গোলাঘাটত জলবন্দী ৰাইজৰ হাহাকাৰ; ছিগিল মথাউৰি-উটুৱাই নিলে পথ - Assam Flood 2024
Flood Situation In Assam : গোলাঘাটৰ মহুৰামুখত বংকোৱাল-নেঘেৰিটিং মথাউৰি ছিগাত জলবন্দী হৈছে হাজাৰ হাজাৰ লোক । ধোদাংবাহিৰ আৰু ৰৌমৰাত ব্ৰহ্মপুত্ৰৰ খহনীয়াই ভাবুকি কঢ়িয়াই আনিছে গাঁওকেইখনলৈ ।

Published : July 1, 2024 at 11:24 AM IST
গোলাঘাট, ১ জুলাই : সমগ্ৰ ৰাজ্যৰ লগতে গোলাঘাট জিলাতো বানে ধাৰণ কৰিছে জটিল ৰূপ । ধাৰাবাহিক বৰষুণৰ ফলত ক্ৰমান্বয়ে বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ । ফলত বিপদত পৰিছে নৈপৰীয়া ৰাইজ । দেওবাৰে নিশা বংকোৱাল নেঘেৰিটিং মথাউৰি ছিগি যোৱাৰ ফলত এতিয়া পানীত বুৰ গৈছে শ শ পৰিয়ালৰ বাসগৃহ ।
ব্ৰহ্মপুত্ৰ-গেলাবিল আৰু ধনশিৰি নৈৰ প্ৰবল সোঁতে দেওবাৰে বোকাখাত বিধানসভা সমষ্টিৰ বিভিন্ন স্থানত বান্ধ উটুৱাই নিয়াৰ উপৰি পকী কালভাৰ্ট বুৰাই পেলোৱাত ৰাইজৰ যাতায়তৰ ক্ষেত্ৰত অসুবিধাৰ সৃষ্টি হৈছে ৷
আনহাতে, ব্ৰহ্মপুত্ৰৰ পানী বৃদ্ধি পোৱাত বংকোৱাল নেঘেৰিটিং মথাউৰি মঙলবৰীয়া বজাৰৰ কাষতে পুনৰ তিনিটা স্থানত পানী নিজৰি থকাত মথাউৰিটো ছিগি যোৱাৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে ৷ যাক লৈ চিন্তিত হৈ পৰিছে নৈপৰীয়া জনতা ।
ইফালে, উক্ত পানী নিজৰি থকা তিনিটা স্থানত জলসম্পদ বিভাগৰ সহকাৰী কাৰ্যবাহী অভিযন্তাগৰাকীয়ে নিৰীক্ষণ কৰি ইয়াক বন্ধ কৰাৰ ব্যৱস্থা কৰিছে যদিও ব্ৰহ্মপুত্ৰৰ পানী তীব্ৰ বেগত বাঢ়ি থকাৰ ফলত শংকাত ভুগিব লগা হৈছে বংকোৱালবাসীয়ে ৷ ইফালে বোকাখাত সমষ্টিৰ মৰিয়াহোলাৰ, চুগুৰিচৰলাৰ বহু পৰিয়াল এতিয়াও জলবন্দী হৈ আছে ।
আনহাতে, দেৰগাঁও ৰাজহ চক্ৰৰ অন্তৰ্গত বৃহত্তৰ ব্ৰহ্মপুত্ৰ অঞ্চলৰ লগতে গোলাঘাট দক্ষিণ আহঁতগুৰি অঞ্চলত বানপানীয়ে ধাৰণ কৰিছে কালৰূপ । বিশেষকৈ কৃষি প্ৰধান অঞ্চলসমূহত কৃষক ৰাইজে শালি খেতি কৰিবৰ বাবে কঠিয়া পাৰি কৃষিকৰ্মৰ বাবে সাজু হৈছিল যদিও সেই কঠিয়া এতিয়া পানীৰ তলত । নিশাৰ ভিতৰতে ব্ৰহ্মপুত্ৰৰ পানীয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰাত বৃহত্তৰ অঞ্চলটোৰ শতাধিক পৰিয়াল এতিয়া জলবন্দী ।
এই অঞ্চলটোৰ ৰাইজৰ বহিঃজগতৰ পৰা যোগাযোগ বিচ্ছিন্ন হৈছে । অঞ্চলটোৰ লেমচাপৰি, গড়মৰা, শলাবোৱা, চমোৱা, মিলনপুৰ, ছিৰিশাটিকা, সদাৰ, বহিখোৱা,নতুন চাপৰি, বোকোৰা আদি গাঁওসমূহৰ লগতে সমীপৱৰ্তী দক্ষিণ আহঁতগুৰি, চৰাইচাপৰি, এবানী, শগুনপৰা, ঘুৰিয়া, ন-মাটি, ভীমপৰা, বাঘেধৰা, ধোদাং,কৰৈগুৰিকে আদি কৰি বহু অঞ্চল এতিয়া পানীৰ তলত ।
ইফালে ব্ৰহ্মপুত্ৰৰ কোৱাল সোঁতে ন-মাটি শগুনপৰা, চৰাই চপৰি পথচোৱা ছিগি পেলোৱাত কেইবাখনো গাঁৱত এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে । সমান্তৰালকৈ ধোদাংবাহিৰ আৰু ৰৌমৰাত ব্ৰহ্মপুত্ৰৰ খহনীয়াই গাঁওকেইখনলৈ ভাবুকি কঢ়িয়াই আনিছে । অৱশ্য়ে বানপিড়ীত অঞ্চলসমূহত ইতিমধ্যে এছ ডি আৰ এফ বাহিনীৰ দলে বানাক্ৰান্ত লোকসকলক নিৰাপদ স্থাপনলৈ স্থানান্তৰিত কৰাৰ ব্যৱস্থা কৰিছে ।

