ETV Bharat / state

চৰকাৰী নিৰ্দেশ অমান্য; ৫ এ চি এছ বিষয়াক নিলম্বন

সৰোজ কুমাৰ ডেকা, কাব্যশ্ৰী দিহিঙীয়া, কংকনজ্যোতি শইকীয়া, পৰিস্মিতা দিহিঙীয়া আৰু জিণ্টু শৰ্মাক তাৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ নিলম্বনৰ নিৰ্দেশ জাৰি কৰা হৈছে ।

ACS officers Suspended
৫ এ চি এছ বিষয়াক নিলম্বন (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : November 6, 2024 at 3:23 PM IST

3 Min Read
Choose ETV Bharat

গুৱাহাটী : নিৰ্বাচনী নিৰ্দেশ উলংঘা কৰাৰ অভিযোগত ৰাজ্যৰ ৫ গৰাকী এ চি এছ বিষয়াক নিলম্বন কৰা হৈছে । ৰাজ্য চৰকাৰে এক নিৰ্দেশযোগে নিলম্বন কৰে পাঁচগৰাকী এ চি এছ বিষয়াক । তেওঁলোক হৈছে সৰোজ কুমাৰ ডেকা, কাব্যশ্ৰী দিহিঙীয়া, কংকনজ্যোতি শইকীয়া, পৰিস্মিতা দিহিঙীয়া আৰু জিণ্টু শৰ্মা । বদলিৰ নিৰ্দেশ দিয়াৰ পাছতো তেওঁলোকে নতুন কৰ্তব্যস্থলীত যোগদান কৰা নাছিল । যাৰ পৰিপ্ৰেক্ষিতত তেওঁলোকক নিলম্বন কৰা হয় ।

ইয়াৰে ভিতৰত জোনাইৰ সহকাৰী আয়ুক্ত জিণ্টু শৰ্মাক মাজুলীৰ নিৰ্বাচন বিষয়া হিচাপে বদলি কৰা হৈছিল । ২৫ ছেপ্টেম্বৰত এক নিৰ্দেশযোগে তেওঁক বদলি কৰা হৈছিল । কিন্তু তেওঁ যোগদান কৰা নাছিল । ইয়াৰ পিচত ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়াই ১ অক্টোবৰত পত্রযোগে সংশ্লিষ্ট কৰ্তৃপক্ষক অৱগত কৰে যে জিণ্টু শৰ্মাই মাজুলীৰ নিৰ্বাচনী বিষয়া হিচাপে যোগদান কৰিবলৈ অস্বীকাৰ কৰিছিল । যাৰ দ্বাৰা তেওঁ কৰ্তৃপক্ষৰ আদেশ অমান্য কৰাৰ লগতে ৰাজহুৱা স্বাৰ্থত কাম কৰাৰ পৰা বিৰত আছিল ।

আনহাতে, জিণ্টু শৰ্মাই ২৭ ছেপ্টেম্বৰত মুখ্য নিৰ্বাচনী বিষয়ালৈ পত্র প্ৰেৰণ কৰি ব্যক্তিগত কাৰণ উল্লেখ কৰি নতুন স্থানত যোগদান কৰিবলৈ অনিচ্ছা প্ৰকাশ কৰাৰ লগতে তেওঁৰ মকৰলৰ স্থান গুৱাহাটীৰ ওচৰলৈ স্থানান্তৰ কৰাৰ বাবে অনুৰোধ জনায় । ইয়াৰ দ্বাৰা জোনাইৰ সহকাৰী আয়ুক্ত জিণ্টু শৰ্মাই চৰকাৰী নিৰ্দেশনা উলংঘা কৰা বুলি ৰাজ্য চৰকাৰে জাৰি কৰা জাননীত উল্লেখ কৰা হয় ।

