বলিয়া বানে বিঘাই বিঘাই নষ্ট কৰিলে ভোট জলকীয়াৰ খেতি - Assam flood 2024
Flood in Jonai:বানৰ পিচত খেতি পথাৰত কৃষকৰ হাহাকাৰ । বানে ধুই নিয়া খেতিপথাৰলৈ চাই কৃষকে কাঢ়িছে হুমুনিয়াহ ।

Published : July 7, 2024 at 8:52 PM IST
জোনাই, ৭ জুলাই: জোনাইত বানপানী হ্ৰাস পাইছে যদিও চহা খেতিয়কৰ দুখে কুলাই-পাচিয়ে নধৰা হৈছে । শেহতীয়া বানে বিঘাই বিঘাই নষ্ট কৰিলে ভোট জলকীয়াৰ খেতি । ফলত মূৰে-কপালে হাত দিছে চহা কৃষকে । খেতিৰ জৰিয়তে স্বাৱলম্বিতাৰ সপোন দেখা জোনাইৰ ললাদ গাঁৱৰ খেতিয়কৰ সপোন কাঢ়ি লৈ গ’ল বছৰৰ দ্বিতীয়টো বানে ।
উল্লেখ্য যে জোনাইৰ মেনজেক বা দিৰদাং নৈৰ ফেনে ফোটোকাৰে বাঢ়ি অহা পানীয়ে বিভিন্ন অঞ্চলত তাণ্ডৱ সৃষ্টি কৰে । সমান্তৰালকৈ চন্দ্ৰপুৰত এটা মথাউৰি ছিঙি যোৱাত কুলি তিনিআলিৰ কিছু নিলগত ললাদ গাঁৱৰ খেতিয়ক চুৱন টায়েৰ তিনি বিঘা ভোট জলকীয়াৰ খেতি পথাৰত বানে ধুই যোৱাত জলকীয়াৰ গছবোৰ এতিয়া আধাতে মৰহি যাব ধৰিছে । ফলত চিন্তিত হৈ পৰিছে খেতিয়কজন ৷
লগতে পঢ়ক:জোনাইত বাঢ়নী পানীয়ে ছিঙিলে গাইড বান্ধ; নিদ্ৰাহৰণ ৰাইজৰ - Assam flood 2024
পানী কিছু কমিলে যদিও চকুৰ পলকতে সকলো নিঃশেষ হোৱা ভোট জলকীয়াৰ মৰহি যোৱা ৰূপ দেখি খেতিপথাৰতে উচুপি উঠিল চুবন টায়ে । সেয়েহে এফালৰ পৰা উভালি পেলাইছে থোপা থোপে লাগি থকা ভোট জলকীয়াৰ পুলিবোৰ । উল্লেখ্য যে চৰকাৰৰ পৰা কোনোধৰণৰ সহায় নোলোৱাকৈ যোৱা ৫ বছৰৰ পৰা ভোট জলকীয়াৰ খেতি কৰা চুবন টায়ে স্বাৱলম্বী হোৱাৰ উপৰি ভোট জলকীয়া খেতিৰ জৰিয়তে আনকো দিবলৈ সক্ষম হৈছিল কৰ্ম সংস্থাপন ৷
ধেমাজি জিলাৰ জোনাইত বলিয়া বানে তাণ্ডৱ চলোৱাত খেতিয়কজনে দুখমনে কয় যে বানৰ ফলত বিধ্বস্ত হোৱা ভোট জলকীয়া খেতিত এইবাৰ লোকচান হ’ব ৪-৫ লাখ টকা ৷ যদিহে চৰকাৰে তেওঁক কোনোধৰণৰ সাহাৰ্য প্ৰদান নকৰে তেতিয়াহ'লে এইবাৰ তেওঁ সমস্য়াৰ সন্মুখীন হ'ব ।

