বিশ্বনাথ চাৰিআলি: ৰাজ্যত অব্যাহত আছে বানৰ বিভীষিকা । বানৰ কৱলত পৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানো । যাৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ নিকটৱৰ্তী অঞ্চলসমূহৰ ওখ স্থানলৈ ঢাপলি মেলিছে বন্যপ্ৰাণীসমূহে ।
তাৰ মাজতে বুধবাৰে পুৱাতে গহপুৰ সমষ্টিৰ গমিৰিৰ মিৰি পথাৰত উদ্ধাৰ হৈছে এটা বাঘৰ পোৱালি । গমিৰিপৰাৰ মণি দাস নামৰ লোকজনৰ বাঁহনি বাৰীত বাঁহৰ মাজত চেপা খাই থকা অৱস্থাত উদ্ধাৰ হয় বাঘৰ পোৱালিটো ।
উল্লেখ্য যে কাজিৰঙাৰ ষষ্ঠ সংযোজন পানীত ডুব যোৱাৰ পাছতেই বিভিন্ন জীৱ-জন্তুৰে ভৰি পৰিছে দাঁতিকাষৰীয়া অঞ্চলবোৰ । বিশেষকৈ হৰিণা, বন গাহৰি, ম'হ, বাঘ আদি জীৱ-জন্তুৰ বিচৰণভূমিত পৰিণত হৈছে ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ অঞ্চলৰ বিশ্বনাথঘাট, গমিৰি ঘাট, গহপুৰ গমিৰি মেইলবজাৰ, বতীয়ামাৰী, ৰাংছালী, বাঘমাৰী, ৰৌমাৰীকে আদি কৰি কাজিৰঙাৰ ষষ্ঠ সংযোজনৰ দাঁতিকাষৰীয়া অঞ্চলসমূহ ।
বুধবাৰে গমিৰিৰ মিৰি পথাৰত পুৱা স্থানীয় লোকে এটা বাঘৰ পোৱালি প্ৰত্যক্ষ কৰাত হুৱাদুৱা লাগি পৰে । পৰৱৰ্তী সময়ত বাঘৰ পোৱালিটো এটা বাঁহৰ জোপাত সোমাই আৰু বাঁহৰ মাজত চেপা খাই তাত আবদ্ধ হৈ পৰে ।
স্থানীয় ৰাইজে বাঘৰ পোৱালিটো প্ৰত্যক্ষ কৰাৰ পিছত বন বিভাগ আৰু হেলেম আৰক্ষীক খবৰ দিয়ে । লগে লগে হেলেম আৰক্ষী আৰু বন বিভাগৰ লোক উক্ত স্থানত উপস্থিত হৈ বাঘৰ পোৱালিটো উদ্ধাৰ কৰে ।
এই সন্দৰ্ভত বন বিভাগৰ সহযোগী বনকৰ্মী বাবুলী হাজৰিকাই কয়, "বানপানীৰ ফলত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজনৰ নিকটৱৰ্তী অঞ্চলত কাজিৰঙাৰ পৰা বন্যপ্ৰাণী অহাৰ খবৰ বন বিভাগে লাভ কৰিছে । লগতে কালি নিশাও বাঘ ওলোৱা খবৰ বন বিভাগে লাভ কৰিছিল । যাৰ ফলত গহপুৰ, বৰগাং বন বিভাগৰ লোক গমিৰি অঞ্চলত উপস্থিত হৈ আতচবাজী আদি ফুটাই বন্যপ্ৰাণী খেদা হৈছিল যদিও কেনেকৈ বাঘৰ পোৱালিটো থাকি গ'ল সেইটো জানিব পৰা নাই ।"