উল্লেখ্য, বদলিৰ ক্ষেত্রত নিৰ্দেশনা লাভ কৰাৰ এসপ্তাহৰ ভিতৰত চাকৰিত যোগদান কৰাটো চৰকাৰী নিয়ম । কিন্তু সেই নিয়ম উলংঘা কৰাৰ বাবে এ চি এছ বিষয়া জিণ্টু শৰ্মাক তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ চৰকাৰে চাকৰিৰ পৰা নিলম্বন কৰিছে । অসম সেৱা (অনুশাসন আৰু আপীল) নিয়ম, 1964-ৰ নিয়ম 6(1)ৰ অধীনত জিণ্টু শৰ্মাক তাৎক্ষণিকভাৱে নিলম্বন কৰা হৈছে ।

আনহাতে, তিনিচুকীয়াৰ নিৰ্বাচনী বিষয়া কংকনজ্যোতি শইকীয়াক ২৫ ছেপ্টেম্বৰত বৰপেটাৰ নিৰ্বাচনী বিষয়া হিচাপে বদলি কৰা হৈছিল । কিন্তু কংকনজ্যোতি শইকীয়াই সেই বদলি গ্ৰহণ নকৰি মুখ্য নিৰ্বাচনী বিষয়ালৈ ২৭ ছেপ্টেম্বৰত পত্রযোগে নিৰ্বাচনী বিভাগৰ পৰা ৰিলিজ কৰি দিয়াৰ অনুৰোধ জনায় । ইয়াৰ দ্বাৰা কংকনজ্যোতি শইকীয়াই কৰ্তৃপক্ষৰ আদেশ অমান্য কৰাৰ লগতে ৰাজহুৱা স্বাৰ্থত কাম কৰাৰ পৰা বিৰত থাকে । চৰকাৰী নিয়ম উলংঘা কৰাৰ বাবে তেওঁকো নিলম্বন কৰা হয়।

সেইদৰে বোকাখাতৰ নিৰ্বাচনী বিষয়াৰ দায়িত্বত থকা পৰিস্মিতা দিহিঙীয়াকো ২৫ ছেপ্টেম্বৰত শিৱসাগৰৰ নিৰ্বাচনী বিষয়া হিচাপে বদলি কৰা হৈছিল । কিন্তু পৰিস্মিতা দিহিঙীয়াই সেই বদলি গ্ৰহণ নকৰি নিৰ্বাচনী বিভাগৰ পৰা ৰিলিজ কৰি দিয়াৰ বাবে অনুৰোধ জনাইছিল । চৰকাৰী নিৰ্দেশনা অমান্য কৰাৰ বাবে অসম সেৱা (অনুশাসন আৰু আপীল) নিয়ম, 1964-ৰ নিয়ম 6(1)ৰ অধীনত পৰিস্মিতা দিহিঙীয়াকো তাৎক্ষণিকভাৱে নিলম্বন কৰা হৈছে ।

আনহাতে, বাক্সাৰ নিৰ্বাচনী বিষয়াৰ দায়িত্বত থকা কাব্যশ্ৰী দিহিঙীয়াকো ২৫ ছেপ্টেম্বৰত ডিমা হাচাওৰ নিৰ্বাচনী বিষয়া হিচাপে বদলি কৰা হৈছিল । কিন্তু কাব্যশ্ৰী দিহিঙীয়াই সেই বদলিৰ নিৰ্দেশ গ্ৰহণ কৰাৰ বিপৰীতে বদলি বাতিল কৰাৰ বাবে আবেদন জনাইছিল । চৰকাৰী নিৰ্দেশনা অমান্য কৰাৰ বাবে কাব্যশ্ৰী দিহিঙীয়াকো চাকৰিৰ পৰা নিলম্বন কৰা হয় ।

আনহাতে, পৰ্বতঝৰাৰ সহকাৰী আয়ুক্ত সৰোজ কুমাৰ ডেকাকো বদলিৰ নিৰ্দেশ অমান্য কৰাৰ অভিযোগত তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ নিলম্বন কৰা হৈছে ।

লগতে পঢ়ক :আকৌ বিতৰ্কত ডি চি বৰ্ণালী ডেকা; চি জে এম আদালতে দিলে গোচৰ দাখিলৰ নিৰ্দেশ
লগতে পঢ়ক :কোনে প্ৰকাশ কৰিলে সভাপতিৰ তালিকা ? একো গমেই নাপায় সাহিত্য সভাৰ সভাপতিয়ে !