গোৱালপাৰাৰ বানাক্ৰান্তৰ আশ্রয় শিবিৰত নাই পৰ্যাপ্ত সাহায্য, নাই শিশুৰ পুষ্টিকৰ খাদ্য - Assam Flood 2024
Poor Condition in Goalpara Flood Relief Camps : গোৱালপাৰাৰ বানাক্ৰান্তৰ আশ্রয় শিবিৰত হাহাকাৰ । প্ৰশাসনে যোগান ধৰা নাই খাদ্য-সামগ্ৰীৰ লগতে শিশুসকলৰ পুষ্টিকৰ খাদ্য । যোগান ধৰা নাই বিশুদ্ধ খোৱাপানীও । আশ্ৰয় শিবিৰত নাই শৌচালয়ৰ ব্যৱস্থা । জিলা প্ৰশাসনক শীঘ্ৰে আশ্ৰয় শিবিৰৰ বানাক্ৰান্তৰ মাজত সাহায্য প্ৰদানৰ দাবী বন্যার্তৰ ।

Published : July 10, 2024 at 10:12 PM IST
গোৱালপাৰা, ১০ জুলাই : সমগ্ৰ ৰাজ্যৰ লগতে গোৱালপাৰাতো ভয়াৱহ বান পৰিস্থিতি । বৰ্তমানলৈকে ঠাই বিশেষে পানী কমিছে যদিও এতিয়াও বহু পৰিয়ালৰ ঘৰৰ মুধচলৈকে পানী । উপায়ন্তৰ হৈ নিজৰ ঘৰ-বাৰী এৰি আশ্ৰয় লৈছে ওখ মথাউৰিত ।
আনহাতে, যিসময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বানাক্ৰান্তৰ বাবে স্থাপন কৰা প্ৰতিটো শিবিৰত পৰ্যাপ্ত পৰিমাণৰ সাহাৰ্য প্ৰদানৰ বাবে জিলা প্ৰশাসনক নিৰ্দেশ দিছে, তাৰ বিপৰীতে কিন্তু গোৱালপাৰাত জিলা প্ৰশাসনে মুখ্যমন্ত্ৰীৰ নিৰ্দেশক ভেঙুচালি কৰা পৰিলক্ষিত হৈছে । মুখ্যমন্ত্ৰীৰ নিৰ্দেশকো কেৰেপ নকৰি গোৱালপাৰাৰ এই বানাক্ৰান্তৰ আশ্ৰয় শিবিৰত যোগান ধৰা নাই পৰ্যাপ্ত পৰিমাণৰ সাহাৰ্য ।
গোৱালপাৰা জিলা আয়ুক্ত কাৰ্যালয়ৰ পৰা মাত্ৰ দুই কিলোমিটাৰ নিলগত থকা ৩নং ৱাৰ্ডৰ নামাবস্তিৰ আশ্ৰয় শিবিৰত থকা প্ৰায় ১২০ টা পৰিয়ালে পোৱা নাই চৰকাৰী সাহাৰ্য । ১২০ টা পৰিয়ালৰ প্ৰায় অৰ্ধশতাধিক শিশুকো যোগান ধৰা হোৱা নাই কোনো পুষ্টিকৰ খাদ্য । যাৰ বাবে আশ্ৰয় শিবিৰত থকা বন্যার্তই চৰকাৰ তথা জিলা প্ৰশাসনৰ বিৰুদ্ধে ক্ষোভ উজাৰি কয় যে বিগত এসপ্তাহ ধৰি বালিজানা ৰাজহ চক্ৰৰ অন্তৰ্গত ৩নং ৱাৰ্ডৰ ব্ৰহ্মপুত্ৰ নদীৰ পাৰত থকা নামাবস্তি আশ্ৰয় শিবিৰত যোগান ধৰা হোৱা নাই পৰ্যাপ্ত পৰিমাণৰ সাহাৰ্য ।
