উজনিৰ ৰাইজক কেনেকৈ মাছ খুৱাব মীন মন্ত্ৰীয়ে ? - Miya controversy
Assam fish row: মৎস্য ব্যৱসায়ী সন্থাই হুংকাৰ দিলেই বন্ধ হৈ নাযায় উজনি অসমলৈ মাছৰ যোগান ৷ যিকোনো প্ৰকাৰে উজনিলৈ মাছ পঠিওৱা হ’বই ৷ উজনি অসমবাসীক এই আশ্বাস মন্ত্ৰী কেশৱ মহন্তৰ ৷

Published : August 28, 2024 at 3:50 PM IST
গুৱাহাটী, ২৮ আগষ্ট: ‘‘উজনি অসমলৈ মাছ ৰপ্তানি বন্ধ নহয় । তাৰ বাবে অসম চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে । যিসকলে উজনি অসমলৈ মাছ ৰপ্তানিত বাধা দিয়ে তাৰ বিৰুদ্ধে অসম চৰকাৰে আইনগত ব্যৱস্থা গ্ৰহণ কৰিব ।’’ এই গুৰুত্বপূৰ্ণ মন্তব্য ৰাজ্যৰ মীন বিভাগৰ মন্ত্ৰী কেশৱ মহন্তৰ । নামনি আৰু মধ্য অসমৰ একাংশ সংখ্যালঘু মাছ ব্যৱসায়ী তথা মাছ ব্যৱসায়ী সন্থাই উজনি অসমলৈ মাছ ৰপ্তানি বন্ধ কৰাৰ হুংকাৰ দিয়াৰ সময়তে মন্ত্ৰী কেশৱ মহন্তৰ এই মন্তব্যই বিশেষ তাৎপৰ্য বহন কৰিছে ।
বিধানসভাৰ বাহিৰত বুধবাৰে সাংবাদিকক সম্বোধন কৰি তেওঁ কয়, ‘‘মই উজনিৰ আমাৰ সতীৰ্থ ৰাইজক জনাব বিচাৰো যে আমি উজনিলৈ মাছ পঠোৱাৰ ব্যৱস্থা কৰিম । কোনো কাৰণতে মাছ পঠিওৱা বন্ধ নহয় ৷ ন্যস্ত স্বাৰ্থ জড়িত ব্যক্তিৰ বিৰুদ্ধে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা হ’ব ৷ উজনিৰ মানুহে মাছ গ্ৰহণ কৰে বা নকৰে সেয়া তেওঁলোকৰ কথা ।’’ ইফালে কালি সদনত এই প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কৈছিল যে মিঞাই উজনি অসমলৈ মাছ ৰপ্তানি বন্ধ কৰিলে অন্ধৰ পৰা মাছ অনা হ’ব । কিন্তু উজনি অসমলৈ নামনিৰ মিঞা যাব নালাগে ।
উল্লেখ্য যে বীৰ লাচিত সেনা আৰু অসম জাতীয় সংগ্ৰাম সেনাৰ নেতৃত্বত একাংশ সংগঠনে উজনি অসমৰ পৰা ‘মিঞা হাটাও’ অভিযানত নামি পৰাত জাঙুৰ খাই উঠিছে মধ্য অসমৰ বিভিন্ন সংখ্যালঘু দল-সংগঠন । একাংশ মীনপালক সংস্থাৰ নেতাই বীৰ লাচিত সেনা, শৃংখল চলিহা আৰু বিতু সোণোৱালৰ বিৰুদ্ধে সংবাদ মাধ্যমৰ আগত তীব্ৰ বিষোদগাৰ প্ৰকাশ কৰিছিল ।
তেওঁলোকে কৈছিল যে এই ব্যৱসায়টোত কেৱল সংখ্যালঘু লোকহে জড়িত । যিহেতু উজনি অসমত শৃংখল চলিহাৰ নেতৃত্বত একাংশ লোকে বিশেষকৈ শ্ৰমিক হিচাপে কাম কৰিবলৈ যোৱা সংখ্যালঘু লোকৰ ওপৰত বিভিন্ন ধৰণে নির্যাতন আৰম্ভ কৰিছে, দুখীয়া-নিচলা কাম কৰি খোৱা মানুহবোৰক তাৰ পৰা খেদি পঠাব খুজিছে, গতিকে অনিৰ্দিষ্টকালৰ বাবে উজনি অসমলৈ মাছ ৰপ্তানি বন্ধ ৰখা হৈছে ।

