বিশ্বনাথ: ব্ৰহ্মপুত্ৰৰ মাছমৰীয়াৰ জীৱনলৈ নামি আহিছে সংকট । বিশেষকৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ব্ৰহ্মপুত্ৰ নদীত যুগ যুগ ধৰি মৎস্য চিকাৰ কৰি অহা পৰিয়ালকেইটাৰ জীৱিকাৰ ক্ষেত্ৰখনলৈ চৰম ভাবুকি কঢ়িয়াই আনিছে বন বিভাগে ।
উল্লেখ্য যে শোণিতপুৰ আৰু বিশ্বনাথ জিলাৰ প্ৰায় ৫০ খন গাঁৱৰ ১৫ হাজাৰৰো অধিক মৎস্যজীৱি পৰিয়ালে উত্তৰ পাৰৰ জলাশয়-নদীত যুগ যুগ ধৰি পৰম্পৰাগতভাৱে মাছ মাৰি জীৱিকা নিৰ্বাহ কৰি আহিছে । পূৰ্বপুৰুষৰ দিনৰে পৰাই বিশ্বনাথ জিলাৰ বিশ্বনাথ ঘাট, কাঠনিবাৰী, ৰাংছালী, দলনী, জামুগুৰিহাটৰ উত্তৰ অঞ্চল, গমিৰি ঘাট, বাঘমাৰী আদি অঞ্চলৰ নৈপৰীয়া লোকসকলৰ একমাত্ৰ জীৱিকাৰ পথ ব্ৰহ্মপুত্ৰ নদীখন ।
সন্তানক শিক্ষা-দীক্ষা দিয়া, চিকিৎসা আনকি পাকঘৰৰ জুশাললৈকে একমাত্ৰ উৎস ব্ৰহ্মপুত্ৰ নদীখনৰ উত্তৰ পাৰৰ জলাশয়সমূহ । কিন্তু দুৰ্ভাগ্যজনক কথাটো হ'ল প্ৰকৃতিৰ যিদৰে পৰিৱৰ্তন হয় সেইদৰে এই নৈপৰীয়া মৎস্যজীৱি পৰিয়ালসমূহলৈও যেন এতিয়া পৰিৱৰ্তন আহিছে ! কাৰণ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰিসৰ বৃদ্ধি হোৱাৰ লগে লগে মৎস্যজীৱি পৰিয়াললৈ নামি আহিছে সংকট ।
বন্যপ্ৰাণী সুৰক্ষা আইন ১৯৭২ ৰ ধাৰা ৩৫ৰ অধীনত অসম চৰকাৰে ভূমিৰ এক নিৰ্দিষ্ট এলেকা সামৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত দশম সংযোজন কৰাত নিৰ্দিষ্ট সীমাৰ ভিতৰত এতিয়া মৎস্যজীৱিসকলে মৎস্য চিকাৰ কৰিব লগা হৈছে । বিশেষকৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ আৰু দশম সংযোজন হোৱাত উত্তৰ অসমৰ বিশ্বনাথ জিলা আৰু শোণিতপুৰ জিলাৰ ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰপাৰৰ প্ৰায় ১৫ হাজাৰ মৎস্যজীৱি পৰিয়ালৰ এতিয়া পানীত হাঁহ নচৰা অৱস্থা হৈছে ।
উল্লেখ্য যে অসমৰ উত্তৰ পাৰৰ ব্ৰহ্মপুত্ৰৰ দাঁতিকাষৰীয়া অঞ্চলত বসবাস কৰা বিভিন্ন সম্প্ৰদায়ৰ লোক মাছ ধৰা তথা চিকাৰত জড়িত । কেইটামান খিলঞ্জীয়া জনগোষ্ঠীয়ে মৎস্য চিকাৰ কৰি, মাছ ধৰা সঁজুলি আদি বিক্ৰী কৰিও দুপইচা লাভ কৰিছিল যদিও এতিয়া যেন সেয়া সপোন সপোন লগা হ'ল ।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰিসৰ বৃদ্ধি হোৱাত মাছমৰীয়াসকলৰ জীৱনলৈ যেন গভীৰ সংকট আহি পৰিছে । নদীত পৰম্পৰাগতভাৱে মৎস্য চিকাৰ কৰা পৰিয়ালসকলৰ চৌকাত কেতিয়াবা জুই নজ্বলা অৱস্থা হয় বুলি উল্লেখ কৰে এজন মৎস্য ব্যৱসায়ী কোষেশ্বৰ দাসে ।
