ETV Bharat / state

চাইবাৰ অপৰাধৰ অভিকেন্দ্ৰ মৰিগাঁৱত ধৰা পৰিয়েই আছে অপৰাধী

জালত পৰিল আৰু পাঁচটা ৷ শ্বৰিফুল ইছলামৰ সম্পত্তি বাজেয়াপ্ত কৰাৰ পিছতেই গ্ৰেপ্তাৰ ৷

cyber criminals
ধৃত চাইবাৰ অপৰাধী কেইটা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : June 7, 2025 at 7:52 AM IST

2 Min Read
Choose ETV Bharat

ধিং: মৰিগাঁৱত চাইবাৰ অপৰাধী শ্বৰিফুল ইছলামৰ সম্পত্তি বাজেয়াপ্ত কৰাৰ পিছতে লাহৰিঘাটৰ পৰা আৰক্ষীয়ে পুনৰ গ্ৰেপ্তাৰ কৰে পাঁচটাকৈ চাইবাৰ অপৰাধীক । মৰিগাঁও জিলা আৰক্ষীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক(অপৰাধ) সমীৰণ বৈশ্যৰ নেতৃত্বত মৈৰাবাৰী আৰু লাহৰিঘাট আৰক্ষীৰ যৌথ অভিযানত এই চাইবাৰ অপৰাধী কেইটা জালত পৰে ।

ধৃত পাঁচোটা চাইবাৰ অপৰাধীক বৰ্তমান মৈৰাবাৰী আৰক্ষীয়ে জিম্মাত লৈ সোধাপোছা অব্যাহত ৰাখিছে । মৰিগাঁও আৰক্ষীয়ে পুৱতি নিশা গ্ৰেপ্তাৰ কৰে চাইবাৰ অপৰাধী কেইটাক । ধৃত চাইবাৰ অপৰাধী কেইটা হ'ল ক্ৰমে আন্নাছ আলী (27),আবু আয়ুৱ আনছাৰী (22), আছলাম আহমেদ (29), নুৰ উদ্দিন (22) আৰু আপতাৰুল ইছলাম।

ধৃত চাইবাৰ অপৰাধী কেইটাই ভূৱা পান কাৰ্ড আৰু আধাৰ কাৰ্ড ব্যৱহাৰ কৰি আদিত্য বিৰলা ফাইনেন্স কোম্পানীৰ পৰা বহিঃৰাজ্যৰ লোকৰ নামত অনলাইন ঋণ লৈ লুণ্ঠন কৰিছিল বহু লক্ষাধিক টকা ।

উল্লেখ্য যে বৃহস্পতিবাৰে লাহৰীঘাটৰ বুৱালগুৰিৰ পলাতক চাইবাৰ অপৰাধী শ্বৰিফুল ইছলামৰ কোটিটকীয়া ভূমি সম্পত্তি আদালতৰ নিৰ্দেশ মৰ্মে বাজেয়াপ্ত কৰিছিল মৰিগাঁও জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনে । তাৰ পাছতে নিশা বুৱালগুৰিত চলিছিল চাইবাৰ অপৰাধীৰ বিৰুদ্ধে অভিযান । অৱশ্যে চাইবাৰ অপৰাধীৰ বিৰুদ্ধে অভিযান এতিয়াও অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷

উল্লেখ্য যে চাইবাৰ অপৰাধীৰ বিৰুদ্ধে অলপতে মৰিগাঁও জিলাৰ ন্যায়ালয়ে এক গুৰুত্বপূৰ্ণ ৰায় দিছিল । চাইবাৰ অপৰাধীৰ মাটি আৰু সম্পত্তি বাজেয়াপ্ত কৰাৰ নিৰ্দেশ দিছিল মৰিগাঁৱৰ জিলা সত্ৰ ন্যায়িক দণ্ডাধীশে ৷ আদালতৰ নিৰ্দেশ অনুসৰি ইতিমধ্যে জিলা প্ৰশাসনে বাজেয়াপ্ত কৰিছে শ্বৰিফুল ইছলাম নামৰ দুৰ্ধৰ্ষ চাইবাৰ অপৰাধীটোৰ সম্পত্তি আৰু মাটি ৷

লগতে পঢ়ক: চাইবাৰ অপৰাধ কৰাৰ পূৰ্বে এশবাৰ ভাবক, নহ'লে মৰিগাঁৱৰ চৰিফুলৰ দৰে হ'ব অৱস্থা