাঁও পঞ্চায়তৰ অধিকাংশ গাঁও জলমগ্ন হৈছে । মিছামৰাৰ মঙলবৰীয়া, তিনিআলি, অন্নপুৰ, কাড়িচুকৰ একাংশ, ৰুৱাদ, তুল্লাদ, বিল্লাম বড়ো, বিল্লাম মিচিং, ১ নং, ২ নং, ৩ নং নাওকাটা, নলবাৰী, কাংকান চাপৰি আদি বানত বিধ্বস্ত হৈছে ।
ইপিনে, মিছামৰাৰ ১ নং জয়পুৰ গাঁৱৰ চেৰেণ নদীয়ে মঠাউৰি ছিঙি পেলোৱাৰ ফলত ১ নং জয়পুৰ, হস্তিনাপুৰ, বোকাজান আদি গাঁও বুৰাই পেলাইছে । জোনাই ৰায়াং নদীয়ে চিগা গাইড বান্ধৰ পানীয়ে অঞ্চলটোৰ ২নং চিৰাম পুৰীয়া, কাৰ্দংচুক, ৰাংকপ দেউৰী, বিজয়পুৰ দেউৰী, উত্তৰ কাৰ্দংচুক, ভেকেলী গাঁও, মধ্য লখিপুৰ, মেম্বাৰচুক আদি গাঁৱকে ধৰি প্ৰায় দহখনতকৈ অধিকত বাঢ়নী পানী প্ৰৱেশ কৰাত বিপদৰ আশংকা কৰিছে ৰাইজে ।
লগতে পঢ়ক:১০ বছৰে মেৰামতি নকৰা বাঘজান শ্লুইছ গেট ভাঙিল বানত - ASSAM FLOOD 2024
ইফালে, বাহিৰ জোনাইত চিয়াং নদীৰ বাঢ়নী পানীত জলমগ্ন বাহিৰ চিলে, লুহিজান, বগী নদী, বেৰা বেংগলী, মালভোগ, ৰুহিতপুৰ মিচিং, ৰুহিতপুৰ দেউৰী, হৰিপুৰ দেউৰী, ৰাকুতকেমেৰে গাঁও ৷ চেৰেণ নদীৰ বাঢ়নী পানীয়ে চিমেন চাপৰিৰ মাছখোৱা গাঁৱৰ ২৩ পৰিয়ালৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে ।
চেৰেণ নদীৰ বানত মাছখোৱা গাঁৱৰ বানাক্ৰান্ত পৰিয়ালৰ ঘৰৰ ভেঁটি, পথ-পথাৰ বুৰাই পেলাইছে । আনহাতে, ৰামধন দিখাৰী গাঁও পঞ্চায়তৰ জামুগুৰী, উলুৱনী অঞ্চলত সৃষ্টি হোৱা বান পৰিস্থিতি আজিও শোচনীয় হৈ আছে । দিখাৰী নদীৰ বাঢ়নী পানীয়ে জলমগ্ন কৰি পেলোৱা ধেমাজি জিলাৰ জোনাই ৰাজহ চক্ৰৰ ৰামধন দিখাৰী গাঁও পঞ্চায়তৰ উলুৱনী, জামুগুৰী অঞ্চলৰ পোন্ধৰখনৰো অধিক গাঁৱৰ বান সমস্যাৰ অপৰিৱৰ্তিত হৈ আছে ।
দিখাৰী নদীৰ বানত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ লক্ষীপথাৰৰ পৰা জামুগুৰী সংযোগী পিএমজিএছৱাই পথৰ জামুগুৰী পকী কালভাৰ্টৰ কাষত তীব্ৰ খহনীয়া সৃষ্টি হোৱাৰ ফলত যাতায়তত আহুকালৰ সন্মুখীন হ'ব লগা হৈছে । বৰষুণৰ ফলত বৃদ্ধি পাইছে দিখাৰী নদীৰ পানী । দিখাৰী নদীৰ বাঢ়নী পানীয়ে জোনাই ৰাজহ চক্ৰৰ ৰামধন দিখাৰী গাঁও পঞ্চায়তৰ ১ নং, ২ নং, ৩ নং জামুগুৰী, ১ নং, ২ নং উলুৱনী, উলুৱনী মাজগাঁও, উলুৱনী জয়পুৰ, বিঞ্চুপুৰ, লংকা, ১ নং, ২ নং, ৩ নং মলান, নলাপাৰা, তাকাবাৰী, চিয়াৰী আদি পোন্ধৰখনৰো অধিক কৃষিজীৱী গাঁৱৰ পথ, পথাৰসমূহ কালিৰে পৰা বুৰাই পেলায় ।
