বানৰ কবলত চিলাপথাৰৰ বিস্তীৰ্ণ অঞ্চল; পশুধনৰ খাদ্যৰ অভাৱ - ASSAM FLOOD 2024
Flood Situation in Dhemaji : ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে বুৰাই পেলাইছে চিলাপথাৰৰ বিস্তীৰ্ণ নৈপৰীয়া অঞ্চল ৷ অপৰিৱৰ্তিত হৈ আছে চেঙাজান গোৱালাৰ বান পৰিস্থিতি ৷ উন্নত হৈছে বৰং, মেচাকি চাপৰি, বগৰীগুৰি, উলুৱনী, মিছামৰাৰ মধুপুৰ, তেলামৰ অৰুণ চাপৰি, চিয়াৰীৰ বান পৰিস্থিতি ৷ পানী শুকাইছে যদিও আঁতৰা নাই বানপীড়িতৰ দুখ-দুৰ্দশাৰ ৷

Published : July 3, 2024 at 7:21 AM IST
জোনাই, 3 জুলাই: নেৰানেপেৰা বৰষুণৰ ফলত ওফন্দি উঠিছে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ ৷ বাঢ়নী পানীয়ে বুৰাই পেলাইছে চিলাপথাৰৰ বিস্তীৰ্ণ নৈপৰীয়া অঞ্চল । অঞ্চলটোৰ মুক্তিয়াৰ আৰু চিমেনমুখ পঞ্চায়তৰ চেঙাজান মাজৰবাৰী, দেউৰীঘাট, সোণাৰিঘাটৰ পৰা নামনি চিচি টঙানিৰ জংগলী অফিচ, কঁঠালগুৰি, ভদীয়াচুক, মাজদেৱেৰা, নামকিৰ, জাতীয়া চাপৰি, ৰাংকপ চাপৰি, মৰাণ চাপৰি আদিকে ধৰি তিনিকুৰি গাঁও বৰ্তমান বানৰ কবলত ।
ওখ ওখ চাং ঘৰ পৰ্যন্ত ডুব গৈছে আহাৰৰ বানত । ঘৰ-বাৰীকে ধৰি বৃহৎ বৃহৎ কৃষিভূমি বৰ্তমানেও পানীৰ তলত । সমান্তৰালভাবে বৃহৎ লোকচানৰ সন্মুখীন হ’ল মীনপালকসকল । জীৱ-জন্তু চৰিবলৈ স্থানৰ অভাৱ ঘটাত ৰাইজে পোহনীয়া জীৱ-জন্তু লৈ মথাউৰিলৈ স্থানান্তৰ হ’বলগীয়া হৈছে ।
লগতে পঢ়ক: বানত ককবকাইছে ৰাজ্য়ৰ জনতাই : যেনিয়েই চকু যায় তেনিয়েই কেৱল পানী আৰু পানী - Assam Flood 2024
আনহাতে, পূৰ্বতকৈ উন্নত হৈছে জোনাই ৰাজহ চক্ৰৰ লাইমেকুৰী গাঁও পঞ্চায়তৰ মেচাকি চাপৰিৰ বান পৰিস্থিতি । লালী, ব্ৰহ্মপুত্ৰৰ প্ৰলয়ংকাৰী বানত বুৰাই পেলোৱা জোনাই ৰাজহ চক্ৰৰ চৰ চাপৰি অঞ্চল সমগ্ৰ মেচাকি চাপৰিৰ বানপীড়িত পৰিয়ালবোৰৰ ঘৰ-ভেটি, ভঁৰাল, বাট-পথ, পথাৰ আদিবোৰ ক্ৰমাৎ শুকাবলৈ লৈছে ।
ইপিনে, বগৰীগুৰি সামাজিক বনানিকৰণ এলেকাত লালী নদীৰ মথাউৰি ছিঙাৰ ফলত জটিল হৈ পৰা বান পৰিস্থিতি ক্ৰমাৎ উন্নত হৈছে । চিয়াং-লালী নদীৰ বাঢ়নী পানী সোমাই অহাৰ ফলত গালী চিকাৰী গাওঁ পঞ্চায়তৰ সমগ্ৰ গালিঘাট অঞ্চলৰ কুৰিখনৰো অধিক গাঁও সম্পূৰ্ণ বুৰ গৈছিল যদিও মঙলবাৰ পৰা অঞ্চলটোৰ গালী কছাৰী, গালী মিচিং, গালীঘাট, মিলন নগৰ, তল মামৰ, মুদৈ, জীয়াঢল, গালীঘাট লক্ষীপথাৰ, দেবেৰা, চৰাইবাৰী, বেলং, মুনিমুনি কুটুম, চেচু, গালী চাপৰি, গালী ৰাংকপ, য়াৰী, আমগুৰি আদি গাওঁসমূহত পানী শুকাবলৈ লৈছে ।
