ETV Bharat / state

গুৱাহাটীত হুৰহুৰকৈ খহি আহিল পাহাৰৰ মাটি: ভূমিস্খলনত পাঁচজনৰ প্ৰাণহানি - LANDSLIDE IN GUWAHATI

কৃত্ৰিম বান, ভূমিস্খলনত জুৰুলা মহানগৰবাসী । বিস্তীর্ণ এলেকা এতিয়াও কৃত্ৰিম বানৰ কৱলত ।

Five people died in a landslide in Guwahati, two were injured
ভূমিস্খলনৰ ভয়ংকৰ ৰূপ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : May 31, 2025 at 2:56 PM IST

3 Min Read

গুৱাহাটী: গুৱাহাটীত যোৱা দুদিন ধৰি হৈ থকা নেৰানেপেৰা প্ৰবল বৰষুণৰ ফলত ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হৈছে । বৰষুণৰ ফলত হোৱা ভূমিস্খলনত যোৱা ২৪ ঘন্টাত পাঁচজন লোকে প্ৰাণ হেৰুৱাইছে । এই কথা ইতিমধ্যে স্পষ্ট কৰিছে কামৰূপ ‌মহানগৰ জিলা প্ৰশাসনে ।‌

ভয়াবহ ভূমিস্খলনৰ ফলত যোৱানিশা বোন্দাৰ চপাইদঙত মহিলা, শিশুসহ ৩ জনৰ মৃত্যু‌ হয় । বোন্দাৰ দৈমুগুৰিত মৃত্যু হয় মাতৃ পুনম গোস্বামী, কন্যা নীলাক্ষী গোস্বামীৰ । পৰিয়ালটোৰ কাষতে বাস কৰা আন এটি শিশু কন্যা ৰঞ্জিতা বড়োৰো মৃত্যু‌ হয় ভূমিস্খলনত । তিনিমাহ পূৰ্বে দৈমুগুৰিত পাহাৰৰ দাঁতিত পৰিয়াল দুটাই ঘৰ সাজি বাস কৰিবলৈ আৰম্ভ কৰিছিল ।

ভূমিস্খলনে প্ৰাণ কাঢ়িলে পাঁচজনকৈ লোকৰ (ETV Bharat Assam)

স্থানীয় ৰাইজে সদৰী কৰা মতে, বৰষুণৰ ফলত নিশা পাহাৰৰ মাটি খহি হোৱা ভয়াবহ ভূমিস্খলনৰ ফলত পুনম গোস্বামী, নীলাক্ষী গোস্বামীৰ মৃত্যু ঘটে । ইপিনে শিশু ৰঞ্জিতা বড়োৱেও কৰুণভাৱে মৃত্যুক সাৱটি ল'বলগীয়া হয় ।‌ তদুপৰি গুৱাহাটীৰ দতালপাৰাত ভয়াবহ ভূমিস্মলনৰ ফলত জ্যোৰ্তিময় বড়ো নামৰ এটি কিশোৰৰ মৃত্যু হয় । ভূমিস্খলনত নমিতা বড়ো আৰু তানিয়া বড়ো নামৰ দুগৰাকী শিশু আহত হয় । আনহাতে মালিগাঁৱৰ ৩ নং গেটত ভূমিস্খলনৰ ফলত ৰবীন দাস নামৰ লোকজনৰো মৃত্যু ‌হয় ।

ভূমিস্খলন সন্দৰ্ভত এগৰাকী স্থানীয় লোকে কয়, "মোৰ ভাৰাতীয়াই কয় যে ৱালখন খহি পৰি গৈছে । মাত্ৰ তিনিবছৰ হৈছে, ৱালখন খহি পৰিব নালাগিছিল । মোৰ ঘৰটোত ৱালখন ফচি গৈছে । কালিৰ পৰা একো কাম হোৱা নাই । কাউঞ্চিলাৰ আহিছে, আহি কৈছে কিবা এটা কৰিব লাগিব ।"

‌উল্লেখ্য যে কৃত্ৰিম বানৰ সমান্তৰালভাৱে মহানগৰীৰ কেইবাটাও স্থানত ভূমিস্খলনৰ ঘটনা সংঘটিত হোৱাৰ আশংকা কৰা হৈছে । মহানগৰ জিলা প্ৰশাসনে কেইবাটাও স্থান ভূমিস্খলন প্ৰৱণ অঞ্চল হিচাপে চিহ্নিত কৰিছে । ফটাশিলৰ পাঁচটা স্থান, গড়ভাঙাত ৯টা, গোটানগৰত ছটা, খানাপাৰাত ৩৩টা, নুনমাটি পাহাৰত ৪০টা, নাৰেংগীত ৩১টা, শান্তিপুৰত ২০টা স্থানকে ধৰি মহানগৰীৰ মুঠ ৩৬৪টা স্থান ভূমিস্খলন প্ৰৱণ অঞ্চল হিচাপে চিহ্নিত কৰি ৰাইজক সাৱধানতা অৱলম্বন কৰিবলৈ প্ৰশাসনে আহ্বান জনাইছে ।

বিভিন্ন পাহাৰত বিপদসংকুল অৱস্থাত বসবাস কৰি থকা লোকসকলক নিৰাপদ স্থানলৈ যাবলৈ আহ্বান জনোৱা হৈছে । ইপিনে কৃত্ৰিম বানৰ ফলত আজিও ব্যাহত হৈ আছে গুৱাহাটীৰ স্বাভাৱিক জীৱনধাৰা । মহানগৰীৰ কেইটামান নিৰ্দিষ্ট অঞ্চলৰ বাহিৰে বাকী সকলো বুৰ গৈ আছে কৃত্ৰিম বানত । হাতীগাঁও, ৰুক্মিণীগাঁও, নবীন নগৰ, অনিল নগৰ, বেলতলা ছাৰ্ভে, পাঞ্জাবাৰী, জুৰিপাৰ, সাতগাঁও, চানমাৰি, আৰ জি বৰুৱা পথ আদি কৰি মহানগৰীৰ বিস্তীর্ণ এলেকা এতিয়াও কৃত্ৰিম বানৰ কৱলত ।

ইপিনে কৃত্ৰিম বানৰ পিছত যোৰাবাটত সৃষ্টি হৈছে ভয়ংকৰ বোকাৰ ‌। বোকাৰ বাবে বহুত যান-বাহন‌ আবদ্ধ হোৱা দেখা গৈছে । আনহাতে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰা মতে, অহা ৬ জুনলৈ গুৱাহাটীত ববৰষুণৰ পৰিস্থিতি‌‌ অব্যাহত থাকিব । অহা ২৪ ঘন্টাত গুৱাহাটীৰ বিভিন্ন ঠাইত মজলীয়াৰ পৰা মধ্যমীয়া বৰষুণ হোৱাৰ কথা আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰিছে । ইফালে ৰাজ্যিক দুৰ্যোগ প্ৰশমন বিভাগে সদৰী কৰা মতে, কৃত্ৰিম বানত গুৱাহাটীৰ সাত হাজাৰ লোক ক্ষতিগ্ৰস্ত ‌হৈছে ।

লগতে পঢ়ক: এয়া হৈছে কামৰ নমুনা ! মুষলধাৰ নহয়.. কিনকিনীয়া বৰষুণতেই খহিল কোটিটকীয়া মথাউৰি - EMBANKMENT COLLAPSED

নীপকোৱে এৰিলে পানী: লখিমপুৰৰ জলপ্ৰলয়ত এজনৰ মৃত্যু - ASSAM FLOOD 2025

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.