গুৱাহাটী: গুৱাহাটী মহানগৰী আৰু কৃত্ৰিম বান যেন এতিয়া এটা মুদ্ৰাৰে ইপিঠি আৰু সিপিঠি । এফালে চৰকাৰৰ গুৱাহাটীক বানমুক্ত কৰাৰ মিছা আস্ফালন, আনফালে মহানগৰবাসীৰ জীৱন-যন্ত্ৰণা । বিভিন্ন নতুন নতুন আঁচনি-প্ৰকল্পৰে গুৱাহাটীক বানমুক্ত কৰাৰ চৰকাৰৰ প্ৰয়াসৰ বিপৰীতে দিনক দিনে ক্ৰমাৎ জটিল হৈ পৰিছে গুৱাহাটীৰ কৃত্ৰিম বান সমস্যা । আনহাতে, নতুন নতুন অঞ্চলো শেহতীয়াভাৱে বানৰ কবলত পৰিব ধৰিছে । তেনে অৱস্থাত মহানগৰবাসীৰ দুৰ্ভোগৰ বহিঃপ্ৰকাশৰ এক ঘটনা পোহৰলৈ আহিছে ।
কৃত্ৰিম বানে মহানগৰবাসীক এক প্ৰকাৰ দিশহাৰা কৰি তুলিছে । বুধবাৰে নিশাৰে পৰা অহা নেৰানেপেৰা বৰষুণত মহানগৰীৰ বিস্তীৰ্ণ অঞ্চল কৃত্ৰিম বানত বুৰ যায় । ফলত ব্যাহত হৈ পৰে মহানগৰীৰ জনজীৱন । মহানগৰবাসীৰ বাবে বৰষুণ মানে যেন এতিয়া সীমাহীন দুদৰ্শাহে ৷
এজাক বৰষুণেই উন্মোচন কৰে তথাকথিত স্মাৰ্ট চিটীৰ ফোঁপোলা স্বৰূপ । মূষলধাৰ বৰষুণত গুৱাহাটী মহানগৰীৰ চৌদিশে কেৱল পানী আৰু পানী । চানমাৰি, বামুণীমৈদাম, অনিল নগৰ, ৰুক্মিণীগাঁও, হাতীগাঁৱকে ধৰি বিভিন্ন অঞ্চল পানীত বুৰ গৈছে ।
কোনো স্থানত যদি আঁঠুৱনি পানী, আন কোনো স্থানত আকৌ একঁকাল । ফলত পৰিস্থিতি অধিক জটিল হৈ পৰিছে । আনহাতে, এই স্থানবোৰত বিপদ সংকুলভাৱে পথাচাৰীসকলে আহ-যাহ কৰাৰ লগতে যান-বাহন চলাচল কৰিবলগীয়া হৈছে ।
বিগত তিনি দিন ধৰি মহানগৰীৰ ৰুক্মিণীগাঁও অঞ্চল পানীৰ তলত ডুব গৈ আছে । ফলত অঞ্চলটোৰ বাসিন্দাসকল একপ্ৰকাৰ গৃহবন্দী হৈ পৰিবলগীয়া হৈছে । শনিবাৰে গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ বিজুলী কলিতা মেধিয়ে ৰুক্মিণীগাঁও অঞ্চলৰ বান পৰিস্থিতিৰ বুজ ল'বলৈ তাত উপস্থিত হয় । কিন্তু অঞ্চলটোত গৈ সাংসদগৰাকী উপস্থিত হোৱাৰ লগে লগে ৰাইজৰ যেন ক্ষোভৰ বহিঃপ্ৰকাশ ঘটে । ক্ষোভিত ৰাইজৰ ৰোষত পৰে গুৱাহাটীৰ সাংসদ বিজুলী কলিতা মেধি ।
আনকি ক্ষোভতে এগৰাকী ব্যক্তিয়ে বিজুলী কলিতা মেধিক উদ্দেশ্যি কয়, "নামি আহক, নামি আহক, এয়া বানপানী নহয় । একঁকাল পানী হৈছেনে নাই চাই লওক । নিৰ্লজ্জ কথা ক'ব আহিছে ।" সাংসদ বিজুলী কলিতা মেধিৰ ওপৰত এনেদৰে মহানগৰীৰ একাংশই ক্ষোভ উজাৰি যেন প্ৰকাশ কৰিলে তেওঁলোকৰ দুৰ্দশাৰ কথা । লগতে তেওঁলোক যে চৰকাৰ-প্ৰশাসনৰ ওপৰত কিমান ক্ষোভিত হৈ আছে ইয়াৰ জৰিয়তে প্ৰকাশ কৰে । এই দৃশ্য সংবাদ মাধ্যমৰ কেমেৰাতো বন্দী হয় ।