লগতে পঢ়ক: নিশা কাজিৰঙাৰ বান পৰিস্থিতি পৰ্যবেক্ষণ মুখ্যমন্ত্ৰী ড৹ শৰ্মাৰ - Assam Flood 2024
লালী নদীৰ বাঢ়নী পানীয়ে গালীঘাটৰ পৰা কৃঞ্চপুৰ হৈ কৰ্ণপুৰ সংযোগী লালী নদীৰ মথাউৰিটোৰ গালীঘাটৰ পৰা বৰং কৃষ পুৰলৈকে ছিন্ন ভিন্ন কৰি পেলোৱাৰ ফলত সমগ্ৰ বৰং অঞ্চলটো বান পৰিস্থিতি জটিল হৈ পৰিছিল। কিন্তু আজিৰ পৰা লাহে লাহে বৰং অঞ্চলৰ বৰং কৃঞ্চপুৰ বড়ো, বৰং কৃঞ্চপুৰ মিচিং, বৰং আহোম, বৰং মজদুৰ, 1 নং, 2 নং, 3 নং চৰাইবাৰী, মধ্যপুৰ, তেলীজান, পিপ'লগুৰী, মদাৰগুৰী, তিনিসূঁতি, এৰাসূঁতি, মুক্তিয়াৰ, 1 নং, 2 নং, 3 নং কৰ্ণপুৰ, মাঝিআলি চাপৰি, কাংকান চাপৰি আদি গাঁৱসমূহৰ অৱস্থা উন্নত হবলৈ লৈছে । দিখাৰী, পঃতে নলা, ডেকা আদি নদীৰ বানত জলমগ্ন হৈ পৰা মিছামৰা গাওঁ পঞ্চায়তৰ অধিকাংশ গাঁৱৰ বান পৰিস্থিতি স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে ।
আনহাতে, ৰামধন দিখাৰী গাওঁ পঞ্চায়তৰ জামুগুৰী,উলুৱনী আদি গাওঁসমূহত সৃষ্টি হোৱা বান পৰিস্থিতিও আজি উন্নতি ঘটিছে।যদিও দিখাৰী নদীৰ বাঢ়নী পানীয়ে জলমগ্ন কৰি পেলোৱা ধেমাজি জিলাৰ জোনাই ৰাজহ চক্ৰৰ ৰামধন দিখাৰী গাওঁ পঞ্চায়তৰ উলুৱনী জয়পুৰ, বিঞ্চুপুৰ, লংকা, 1 নং, 2 নং, 3 নং মলান, নলাপাৰা, তাকাবাৰী আদি কৃষিজীৱি গাঁৱৰ পথ,পথাৰসমূহত আজিও পানী শুকুৱা নাই ।
লগতে পঢ়ক: চকুৰ সন্মুখতে উটি গ’ল সমস্ত: কন্দাৰ বাহিৰে উপায় নাই বানাক্ৰান্তৰ - Assam Flood 2024
ইপিনে, দিখাৰী আৰু পঃতে নলাৰ বাঢ়নী পানীয়ে প্লাৱিত কৰি পেলোৱা মিছামৰা গাওঁ পঞ্চায়তৰ 1 নং, 2 নং, 3 নং, 4 নং মধুপুৰ গাওঁ কেইখনৰ অৱস্থা উন্নত হৈছে । জোনাই ৰাজহ চক্ৰৰ লাইমেকুৰী, ৰামধন দিখাৰী, মিছামৰা আৰু তেলাম গাওঁ পঞ্চায়তৰ বানপীড়িত অঞ্চলত পথ-পথাৰসমূহ জলমগ্ন হৈ পৰাৰ ফলত এতিয়া সকলোতে বোকা-পলসৰ তৰপ পৰাৰ বাবে পশুধনৰ মাজত ভীষণ খাদ্যৰ সমস্যাই দেখা দিয়া পৰিলক্ষিত হৈছে ।

