নগাঁৱৰ মৎস্য ব্যৱসায়ীক চেলেঞ্জ উজনি অসমৰ ব্যৱসায়ীৰ - Fish Supply to Upper Assam
Assam fish row: নগাঁৱৰ পৰা উজনি অসমলৈ মাছৰ ৰপ্তানি ন'হলেও কোনো প্ৰভাৱ পৰা নাই উজনিৰ জিলাসমূহত । অধিক উৎফুল্লিত হৈ পৰিছে থলুৱা মৎস্য ব্যৱসায়ীসকল । নগাঁৱৰ পৰা অহা মাছে থলুৱা ব্যৱসায়ীসকলক মাধমাৰ শোধাই আহিছিল বুলি উল্লেখ কৰে কেইবাজনো মৎস্য ব্যৱসায়ীয়ে ।

Published : August 28, 2024 at 6:18 PM IST
যোৰহাট,২৮ আগষ্ট: নগাঁও মৎস্য ব্যৱসায়ী সন্থাই অনিৰ্দ্দিষ্ট কালৰ বাবে নগাঁৱত উৎপাদিত মাছ উজনি অসমলৈ বন্ধ কৰা হৈছে বুলি কৰা এক ঘোষণাৰ লগে লগে সমগ্ৰ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । লগতে বিষয়টো অসম বিধানসভাৰ মজিয়াতো চৰ্চিত হৈছে । আনহাতে নগাঁৱৰ পৰা উজনি অসমলৈ মাছ নহা আজি দুটা দিন হ'ল । কিন্ত তাৰ পিছতো কোনো প্ৰভাৱ পৰা পৰিলক্ষিত হোৱা নাই যোৰহাটকে আদি কৰি উজনি অসমৰ প্ৰায়বোৰ জিলাত ।
নগাঁৱৰ পৰা যোৰহাট তথা উজনি অসমলৈ মাছ নহা বাবে অধিক উৎফুল্লিত হৈ পৰিছে থলুৱা মৎস্য ব্যৱসায়ীসকল আৰু নগাঁৱৰ পৰা যিসমূহ মাছ আহে সেইসমূহ মাছত বিষাক্ত পদাৰ্থ মিহলি হৈ থকাৰো তেওঁলোকে সন্দেহ কৰে । লগতে তেওঁলোকে কয় যে নগাঁও পৰা অহা মাছে থলুৱা ব্যৱসায়ীসকলক মাধমাৰ শোধাই আহিছিল । ফলত তেওঁলোকে মাছৰ উচিত দাম পাবলৈ সক্ষম হোৱা নাছিল ।
আনহাতে আন এগৰাকী ব্যৱসায়ীয়ে কয় যে উজনিৰ পৰা মিঞা খেদা বিষয়ক লৈ তেওঁলোকে যি সিদ্ধান্ত গ্ৰহণ কৰিছে সেই সিদ্ধান্তই কাকো ক্ষতিগ্ৰস্ত কৰিব পৰা নাই বৰঞ্চ সকলোৰে লাভহে হৈছে । তেওঁলোকে মাছ নিদিলেও উজনিৰ মৎস্য ব্যৱসায়ীসকলে সকলোৰে চাহিদা পূৰণ কৰিব পাৰিব । প্ৰয়োজন হ'লে কণ্যকা পামৰ পৰা মাছ আমদানি কৰিব, তথাপিও নগাঁৱৰ পৰা মাছ নানে বুলি মন্তব্য কৰে ।
নগাঁৱৰ মৎস্য ব্যৱসায়ী সন্থাই উজনি অসমলৈ মাছৰ ৰপ্তানি বন্ধ কৰা পিছতেই উজনি অসমৰ বজাৰসমূহ থলুৱা মাছ আৰু বহিঃৰাজ্যৰ মাছেৰে উভৈনদী হৈ পৰিছে । কোনোধৰণৰ অসুবিধা হোৱা নাই গ্ৰাহকৰ মাজত ৷ কাৰণ কোনো মাছতেই দাম বৃদ্ধি হোৱা নাই এই পৰ্যন্ত ।

