গুৱাহাটী : ঈদৰ উলহ-মালহৰ মাজতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত অবৈধভাৱে গো হত্যা কৰা আৰু একাধিক স্থানত গো-ধনৰ শৰীৰৰ অংশ উদ্ধাৰ হোৱা ঘটনাক যথেষ্ট গুৰুত্ব সহকাৰে লৈছে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই । এই ঘটনা সন্দৰ্ভত ইতিমধ্যে মুখ্যমন্ত্রীৰ নিৰ্দেশনা অনুসৰি আৰক্ষীয়ে অভিযান আৰম্ভ কৰিছে । দেওবাৰে আৰক্ষীয়ে এই ঘটনা সন্দৰ্ভত গোৱালপাৰা জিলাত ৫ জন লোকক গ্ৰেপ্তাৰ কৰে ।
সামাজিক মাধ্যমযোগে এই কথা সদৰী কৰিলে খোদ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই । সামাজিক মাধ্যমযোগে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই কয়, "ঈদৰ পাছত সাম্প্ৰদায়িক উত্তেজনা বিয়পোৱাৰ অৰ্থে ইচ্ছাকৃতভাৱে মন্দিৰৰ সমীপত গো-মাংস পেলোৱাৰ অভিযোগত গোৱালপাৰা জিলাৰ লক্ষীপুৰ আৰক্ষীয়ে কেইবাগৰাকীও লোকক আটক কৰিছে ৷ আটাইকেইজন লক্ষীপুৰ আৰক্ষী থানাৰ অন্তৰ্গত খাকিলামাৰীৰ ১০ নং ৱাৰ্ডৰ বাসিন্দা ।"
মুখ্যমন্ত্রীয়ে সদৰী কৰা অনুসৰি আটকাধীনসকল :
- বোদিৰ আলী (৫৭), পিতৃ প্ৰয়াত জব্বৰ আলী
- হজৰত আলী (৫৮), পিতৃ ৰিয়াজ উদ্দিন
- তাৰা মিঞা (৩৬), পিতৃ ৰূপচান্দ আলী
- শ্বাজামাল মিঞা (৪২), পিতৃ প্ৰয়াত হজৰত আলী
- জাহাংগীৰ আলম (৩২), পিতৃ প্ৰয়াত অমোৰ আলী
আটাইকেইজনৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰা হৈছে আৰু দোষীক উপযুক্ত শাস্তি প্ৰদানৰ বাবে সম্পূৰ্ণ আইনী কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি মুখ্যমন্ত্রীয়ে সামাজিক মাধ্যমযোগে জনায় ।
উল্লেখ্য যে ঈদৰ পিছদিনা ৰাজ্যৰ বিভিন্ন স্থানত গো-মাংস তথা গো-ধনৰ শৰীৰৰ বিভিন্ন অংশ উদ্ধাৰ হোৱা ঘটনাই ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল । তাৰ পিছতে মুখ্যমন্ত্রীয়ে ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি তেনে ঘটনা সংঘটিত কৰা লোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ কথা সদৰী কৰিছিল । তাৰ পিছতে অভিযানত নামিছিল আৰক্ষী ।
ইফালে ধুবুৰীৰ হনুমান মন্দিৰত গো-মাংস উদ্ধাৰ হোৱা কাণ্ডকলৈ মুখ্যমন্ত্ৰীয়ে ধুবুৰীত শ্বুট এণ্ড ছাইটৰ কঢ়া নিৰ্দেশ দিছে । যিকোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টিকাৰীক গুলীৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ । ধুবুৰী জিলাৰ সকলো দাগী অপৰাধীক গ্ৰেপ্তাৰৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীয়ে । মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতে ধুবুৰীত আৰক্ষীয়ে ব্যাপক অভিযান আৰম্ভ কৰিছে ।