ETV Bharat / state

ৰাজ্যত উন্নত হৈছে বান পৰিস্থিতি, বানত নিহতৰ সংখ্যা ২০ জনলৈ বৃদ্ধি - ASSAM FLOOD 2025

গুৱাহাটীৰ সমীপৱৰ্তী নগৰবেৰাত দেওবাৰে বানত তিনিটি নাবালকৰ মৃত্যু হয় ৷ ইফালে নদীসমূহৰ জলস্তৰ হ্ৰাস পোৱাত দেওবাৰে দিনৰ ভাগত ফেৰী সেৱা পুনৰ আৰম্ভ কৰা হয় ৷

ASSAM FLOOD 2025
অসমৰ বান পৰিস্থিতি (ETV BHARAT ASSAM)
author img

By ETV Bharat Assamese Team

Published : June 9, 2025 at 7:35 AM IST

2 Min Read

হায়দৰাবাদ : দেওবাৰে কামৰূপ জিলাত তিনিজন লোকৰ মৃত্যুৰ লগতে ৰাজ্যত চলিত বানৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ২০ জনলৈ বৃদ্ধি পাইছে ৷ মৃত তিনিওজনেই নাবালক আৰু তেওঁলোক গুৱাহাটীৰ সমীপৱৰ্তী নগৰবেৰাৰ ৷ অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে দেওবাৰে বান সম্বন্ধীয় প্ৰতিবেদনত প্ৰকাশ কৰে এই তথ্য ৷

ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ প্ৰতিবেদন অনুসৰি ৰাজ্যত বান পৰিস্থিতিৰ ক্ৰমান্বয়ে উন্নতি ঘটিছে আৰু বানপীড়িত জনসংখ্যা দেওবাৰে সন্ধিয়ালৈ ২.৫৯ লাখলৈ হ্ৰাস পাইছে ৷ অৱশ্যে এতিয়াও ৰাজ্যৰ ১১খন জিলাৰ ৩২ টা ৰাজহ চক্ৰৰ ৭৪১খন গাঁও বানৰ ফলত ক্ষতিগ্ৰস্ত হৈছে ৷ আনহাতে বৰ্তমান ৰাজ্যৰ কোনো এখন নদীৰ জলস্তৰ বিপদসীমাৰ ওপৰেৰে বৈ যোৱা নাই ৷

ইফালে বানাক্ৰান্ত জিলাকেইখন হৈছে ক্ৰমে হাইলাকান্দি, শ্ৰীভূমি, মৰিগাঁও, কামৰূপ (গ্ৰাম্য), গোৱালপাৰা, কাছাৰ, নগাঁও, কামৰূপ (মহানগৰ), দৰং, লখিমপুৰ আৰু গোলাঘাট ৷ একেসময়তে ৬,৩১১ হেক্টৰতকৈ অধিক শস্য ভূমি বৰ্তমানো প্লাৱিত হৈয়ে আছে ৷ ১৪৪৫৯৭ জীৱ-জন্তু বানত আক্ৰান্ত হৈছে ৷

ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ প্ৰতিবেদনত উল্লেখ কৰা অনুসৰি বৰাক উপত্যকাৰ তিনিখন জিলাই আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈয়ে আছে ৷ শ্ৰীভূমি জিলাত সৰ্বাধিক ১,৬২,১০৮ গৰাকী লোক বানত আক্ৰান্ত হোৱাৰ বিপৰীতে হাইলাকান্দিত ৫১,৬৬৩ গৰাকী আৰু কাছাৰত ৩৬,২৭১ গৰাকী লোক বানৰ ফলত ক্ষতিগ্ৰস্ত হৈছে ৷

বান পৰিস্থিতি কিছু শাম কটাত বৰ্তমান আশ্ৰয় শিবিৰত থকা লোকসকলেও নিজৰ ঘৰলৈ উভতি যাবলৈ আৰম্ভ কৰিছে, যাৰবাবে দেওবাৰে সাহায্য শিবিৰত থকা লোকৰ সংখ্যা ২৪,৯০০ লৈ হ্ৰাস পাইছে ৷ নদীসমূহৰ জলস্তৰ হ্ৰাস পোৱাৰ ফলত দিনৰ ভাগত ফেৰী সেৱা পুনৰ আৰম্ভ কৰা হৈছে ৷

লগতে পঢ়ক : ৰাজ্যত বান আৰু ভূমিস্খলনত পুনৰ দুজন লোকৰ মৃত্যু

মৰমৰ ঘৰখন পুতি পেলালে বোকা-পলসে: কেনেকৈনো ঘূৰি যায় এৰি থৈ অহা ঘৰখনলৈ

ৰাজ্যৰ 21 খন জিলাত বানৰ তাণ্ডৱ, নিহতৰ সংখ্যা 14 গৰাকীলৈ বৃদ্ধি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.