দিখাৰী নদীৰ বানত উলুৱনী, জামুগুৰী অঞ্চলৰ গাঁওসমূহৰ বাট-পথ বুৰাই পেলোৱাৰ লগতে কৃষিজীৱী গাঁওসমূহৰ বিঘাই-বিঘাই শস্য পথাৰ বুৰ যোৱাৰ ফলত গঞা ৰাইজৰ বিস্তৰ ক্ষতি হৈছে । ইপিনে, দিখাৰী আৰু পঃতে নলাৰ বাঢ়নী পানীয়ে মিছামৰা গাঁও পঞ্চায়তৰ ১ নং, ২ নং, ৩ নং, ৪ নং মধুপুৰ গাঁও কেইখন বুৰাই পেলাইছে । নদীদুখৰ বানত তেলাম গাঁও পঞ্চায়তৰ অৰুণ চাপৰি আৰু ৰামধন দিখাৰী গাঁও পঞ্চায়তৰ চিয়াৰী গাঁও জলমগ্ন হৈছে ।
জোনাই ৰাজহ চক্ৰৰ লাইমেকুৰী, ৰামধন দিখাৰী, মিছামৰা আৰু তেলাম গাঁও পঞ্চায়তৰ বানপীড়িত অঞ্চলত পথ,পথাৰ বানত জলমগ্ন হোৱাত পশুধনৰ খাদ্যৰ সমস্যাই দেখা দিছে । উল্লেখযোগ্য যে দিখাৰী নদীৰ বাঢ়নী পানীত চিয়াৰীৰ পৰা ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পঃতে নলা সংযোগী পথছোৱা জলমগ্ন হোৱাত যাতায়তৰ ক্ষেত্ৰত সমস্যাই দেখা দিছে ।
ইপিনে, ঘগৰা, চিলাসুঁতি আৰু ডিমৌ নদীৰ বাঢ়নী পানীয়ে ধেমাজি জিলাৰ চিলাসুঁতি আৰু মুক্তিয়াৰ গাঁও পঞ্চায়তৰ কুৰিখনৰো অধিক গাঁৱৰ শস্য পথাৰ বুৰাই পেলাইছে । নদী কেইখনৰ বানত চিলাসুঁতি গাঁও পঞ্চায়তৰ চিলাবালি, উত্তৰ চিলাবালি, পূব চিলাবালি, গৌৰাংগপুৰ আৰু মুক্তিয়াৰ গাঁও পঞ্চায়তৰ বোকাবিল, ৰায়বস্তি, কাকবাৰী, ৰাসতোলা, মহাৰাণীপুৰ,কদমতলা আদি জনসবতিপূৰ্ণ কৃষিজীৱী গাঁওসমূহৰ শস্য পথাৰ, পথ আদি বুৰ গৈছে ।
তদুপৰি ৭৮২১ পৰিয়াল বানাত আক্ৰান্ত আৰু ২০৫৬.৭৪ হেক্টৰ, কৃষিভূমি বাঢ়নী পানীয়ে বুৰাই পেলাইছে । বানাক্ৰান্তক উদ্ধাৰৰ বাবে এছ ডি আৰ এফৰ নাওঁ ব্যৱহাৰ কৰা হৈছে ৷ ইয়াৰ উপৰি বানাক্ৰান্ত ৰাইজৰ বাবে এটা অস্থায়ী চৰকাৰী আশ্ৰয় শিবিৰ স্থাপন কৰাত জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অৰ্ধশতাধিক বাৰ্ন্যাত্যই আশ্ৰয় গ্ৰহণ কৰিছে ৷
লগতে পঢ়ক:বানৰ কৱলত বাৰখন জিলাৰ আঢ়ৈ লক্ষাধিক লোক: মৃতকৰ সংখ্যা ৩৪লৈ বৃদ্ধি - ASSAM FLOOD 2024