আনহাতে, গোৱালপাৰা চহৰৰ ৩নং ৱাৰ্ডৰ পৌৰ আয়ুক্ত মানসী নাথে তিনি দিন পূর্বে প্ৰতিটো পৰিয়ালৰ মাজত নামমাত্ৰ চাউল, দাইল আৰু মিঠাতেল যোগান ধৰিছিল যদিও বর্তমানলৈকে আশ্ৰয় শিবিৰত থকা পৰিয়ালৰ মাজত কোনো ধৰণৰ চৰকাৰী সাহাৰ্য বিতৰণ কৰা হোৱা নাই বুলি অভিযোগ তুলি ক্ষোভ উজাৰে একাংশ বন্যার্তই।
কেৱল এয়াই নহয়, জিলা প্ৰশাসনে বন্যার্তৰ মাজত যোগান ধৰা নাই শিশুসকলৰ পুষ্টিকৰ খাদ্যৰ লগতে মহিলাসকলৰ বাবে অতি প্ৰয়োজনীয় চেনিটাৰী নেপকিনকে ধৰি অন্যন্য সামগ্ৰী । ইয়াৰ উপৰি আশ্ৰয় শিবিৰসমূহত শৌচালয়ৰ ব্যৱস্থা নথকাৰ ফলত মুকলিতে মলত্যাগ কৰিবলগীয়া হৈছে আশ্ৰয় শিবিৰত থকা পুৰুষ-মহিলাসকলে ।
ইপিনে আশ্ৰয় শিবিৰসমূহত পৰ্যাপ্ত পৰিমাণৰ চিকিৎসা ব্যৱস্থাৰো অভাৱ । চৰকাৰী নাৰ্ছসকলে চিকিৎসক অবিহনেই আশ্ৰয় শিবিৰসমূহলৈ দুই-এদিনৰ মূৰত আহি কেইটামান জ্বৰ আৰু কাহৰ টেবলেট বন্যার্তসকলৰ মাজত বিতৰণ কৰি দায়িত্ব সামৰে বুলিও অভিযোগ উত্থাপন কৰে বন্যার্তই ।
উল্লেখ্য যে জিলাখনৰ আন আন আশ্ৰয় শিবিৰসমূহতো একেই অৱস্থা । জিলা আয়ুক্ত কাৰ্যালয়ৰ গাতে লাগি থকা নিউ গোৱালপাৰা হাইস্কুল, নিউ গোৱালপাৰা এলপি স্কুল আৰু গোৱালটুলি গার্লছ এম ই স্কুলত মাটিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত বলদমাৰীচৰ গাঁও পঞ্চায়তৰ বানাক্ৰান্ত ৰাইজে বিগত এসপ্তাহ ধৰি আশ্ৰয় লৈ আছে । এইকেইটা শিবিৰত আছে ৪৬৭ টি শিশু । এই শিশুসকলৰ মাজতো জিলা প্ৰশাসনে যোগান ধৰা নাই পুষ্টিকৰ খাদ্য ।
ইফালে নিউ গোৱালপাৰা হাইস্কুলত স্থাপন কৰা আশ্রয় শিবিৰত থকা একাংশ মহিলাই প্ৰশাসনৰ বিৰুদ্ধে ক্ষোভ উজাৰি কয় যে বিগত এসপ্তাহে তেওঁলোক শিবিৰত আছে যদিও তেওঁলোকক পর্যাপ্ত পৰিমাণে সাহায্য আৰু অন্যান্য সা-সুবিধা দিয়া নাই । শিশুসকলকো বঞ্চিত কৰা হৈছে পুষ্টিকৰ খাদ্যৰ পৰা ।
উল্লেখ্য যে জিলা প্রশাসনৰ শেহতীয়া তথ্য অনুসৰি, বৰ্তমানেও গোৱালপাৰাৰ মাটিয়া ৰাজহ চক্ৰৰ ৪২ খন, লক্ষীপুৰ ৰাজহ চক্ৰৰ ১৭৬ খন, বালিজানা ৰাজহ চক্ৰৰ ৩৮ খন আৰু ৰংজুলি ৰাজহ চক্ৰৰ ১৭ খনকৈ ৰাজহ গাঁৱকে ধৰি মুঠ ২৭৪ খন ৰাজহ গাঁও বানত প্লাবিত হৈ আছে ।

