ETV Bharat / state

ৰঙামাটিৰ পুখুৰীত দিনৰ পোহৰত হাতীৰ জলকেলি - Elephant Man Conflict

Elephant Man Conflict: ৰঙামাটিৰ পুখুৰীত বনৰীয়া হাতীৰ জলকেলি ৷ ফটকা ফুটাই দায়িত্ব সামৰিছে বন বিভাগে ৷ আন্ধাৰ হ’লেই আৰম্ভ হয় হাতীৰ অবাধ বিচৰণ ৷ ভাঙিছে পকী দেৱালো ৷

Elephant Man Conflict
ৰঙামাটিত পুখুৰীত দিনৰ পোহৰত হাতীৰ জলকেলি
author img

By ETV Bharat Assamese Team

Published : March 26, 2024 at 10:46 PM IST

3 Min Read
Choose ETV Bharat
ৰঙামাটিত পুখুৰীত দিনৰ পোহৰত হাতীৰ জলকেলি

গুৱাহাটী, ২৬ মাৰ্চ : দক্ষিণ কামৰূপৰ ৰঙামাটিৰ কেবাখনো গাঁৱত বিগত কেবামাহ ধৰি এটা বনৰীয়া হাতীৰ জাকৰ মুক্ত বিচৰণে অঞ্চলবাসীক শংকিত কৰি তুলিছে ৷ বিশেষকৈ আন্ধাৰ নামি অহাৰ পিচতেই বাটে-পথে, বাৰীয়ে-ঘৰে আৰম্ভ হয় হাতীৰ মুক্ত বিচৰণ ।

  • " class="align-text-top noRightClick twitterSection" data="">

খাদ্যৰ সন্ধানত ওলাই অহা আঠ-নটা বনৰীয়া এটা হাতীৰ জাকে বিগত কেইটামান দিনত বহুলোকৰ পকী দেৱাল আৰু বাঁহৰ বেৰ ভাঙি বাৰীত সোমাই কলগছ, কুঁহিয়াৰ, শাক-পাচলিকে ধৰি বিভিন্ন ঋতুকালিন খেতি খাই আৰু গচকি নষ্ট কৰি পেলোৱাত বাসিন্দাসকল ভীষণ অসুবিধাৰ সন্মুখীন হ’বলগীয়া হৈছে ৷ ইফালে হাতীৰ জাকটোৰ পৰা ফালৰি কাটি অহা চাৰিটাকৈ হাতীয়ে বিগত প্ৰায় এটা সপ্তাহ ধৰি ৰঙামাটি হাইস্কুলৰ পিচফালে থকা এজন লোকৰ মীনপালন কৰি অহা এটা বৃহৎ পুখুৰীত জলকেলি কৰি থকা ঘটনাই অঞ্চলটোৰ ৰাইজক শংকিত কৰি তুলিছে ।

এই সন্দৰ্ভত অঞ্চলটোৰ ৰাইজে কেবাদিনো ধৰি বন বিভাগৰ পশ্চিম কামৰূপ বন সংমণ্ডলৰ অধীনৰ লোহাৰঘাট আঞ্চলিক বন বিষয়া কাৰ্যালয়ক অৱগত কৰি অহাৰ পিচত অৱশেষত আঞ্চলিক বন বিষয়াগৰাকীয়ে কালি তালৈ বনকৰ্মীৰ এটা দল প্ৰেৰণ কৰে । দিনৰ ১০ মান বজাত তাত উপস্থিত হৈ বনকৰ্মীৰ দলটোৱে ফটকা ফুটাই হাতীৰ জাকটোক কৌশলৰে পুখুৰীৰ পৰা আঁতৰ কৰিবলৈ সক্ষম হয় । কিন্তু তাৰ পিচত হাতীৰ জাকটোৱে পুখুৰীৰ পাৰত থকা হাবিতলীয়া জাৰণিখনত অৱস্থান কৰে ।