কোষেশ্বৰ দাসে ই টিভি ভাৰতৰ আগত কয়, "ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰৰ প্ৰায় ১৫ হাজাৰ লোকৰ জীৱিকাৰ একমাত্ৰ পথ ব্ৰহ্মপুত্ৰ নদীখন । এই ব্ৰহ্মপুত্ৰ নদীখনতে ৰজাদিনৰে পৰাই আমাৰ পূৰ্বপুৰুষসকলে মাছ মাৰি কোনোমতে পৰিয়াল পোহপাল দি চলি আহিছিল ।

সেই অনুসৰি আমি এই নদীতে খেলি, মাছ ধৰি ডাঙৰ হ’লো, মাছ মাৰি আমি পৰিয়াল চলাই আহিছো ৷ কিন্তু দুৰ্ভাগ্যজনক কথাটো হ'ল- এতিয়া সেই সপোনৰ নদীখনত ইচ্ছা অনুসৰি মাছ ধৰিব নোৱাৰি ৷ কাৰণ এতিয়া বহু বাধা আহিল । যেতিয়াৰে পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনৰ উত্তৰ পাৰৰ দশম ষষ্ঠ সংযোজন হ'ল তেতিয়াৰ পৰাই ব্ৰহ্মপুত্ৰ নদীত মাছ ধৰাত বহু সমস্যা, নীতি-নিয়ম আহিল ৷"
"পূৰ্বে নদীখনত সম্পূৰ্ণৰূপে মাছ ধৰাৰ সুবিধা আছিল যদিও এতিয়া সেই সুবিধা বা মাছ ধৰা যেন এক সপোন যেন হৈছে । বিশেষকৈ আমাৰ উত্তৰ অসমৰ বিশ্বনাথ জিলা শোণিতপুৰৰ অন্তৰ্গত গমিৰি ঘাট, বিশ্বনাথ ঘাট, কাঠনিবাৰী আদি অঞ্চলসমূহত বৃটিছৰ দিনৰ পৰাই মাছ ধৰাৰ সুবিধা আছিল ।" তেওঁ কয় ৷

"সেই অনুসৰি তেতিয়াৰে পৰাই এই দাঁতিকাষৰীয়া অঞ্চলৰ লোকসকলৰ জীৱিকাৰ একমাত্ৰ উৎস আছিল মৎস্য চিকাৰ ৷ কিন্তু সেয়া যেন ২০২১ চনৰ পৰা বন্ধ হৈ পৰিল । কাৰণ ২০২১ চনৰ পৰা ব্ৰহ্মপুত্ৰ নদীখনৰ উত্তৰ অংশ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত দশম সংযোজন হ'ল । এইক্ষেত্ৰত এতিয়া মৎস্যজীৱি পৰিয়ালসমূহৰ বহু অসুবিধা সৃষ্টি হৈছে ।" দাসে কয় ৷
শেহতীয়াকৈ বন বিভাগে একাংশ মাছমৰীয়াক ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ কাষত মাছ ধৰাৰ অনুমতি দিছে যদিও সেয়া দিনৰ ভাগতহে দিছে । কিন্তু সেৱা পৰ্যাপ্ত নহয় বুলি এজন মৎস্যজীৱি পৰিয়ালৰ লোকে মত প্ৰকাশ কৰে ।
"বিশেষকৈ ব্ৰহ্মপুত্ৰ নদীখন বিশাল সেই হেতুকে ব্ৰহ্মপুত্ৰ নদীৰ মাছসমূহ দিনৰ ভাগত নদীৰ মাজত থাকে ৷ যাৰ ফলত দিনৰ দিনটো মাছমৰীয়াই মাছ মাৰিলেও উপযুক্ত পৰিমাণৰ মাছ নাপায় ৷ কাৰণ মাছসমূহ নিশাৰ ভাগতহে নদীত দেখা যায় , দিনৰ ভাগত দেখা নাযায় ৷ যাৰ ফলত মাছমৰীয়া লোকে মাছ ধৰিব নোৱাৰে । যদিহে বন বিভাগে নিশাৰ ভাগত কিছু সময় ব্ৰহ্মপুত্ৰ নদীখনত মাছ ধৰিবলৈ সুবিধা কৰি দিয়ে নিশ্চয় মাছমৰীয়া পৰিয়ালৰ বাবে কিছু সকাহ হ'ব ৷" কোষেশ্বৰ দাসে কয় ।