নিশাটো জাৰণিখনত আশ্ৰয় লৈ থকা হাতীৰ জাকটোৱে পুনৰ আজি দিনৰ ভাগত পুখুৰীত নামি জলকেলি কৰি থকা বুলি স্থানীয় লোকসকলে জানিবলৈ দিছে । ইফালে ফটকা ফুটাই হাতীৰ জাকটো জাৰণিখনত আশ্ৰয় লোৱাৰ পিচতে বনকৰ্মীৰ দলটো উভতি যোৱাত ৰাইজ অসন্তুষ্টি প্ৰকাশ কৰিছে । আনহাতে ইয়াৰ পূৰ্বে হাতীৰ জাকটোৱে বিগত কেইটামান দিনত ৰঙামাটি লাইব্ৰেৰী চকৰ কাষৰীয়া বহু ঘৰৰ চৌহদৰ পকী আৰু নতুনকৈ দিয়া বাঁহৰ বেৰ ভাঙি বাৰীত সোমাই তাণ্ডৱ চলাইছিল ৷ এই সন্দৰ্ভত ৰঙামাটি অঞ্চলৰ ৰাইজে জানিবলৈ দিয়া মতে পূৰ্বতেও ৰাইজে হাতীৰ উপদ্ৰৱ সন্দৰ্ভত স্থানীয় লোহাৰঘাট বনাঞ্চলিক বিষয়া কাৰ্যালয়ক কেবাবাৰো অৱগত কৰিছিল । কিন্তু পৰ্যাপ্ত বনকর্মী নথকাৰ অজুহাতত হাতী খেদা কাৰ্যত ৰাইজক সহযোগ কৰাৰ সলনি দুধকুঁৱৰী পাহাৰৰ নামনিত হাতী অহা যোৱা কৰা পথত ‘হাতীৰ পৰা সাৱধান’ বুলি দুখন ছাইনব’ৰ্ড লগায়েই দায়িত্ব সামৰিছে বন বিভাগে ।

ৰাইজে বন বিভাগক কোনোধৰণে সংৰক্ষিত বনাঞ্চল আৰু হাতীৰ বিচৰণথলী নোহোৱা ৰঙামাটি অঞ্চলত হাতীৰ বিচৰণ আৰু উপদ্ৰৱৰ সমস্যাৰ পৰা ৰাইজক ৰক্ষা কৰিবলৈ বন বিভাগৰ উৰ্ধতম কৰ্তৃপক্ষক দাবী জনোৱাৰ লগতে এইক্ষেত্ৰত পশ্চিম কামৰূপ বন সংমণ্ডলৰ বন সংমণ্ডল প্ৰাধিকাৰীৰ হস্তক্ষেপ আৰু তৎপৰতা কামনা কৰিছে । কিয়নো কোনোধৰণৰ সংৰক্ষিত বনাঞ্চল নথকা ৰঙামাটিৰ দৰে জনবহুল অঞ্চলত বন বিভাগৰ অৱহেলাৰ বাবে অনাগত দিনত অঞ্চলটোত হাতী-মানুহৰ সংঘাত হোৱাটো নিশ্চিত বুলি আশংকা কৰা হৈছে ।

বিশেষকৈ কিবাকৈ হাতীৰ জাকটো যদি বাটৰহাত সংযোগী পথৰে উত্তৰ দিশলৈ ওলাই যায় তেন্তে মাত্ৰ ডেৰ কিলোমিটাৰ নিলগত থকা বিজয়নগৰৰ দৰে ব্যৱসায়িক কেন্দ্ৰস্থলত প্ৰৱেশ কৰাৰ সম্ভাৱনা আছে । তেতিয়াহ’লে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰত যোৱাটো নিশ্চিত । যাৰ বাবে প্ৰকৃতিপ্ৰেমীসকলে আন প্ৰশিক্ষিত হাতী ব্যৱহাৰ কৰি হলেও হাতীৰ জাকটোক ৰঙামাটিৰ পৰা দক্ষিণ দিশত থকা অসম-মেঘালয় সীমান্তৱৰ্তী অঞ্চললৈ খেদি পঠিয়াবলৈ বন বিভাগক আহ্বান জনাইছে ।

লগতে পঢ়ক: হাতী-মানুহৰ সংঘাত: খাদ্যৰ যোগান ধৰি সংঘাত ৰোধৰ চেষ্টা বিহালীত